নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ শিশুসহ ১২ ৰোগী GMCH-ত চিকিৎসাধীন

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ৷ ৰাজ্যখনৰ মৰিগাঁও, ডিমা হাছাও, গোলাঘাট, কার্বি আংলং আদি জিলাত ভয়াৱহ ৰূপত এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷

জিলাকেইখনত এনকেফেলাইটিছ ৰোগত আক্রান্ত ৰোগীসকলক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰি চিকিৎসা প্রদান কৰা হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি চিকিৎসা মহাবিদ্যালয়খনৰ আইচিইউত এইপর্যন্ত ১২জন ৰোগী চিকিৎসাধীন হৈ আছে৷

ইয়াৰে ৫টা শিশু৷ আক্রান্তসকলৰ শিশুকেইটাক মেটাৰনেল চাইল্ড হাস্পতালত আইচিইউত চিকিৎসা কৰাৰ বিপৰীতে বাকীসকলক এনকেফেলাইটিছ ৰোগৰ বাবে সংৰক্ষিত আইচিইউত ৰাখি চিকিৎসা কৰা হৈছে৷

অধীক্ষক ডাঃ চৌধুৰীয়ে প্রকাশ কৰা মতে সৰহসংখ্যক ৰোগীয়েই মৰিগাঁও জিলাৰ৷ গোলাঘাট, ডিমা হাছাও তথা পাহাৰীয়া জিলাকেইখনৰ পৰাও অধিক ৰোগী চিকিৎসালয়ত ভর্তি হৈছে৷ আক্রান্ত শিশুকেইটাৰ সৰহসংখ্যক মৰিগাঁও আৰু গোলাঘাটৰ৷

এনকেফেলাইটিছ ৰোগৰ পৰা পৰিত্রাণ কেনেদৰে পাব পাৰি, সেই সন্দর্ভতো পৰামর্শ আগবঢ়ায় ডাঃ চৌধুৰীয়ে৷ জনসাধাৰণক আঁঠুৱাৰ ব্যৱহাৰ কৰিবলৈ, মহৰ জন্ম নহ’বৰ কাৰণে পানী জমা নাৰাখিবলৈকো আহ্বান জনায় বিশিষ্ট চিকিৎসক তথা অধীক্ষকগৰাকীয়ে৷

অধীক্ষকগৰাকীয়ে জনায় যে এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ ইতিমধ্যে এজন লোকৰ মৃত্যু ঘটিছে৷ তথ্য অনুসৰি চলিত গ্রীষ্মকালীন ঋতুত ৰাজ্যখনত ৫৭গৰাকীৰো অধিক লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈছে আৰু ইয়াৰে ১৩গৰাকী লোকৰ মৃত্যু ঘটিছে৷

ডিজিটেল ডেস্ক, ৯ জুন

You might also like