নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দাৱস্থাৰ প্রত্যাহ্বান

কেন্দ্রীয় চৰকাৰে ইটোৰ পাছত সিটোকৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিলেও দেশক আর্থিক মন্দাৱস্থাৰ পৰা মুক্ত কৰিব পৰা নাই৷ পৰিস্থিতি বর্তমানেও উদ্বেগজনক হৈয়ে আছে আৰু শীঘ্রে যে এই মন্দাৱস্থা দূৰ হ’ব, সেইটোও আশা কৰিব নোৱাৰি৷ ভাৰতীয় ৰিজার্ভ বেংক আৰু আন্তর্জাতিক মুদ্রানিধিৰ ভাষ্যতে এই কথা স্পষ্ট হৈছে৷ এক কথাত ক’বলৈ গ’লে দেশৰ সাম্প্রতিক আর্থিক মন্দাৱস্থা নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনৰ বাবে হৈ পৰিছে এক বিৰাট প্রত্যাহ্বান৷ ৰিজার্ভ বেংকৰ ‘ফাইনেন্সিয়েল ষ্টেবিলিটী ৰিপ’ট’ত কোৱা হৈছে যে দেশৰ অর্থনৈতিক বিকাশৰ দুটা ইঞ্জিন– বজাৰত ক্রয়–বিক্রয় আৰু বিনিয়োগ বৃদ্ধিৰ ক্ষেত্রত কঠিন প্রত্যাহ্বান এতিয়াও বর্তি আছে৷ জুলাই–ছেপ্ঢেম্বৰ এই ত্রৈমাসিকত বজাৰত চাহিদা পূর্বতকৈও হ্রাস পাইছে৷ অর্থনৈতিক বিকাশৰ আন দুটা ইঞ্জিন হ’ল– চৰকাৰী ব্যয় আৰু ৰপ্তানি৷ ইয়াৰে চৰকাৰী ব্যয়ৰ দিশটোক বাদ দিলেও ৰপ্তানিৰ ক্ষেত্রতো কোনো আশাব্যঞ্জক খবৰ দিব পৰা নাই ৰিজার্ভ বেংকে৷ ইয়াৰ বিপৰীতে ৰিজার্ভ বেংকৰ আশংকা– আন্তর্জাতিক বজাৰৰ হতাশাৰ প্রভাৱ ভাৰতৰ ৰপ্তানি খণ্ডতো পৰিব পাৰে৷ এনে প্রেক্ষাপটত অনাগত দিনত বজাৰত ক্রয়–বিক্রয় আৰু বিনিয়োগ বৃদ্ধিৰ হকে পদক্ষেপ গ্রহণৰ সমান্তৰালভাৱে আন্তর্জাতিক বজাৰৰ হতাশাজনক প্রভাৱ পৰাৰ আশংকাক গুৰুত্ব প্রদান কৰা উচিত৷ ৰিজার্ভ বেংকৰ তৰফৰ পৰা সদৰী কৰা আন এক গুৰুত্বপূর্ণ তথ্য ইতিমধ্যে সংবাদ মাধ্যমত প্রকাশ পাইছে৷ এই তথ্যত কোৱা হৈছে যে বেংকত ঋণ বৃদ্ধিৰ হাৰ হ্রাস পোৱাৰ পৰিণতিত অনাদায় ঋণ বা এন পি এ অহা বর্ষৰ ছেপ্ঢেম্বৰ মাহত ৯.৯ শতাংশ হ’বগৈ৷ যিটো চলিত বর্ষৰ ছেপ্ঢেম্বৰ মাহত আছিল ৯.৩ শতাংশ৷ এটা কথা স্পষ্ট যে বেংকত ঋণৰ পৰিমাণ বৃদ্ধি নহ’লে স্বাভাৱিকতেই এন পি এৰ হাৰ বাঢ়ি গৈ থাকিব৷ অর্থনৈতিক মূল্যায়নকাৰী ভাৰতীয় সংস্থা ‘ইক্রা’ই দিয়া পূর্বাভাস অনুসৰি চলিত বিত্তীয় বর্ষত বেংকত ঋণ বৃদ্ধিৰ হাৰ মাত্র ৬.৫ৰ পৰা ৭ শতাংশৰ মাজত থাকিব৷ যিটো যোৱা বিত্তীয় বর্ষত আছিল ১৩.৩ শতাংশ৷ যদি এয়াই সঁচা হয়, তেন্তে ১৯৬২ চনৰ পাছত বেংকত ঋণ বৃদ্ধিৰ হাৰ প্রথমবাৰৰ বাবে ইমান তললৈ নামিব৷
ৰিজার্ভ বেংকে দাঙি ধৰা উক্ত তথ্যৰ সমান্তৰালকৈ আন্তর্জাতিক মুদ্রানিধিৰ শেহতীয়া ভাষ্যতো দেশৰ অর্থনীতিৰ দুৰৱস্থা পুনৰ প্রকট হৈ পৰিছে৷ আন্তর্জাতিক মুদ্রানিধিৰ মতে গ্রামাঞ্চলত আয় কমি যোৱাৰ লগে লগে চাহিদা হ্রাস পাইছে৷ সেইদৰে জি এছ টি বলৱতৰো প্রভাৱ পৰিছে দেশৰ অর্থনীতিত৷ বিগত কেইটামান বছৰত ৰাজহ ঘাটিৰ পৰিসংখ্যাৰ উন্নতি হ’লেও বাজেট বহির্ভূত শিতানত ব্যয় বৃদ্ধি পোৱাৰ বাবে জি ডি পি সাপেক্ষে চৰকাৰী ঋণৰ অনুপাত প্রায় অনুৰূপ ধৰণেই আছে৷ দেশক আর্থিক মন্দাৱস্থাৰ পৰা মুক্ত কৰিবলৈ আন্তর্জাতিক মুদ্রানিধিয়ে কেন্দ্রৰ লগতে ৰাজ্য চৰকাৰসমূহলৈ কেতবোৰ গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়াইছে৷ বিশেষকৈ দেশৰ আর্থিক বৃদ্ধিৰ গতি ঘূৰাই আনিবলৈ সংস্থাটোৱে কেন্দ্রীয় চৰকাৰক দ্রুত পদক্ষেপ গ্রহণৰ লগতে স্বচ্ছ আর্থিক নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে৷ এইক্ষেত্রত কোৱা হৈছে হ্রস্বম্যাদী পদক্ষেপ লোৱাৰ কথাও৷ লগতে চৰকাৰী ঋণ লোৱাৰ প্রৱণতা যাতে কেন্দ্রীয় চৰকাৰে হ্রাস কৰে, সেই দিশটোৰ ওপৰত নজৰ ৰখাৰো আন্তর্জাতিক মুদ্রানিধিয়ে পৰামর্শ দিছে৷ আন্তর্জাতিক মুদ্রানিধিয়ে চৰকাৰী সংস্থাসমূহৰ আর্থিক অৱস্থা স্বচ্ছতাৰে দাঙি ধৰাৰ বিষয়টো উনুকিয়াই আহিছে৷ প্রধানতঃ ইয়াৰ কাৰণ হ’ল সংস্থাসমূহে যাতে বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্রত সুবিধা লাভ কৰে৷ ইতিপূর্বেও আন্তর্জাতিক মুদ্রানিধি দেশৰ আর্থিক মন্দাৱস্থাক লৈ একাধিকবাৰ নিজৰ মতামত দাঙি ধৰিছিল৷ এই বিষয়বোৰক চৰকাৰে গুৰুত্বসহকাৰে গ্রহণ কৰি প্রয়োজনীয় পদক্ষেপ লোৱা উচিত৷ তেতিয়াহে আর্থিক মন্দাৱস্থাৰ মুখামুখি হৈ ইয়াৰ প্রত্যাহ্বান নেওচি দেশৰ অর্থনীতিক গতিশীল কৰি তুলিবলৈ চৰকাৰখন সক্ষম হ’ব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– চলিত বিত্তীয় বর্ষত দেশৰ আর্থিক বৃদ্ধিৰ হাৰৰ পূর্বাভাস ইতিমধ্যে হ্রাস কৰিছে আন্তর্জাতিক মুদ্রানিধি, বিশ্ববেংক, এছিয়ান ডেভেলপমেণ্ট বেংকসহ বহুকেইটা প্রতিষ্ঠানে৷ যোৱা অক্টোবৰ মাহত আন্তর্জাতিক মুদ্রানিধিয়ে আর্থিক বৃদ্ধিৰ হাৰ ৬.১ শতাংশ হ’ব বুলি পূর্বাভাস দিছিল৷ কিন্তু চলিত ডিচেম্বৰ মাহত দেশৰ আর্থিক বিকাশৰ গতি অতি মন্থৰ অৱস্থাতেই আছে৷ মন্দাৱস্থাই গ্রাস কৰি ৰাখিছে উদ্যোগ–বাণিজ্যৰ পৰা অটোম’বাইল–কৃষিকে ধৰি প্রতিটো খণ্ড৷ এনে অৱস্থাত ফেব্রুৱাৰী মাহত দেশৰ আর্থিক বিকাশৰ হাৰৰ পূর্বাভাস পুনৰ কমাব পাৰে আন্তর্জাতিক মুদ্রানিধিকে ধৰি আন আন সংস্থাসমূহেও৷

You might also like