নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত ছাত্রীক যৌন নির্যাতন কৰা শিক্ষক সোমাল ৰঙাঘৰত

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ ছিপাঝাৰত ছাত্রীক যৌন আতিশয্য চলোৱা এজন শিক্ষক সোমাল ৰঙাঘৰত৷ গ্রেপ্তাৰ হোৱা শিক্ষকজন হ’ল ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তর্গত শালমাছ উঠা প্রাথমিক বিদ্যালয়ৰ শিক্ষক কুশেশ্বৰ বৰা৷ হাজৰিকাপাৰা শালমাছউঠা প্রাথমিক বিদ্যালয়ৰ শিক্ষক কুশেশ্বৰ বৰাইবিদ্যালয়তে ধনৰ প্রলোভনেৰে ছাত্রী এগৰাকীক যৌন নির্যাতন কৰাৰ অভিযোগ উত্থাপিত হয়৷ শিক্ষকজনৰ বিৰুদ্ধে ছাত্রীগৰাকীৰ পৰিয়ালৰ এজাহাৰ দাখিল কৰে ছিপাঝাৰ থানাত৷ ছাত্রীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে শিক্ষক বৰাক ৰঙাঘৰলৈ প্রেৰণ কৰিছে৷

You might also like