গুৱাহাটীত দিন দুপৰতে ঘৰৰ ভিতৰত কিশোৰীক নৃশংস হত্যা
উজান বজাৰৰ জনাকীর্ণ ৱার্ড ষ্ট্রীটত লোমহর্ষক কাণ্ড
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ উজান বজাৰৰ জনাকীর্ণ ৱার্ড ষ্ট্রীটত এগৰাকী ১৩ বছৰীয়া কিশোৰীক নৃশংসভাৱে হত্যা কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ দিন–দুপৰতে ঘৰত কোনো নথকাৰ সুযোগ লৈ উজাৰ বজাৰৰ ৱার্ড ষ্ট্রীটস্থিত ভাৰাঘৰটোত ডিম্পল কুমাৱট নামৰ অষ্টম শ্রেণীৰ ছাত্রীগৰাকীক দুর্বৃত্তই অতি নৃশংসতাৰে হত্যা কৰে৷ দুর্বৃত্তই ডিম্পলক ছুৰীৰে পিঠিত আঘাত কৰাৰ লগতে প্রেছাৰ কুকাৰ আৰু শিলৰ পটাগুটিৰে মূৰত কোবাই হত্যা কৰিছিল বুলি প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জানিবলৈ দিছে৷
উজান বজাৰৰ ৱার্ড ষ্ট্রীটত পিতৃ অশোক কুমাৱট আৰু মাতৃ অঞ্জলি দাসে একমাত্র জীয়ৰী ডিম্পল (ফুচকি)ৰ সৈতে জনৈক শর্মাৰ বাসগৃহত ভাৰাতীয়া হিচাপে আছিল৷ উজান বজাৰত ফাষ্ট ফুডৰ দোকান দি পৰিয়াল পোহপাল দি অহা পিতৃ–মাতৃয়ে পূর্বৰ দৰে আজিও পুৱা ৯ বজাতে ব্যৱসায়িক প্রতিষ্ঠানলৈ ওলাই যায়৷ হেদায়ৎপুৰৰ এঞ্জেল অফ গড্ স্কুলৰ অষ্টম শ্রেণীত অধ্যয়নৰত ডিম্পলে অনলাইন ক্লাছ থকাৰ বাবে ঘৰত অকলে আছিল৷ দিনৰ প্রায় ১১.১৫ বজাত ডিম্পলৰ খবৰ ল’বলৈ ওচৰতে থকা জেঠায়েক আহে৷ ঘৰৰ ভিতৰত সোমায়ে তেজে তুমৰলি হৈ বিছনাত পৰি থকা অৱস্থাত ডিম্পলৰ মৃতদেহ প্রত্যক্ষ কৰি জেঠায়েকে চিঞৰ–বাখৰ কৰে৷ জেঠায়েকৰ চিঞৰ শুনি ওচৰে–পাঁজৰে থকা লোকসকল ওলাই আহি ডিম্পলক বিছনাত তল মূৰ কৰি পৰি থকা অৱস্থাত প্রত্যক্ষ কৰে৷ স্থানীয় লোকে লগে লগে লতাশিল আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে৷
ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ ইয়াৰ পাছতে আৰক্ষী আয়ুক্ত হৰমিত সিং, মধ্য আৰক্ষী জিলাৰ ডি চি পি ৰাজবীৰ সিং, অপৰাধ শাখা, চি আই ডি, ফৰেনছিকৰ দল উপস্থিত হৈ হত্যাকাণ্ড সংঘটিত হোৱা কোঠাটোত তন্ন তন্নকৈ পৰীক্ষা কৰি তেজৰ নমুনা সংগ্রহ কৰে৷ আৰক্ষীয়ে দুর্বৃত্তই হত্যাকাণ্ডত ব্যৱহাৰ হোৱা পটাগুটি, প্রেচাৰ কুকাৰকে ধৰি অন্যান্য সামগ্রী জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ স্নিফাৰ ডগৰ সহায়তো আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি অভিযান চলাইছিল৷ কি কাৰণে দুর্বৃত্তই ১৩ বছৰীয়া কিশোৰীগৰাকীক হত্যা কৰিলে, সেয়া এতিয়াও পোহৰলৈ অহা নাই৷ অৱশ্যে হত্যাকাণ্ডৰ ক্লু আৰক্ষীয়ে লাভ কৰা বুলি প্রকাশ কৰি আৰক্ষী আয়ুক্ত হৰমিত সিঙে শীঘ্রে হত্যাকাৰীক ধৰিবলৈ সক্ষম হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
ডিম্পলৰ মৃতদেহ পৰি থকা কোঠাটোৰ গডৰেজ আৰু বাকচ খোলা অৱস্থাত আৰক্ষীয়ে প্রত্যক্ষ কৰে যদিও কোনো সা–সম্পত্তি দুর্বৃত্তই লুট কৰি নিয়া নাই বুলি আৰক্ষী আয়ুক্তই জানিবলৈ দিছে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই৷ উজান বজাৰৰ জনাকীর্ণ ৱার্ড ষ্ট্রীটত দিন–দুপৰতে ১৩ বছৰীয়া ডিম্পল ওৰফে ফুচকিক দুর্বৃত্তই হত্যা কৰি থৈ যোৱা ঘটনাক স্থানীয় লোকসকলে সহজভাৱে ল’ব পৰা নাই৷ স্থানীয় ৰাইজে এই লোমহর্ষক হত্যাকাণ্ডৰ উচিত তদন্ত দাবী কৰিছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পুৱা ১০ বজাত ডিম্পলৰ পিতৃ ঘৰলৈ আহিছিল যদিও প্রায় ১০.১০ বজাত ওলাই যায়৷ সেই সময়ত ডিম্পলৰ সৈতে সম্বন্ধীয় ভাতৃ এগৰাকীও আছিল৷ কিন্তু ভাতৃগৰাকীও কিবা কাৰণত বজাৰলৈ ওলাই যোৱাত ভাৰাঘৰত অকলশৰে আছিল ডিম্পল৷ প্রায় ১১.১৫ বজাত ডিম্পলৰ ওচৰলৈ জেঠায়েক অহাৰ পাছতেই এই লোমহর্ষক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আশা ভৱনৰ দুজন যুৱকে হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰে ঘৰে সোমাই লিফলেট বিলাই ধন বিচাৰিছিল৷ স্থানীয় ৰাইজে উক্ত যুৱক দুজনেই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্রকাশ কৰিছে৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে এই হত্যাকাণ্ডৰ প্রকৃত ৰহস্য ফাদিল হ’ব৷ শিলপুখুৰীস্থিত আশা ভৱনত ড্রাগ্ছ আসক্ত লোকসকলক চিকিৎসা প্রদান কৰা হয় বাবে স্থানীয় ৰাইজে এই লোমহর্ষক হত্যাকাণ্ডত আশা ভৱনৰ পৰা অহা লোক দুজনলৈ সন্দেহৰ আঙুলি টোঁৱাইছে৷ দিন–দুপৰতে জনাকীর্ণ অঞ্চলটোত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতো কিশোৰীগৰাকীৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পোৱা নাছিল৷ তদন্তকাৰী আৰক্ষী দলে স্থানীয় লোকৰ ভাষ্য, ম’বাইলৰ লোকেচন, তদন্তত লাভ কৰা ক্লুৰ ভিত্তিত হত্যাকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷ ইফালে অঞ্চলটোৰ আন একাংশ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলিও দাবী কৰিছে৷ মহানগৰ আৰক্ষীৰ তদন্ততহে ডিম্পলৰ হত্যাকাণ্ডৰ সকলো ৰহস্য পোহৰলৈ আহিব৷