সম্পাদকীয় : অৰুণোদয়ৰ সফলতা
অসমৰ ৪০ লাখ মহিলাক মাহিলি ১,২৫০ টকাকৈ সাহায্য প্রদান কৰা অৰুণোদয় আঁচনিখন এতিয়া নাৰী সবলীকৰণৰ অমল উৎসত পৰিণত হৈছে৷ ৰাজ্যখনৰ আর্থিক অনাটনত ভোগা পৰিয়াল আৰু নাৰী সবলীকৰণৰ লক্ষ্যৰে ২০১৯ চনতে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ জৰিয়তে গ্রাম্য অর্থনীতিৰ বুনিয়াদ কিদৰে শক্তিশালী হৈছে সেয়া আগন্তুক লোকপিয়লত প্রতিফলন হোৱাৰ সম্ভাৱনা আছে৷ অহা দুই আগষ্টৰ পৰা আৰম্ভ হ’ব লগা লোকপিয়লৰ প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷ ৰাজ্য চৰকাৰে প্রায় ৮৫ হাজাৰ বিষয়া–কর্মচাৰীক লোকপিয়ল প্রস্তুতৰ বাবে প্রয়োজনীয় প্রশিক্ষণ প্রদানৰ ব্যৱস্থা কৰিছে৷ অহা ১৭ আগষ্টৰ পৰা লোকপিয়লৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীসকলে ঘৰে ঘৰে গৈ ৩০বিধ বিষয়ৰ তথ্য আহৰণ কৰিব৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ গ্রামাঞ্চলত বাস কৰা পৰিয়াল আৰু মহিলাসকলৰ আর্থিক অৱস্থাৰ দিশটো প্রতিফলন হ’ব৷ অৰুণোদয় এতিয়া এনে এখন আঁচনি, যিখন আঁচনিয়ে দেশজুৰি চর্চিত হোৱাই নহয়, ইয়াৰ অনুকৰণত দেশৰ আগশাৰীৰ ৰাজ্যসমূহেও আঁচনি গ্রহণ কৰিছে৷ ঘাইকৈ গ্রামাঞ্চলৰ মহিলাসকলক সকাহ দিয়াৰ লক্ষ্যৰে ২০১৯ চনত আৰম্ভ কৰা আঁচনিখনৰ অধীনত বছৰি ৫,৬০৪ কোটি টকা ব্যয় কৰা হয়৷ প্রথম অৱস্থাত এই আঁচনিখনক নির্বাচনমুখী আঁচনিৰূপে অভিহিত কৰি বিৰোধী ৰাজনৈতিক দলসমূহে চৰকাৰক সমালোচনা কৰিছিল৷ ৰাজ্যৰ বিত্ত বিভাগৰ মন্ত্রী হৈ থাকোঁতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ অধীনত ৰাজ্যখনৰ ১৮ লাখ মহিলাক সামৰি লৈছিল৷ অৰুণোদয়–১.০ আঁচনিৰ জৰিয়তে প্রতিগৰাকী মহিলাক মাহিলি ৮৩০ টকাকৈ প্রদান কৰা হৈছিল৷ মুখ্যমন্ত্রীৰূপে দায়িত্ব গ্রহণ কৰাৰ পাছত ২০২১ৰ অক্টোবৰৰ পৰা অৰুণোদয়–২.০ আঁচনিখন আৰম্ভ হয় আৰু মাহিলি সাহায্যৰ পৰিমাণ ১,০০০ টকালৈ বৃদ্ধি কৰা হয়৷ পৰৱর্তী সময়ত অৰুণোদয়ৰ মাহিলি সাহায্য ১,২৫০ টকালৈ বৃদ্ধি কৰা হয়৷ ২০২৫ৰ অক্টোবৰত অৰুণোদয়–৩.০ আঁচনিৰ অধীনত ৰাজ্যৰ ৪০ লাখ মহিলাক মহিলি সাহায্য প্রদানেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ একে সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিন উপলক্ষে অৰুণোদয় প্লাছ নামৰ এখন পাইলট আঁচনিৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ ক্রয় কৰা হিতাধিকাৰীক অতিৰিক্তভাৱে ২৫০ টকা প্রদান কৰিছিল৷ অৰুণোদয় আঁচনিক লৈ একাংশ বিৰোধী নেতা আৰু বিশেষ ব্যক্তিয়ে তুচ্ছ–তাচ্ছিল্য কৰিলেও দুখীয়া পৰিয়াল এটাৰ মুৰব্বী মহিলাগৰাকীৰ বাবে মাহিলি ১,২৫০ টকীয়া সাহায্যই যথেষ্ট সকাহ দিয়ে৷ গ্রামাঞ্চল আৰু চহৰ অঞ্চলৰ ক্ষুদ্র ব্যৱসায়ী, দিন মজুৰি, ক্ষুদ্র খেতিয়ক আদি পৰিয়ালৰ বাবে অৰুণোদয় এতিয়া নাৰী সবলীকৰণৰ অমল উৎসত পৰিণত হৈছে৷
নাৰী সবলীকৰণৰ লক্ষ্যৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ অন্যতম বৃহৎ সাফল্য প্রতিফলন হৈছে ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যত৷ সমীক্ষা অনুসৰি অৰুণোদয় আঁচনি ৰূপায়ণৰ পিছত অসমত ঘৰুৱা হিংসা ১৬ শতাংশ হ্রাস হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ প্রতিবেদনত সন্তুষ্টি ব্যক্ত কৰিছে৷ গ্রাম্য অর্থনীতি টনকিয়াল কৰিবলৈ হ’লে আমি কর্মমুখী যাত্রা আৰম্ভ কৰিবই লাগিব৷ সততা আৰু একাগ্রতাৰে প্রতিজন নাগৰিকে কর্মমুখী যাত্রাত চামিল হ’লেহে প্রত্যাশিত সাফল্য লাভ কৰিব পাৰি৷ গ্রামাঞ্চলৰ অর্থনৈতিক বুনিয়াদ শক্তিশালীকৰণৰ ক্ষেত্রত দুই দশক পূর্বে প্রধান বাধাৰূপে দেখা দিছিল গ্রামাঞ্চলৰ আন্তঃগাঁথনি৷ বিগত এটা দশকত ৰাজ্যখনৰ গ্রাম্যাঞ্চলসমূহৰ ৰাস্তা–ঘাট, দলং আদিকে ধৰি যোগাযোগৰ ক্ষেত্রত বৈপ্লৱিক পৰিৱর্তন হৈছে৷ গ্রামাঞ্চলৰ লোকসকলৰ জীৱন নির্বাহৰ মান উন্নত হৈছে৷ আধুনিক কৃষি ব্যৱস্থাপনাৰ বাবে কৃষিজাত সামগ্রীৰ উৎপাদন বৃদ্ধি হৈছে৷ এনে অৱস্থাত অৰুণোদয় আঁচনিৰ গুৰুত্ব অধিক হৈছে৷ অৰুণোদয়ৰ অধীনত মহিলাসকলক মাহিলি সাহায্য তিনি হাজাৰ টকালৈ বৃদ্ধি কৰাৰ চর্চা চলিছে৷ যিহেতু ৰাজকোষৰ পুঁজি অৰুণোদয়ৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউণ্টত সোমায়, সেয়ে এই পুঁজি মহিলা হিতাধিকাৰীসকলে সঠিক ব্যৱহাৰ কৰিবই৷ বিশেষকৈ গ্রামাঞ্চলত পৰম্পৰাগতভাৱে চলি থকা হাঁহ, কুকুৰা, পাৰ, গৰু–ছাগলী আদিৰ উৎপাদন বৃদ্ধিৰ যথেষ্ট সুযোগ আছে৷ ৰাজ্যখনত কণী, গাখীৰ, পনিৰ, মাছ–মাংসৰ উৎপাদন বৃদ্ধি হৈছে যদিও এতিয়াও চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই৷ গ্রামাঞ্চলৰ মহিলাসকলক ঘৰুৱা পৰিৱেশত বাণিজ্যিক মানসিকতাৰে উদ্বুদ্ধ কৰাৰ যথেষ্ট থল আছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰেও সংশ্লিষ্ট বিভাগসমূহক জড়িত কৰি নিয়মীয়া প্রশিক্ষণ আৰু সাহায্যৰ ব্যৱস্থা কৰা উচিত৷ আমাৰ পথাৰ, আমাৰ বজাৰ প্রকৃতার্থত ৰূপায়ণ হ’লেহে ৰাজ্যৰ গ্রাম্য অর্থনীতিয়ে ঊর্ধ্বমুখী গতি লাভ কৰিব৷ বিত্তীয় সচ্ছলতাই ঘৰুৱা হিংসা হ্রাস কৰে৷ সেয়া অৰুণোদয় আঁচনিয়ে ইতিমধ্যে প্রমাণ কৰিছে৷ এনে আঁচনিৰ সফলতাৰ বাবেই ৰাজ্যখনৰ সদ্যসমাপ্ত নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ ঐক্যবদ্ধ জনাদেশৰ ক্ষেত্রত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলো বিশেষ অংশীদাৰ হৈছে৷