নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতিত বিপর্যয়

ক’ৰোনা ভাইৰাছৰ প্রথম জোৱাৰে সমগ্র বিশ্বৰ লগতে ভাৰতৰো অর্থনীতিত মোক্ষম আঘাত হানিছিল৷ ঘাতক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউনৰ ফলত স্থবিৰ হৈ পৰিছিল উদ্যোগ–নির্মাণ–উৎপ আদি প্রতিটো খণ্ড৷ পৰিস্থিতি উন্নত হোৱাত পর্যায়ক্রমে লকডাউন শিথিল কৰি দিয়াৰ লগে লগে দেশৰ অর্থনীতিলৈ কিছু গতি আহিছিল যদিও সম্প্রতি ক’ৰোনা ভাইৰাছৰ দ্বিতীয় জোৱাৰে আন এক বিপর্যয়ৰ গৰাহলৈ ঠেলি দিয়াৰ আশংকা প্রকট হৈ পৰিছে৷ প্রতিদিনে ক’ৰোনা আক্রান্ত আৰু মৃতকৰ সংখ্যাই গঢ়িছে অবাঞ্ছিত অভিলেখ৷ দেশৰ বহুকেইখন ৰাজ্যত এতিয়া অবর্ণনীয় অৱস্থা৷ হাস্পতালত ৰোগীৰ বাবে নাই বিছনা–ক্সিজেন৷ সেইদৰে মৃতকৰ অন্তিম সৎকাৰ কৰিবলৈ শ্মশান আৰু কবৰস্থানসমূহত ঠাইৰ অভাৱ ঘটিছে৷ ক’ৰোনাসৃষ্ট এনে ভয়ংকৰ পৰিস্থিতিৰ পৰা সকাহ পাবলৈ ইতিমধ্যে দেশৰ বহুকেইখন ৰাজ্যই লকডাউন ঘোষণা কৰিছে৷ আন একাংশ ৰাজ্যই লকডাউন ঘোষণা নকৰিলেও আৰোপ কৰিছে বিভিন্ন ধৰণৰ কঠোৰ বাধা–নিষেধ৷ দেশৰ ৰাজধানী দিল্লীৰ লগতে বিহাৰ, ওড়িশা, উত্তৰপ্রদেশ, হাৰিয়ানা কর্ণাটক, ঝাৰখণ্ড, হিমাচল প্রদেশ, কেৰালা, ৰাজস্থান আদি ৰাজ্যসমূহত সম্পূর্ণ লকডাউন ঘোষণা কৰা হৈছে৷ ক’ৰোনাৰ দ্বিতীয় জোৱাৰে আটাইতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰা মহাৰাষ্ট্রত আনুষ্ঠানিকভাৱে বর্তমান পর্যন্ত সম্পূর্ণ লকডাউন ঘোষণা নকৰিলেও লকডাউনৰ দৰেই কঠোৰ নিয়ন্ত্রণবিধি বলৱৎ কৰা হৈছে৷ সেইদৰে অসম, পশ্চিমবংগ, তামিলনাডু আদি ৰাজ্যতো এছ অ’ পি জাৰিৰে আৰোপ কৰা হৈছে বিভিন্ন ধৰণৰ বাধা–নিষেধ৷ লক্ষণীয়ভাৱে দেশৰ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি খোদ উচ্চতম ন্যায়ালয়ে দেশত লকডাউন বলৱৎ কৰাৰ পোষকতা কৰিছে৷ ইয়াৰ বিপৰীতে বহুতে দেশজোৰা লকডাউনৰ বিষয়ত প্রশ্ণ তুলিছে৷ এটা কথা নিশ্চিত যে সমগ্র দেশতে লকডাউন বলৱৎ হোৱাৰ লগে লগে জনসাধাৰণৰ জীৱিকাও অচল হৈ পৰিব৷ ইয়াৰ বাস্তৱ উদাহৰণ বিগত বর্ষৰ ঘটনাৱলী৷
দেশজোৰা লকডাউন ঘোষণা নকৰিলেও ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ যিবোৰ বাধা নিষেধ আৰোপ কৰিছে তাৰ ফলতেই ইতিমধ্যে অর্থনীতিৰ গতি কিছু স্থবিৰ হৈ পৰিছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চিএমআইআই) নামৰ সংস্থাটোৰ শেহতীয়া এক প্রতিবেদনতে উন্মোচিত হৈছে ইয়াৰ বাস্তৱ চিত্রখন৷ সংস্থাটোৰ প্রতিবেদনত সন্নিৱিষ্ট উদ্বেগজনক তথ্য অনুসৰি কেৱল এপ্রিল মাহৰ ভিতৰতে দেশত ৭০ লাখ লোকে জীৱিকা হেৰুৱাইছে৷ ইয়াৰ লগে লগে এটা মাহৰ ভিতৰত ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্র এখনত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ১.৪৭ শতাংশ৷ মার্চ মাহত দেশত নিবনুৱাৰ হাৰ ৬.৫ শতাংশ আছিল যদিও এপ্রিল মাহত এই হাৰ ৭.৯৭ শতাংশলৈ বৃদ্ধি পাইছে৷ সংস্থাটোৱে প্রস্তুত কৰা এই প্রতিবেদনৰ পিছতো বহুকেইখন ৰাজ্য চৰকাৰে ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ প্রতিৰোধকল্পে লকডাউন–আংশিক লকডাউন বা অন্য ধৰণৰ বাধা নিষেধ বলৱৎ কৰিছে৷ ফলত চলিত মে’ মাহত দেশত নিবনুৱাৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত৷ এক কথাত ক’বলৈ গ’লে ঘাতক ভাইৰাছৰ সংহাৰে সৃষ্টি কৰা সংকটৰ সমান্তৰালভাৱে দেশত এতিয়া জীৱিকাৰ সংকটেও ক্রমশঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ সম্প্রতি দেশৰ শ্রমিক জনতাই সন্মুখীন হোৱা সংকটৰ আন এক বাস্তৱ চিত্র দাঙি ধৰিছে ষ্ট্রেণ্ডেড ৱর্কার্ছ একচন নেটৱর্ক নামৰ আন এটা সংস্থাই৷ সংস্থাটোৰ তথ্যৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ৰাজ্যিক পর্যায়ত বলৱৎ কৰা লকডাউনৰ বাবেই এইবাৰ বর্তমান পর্যন্ত ৮১ শতাংশ প্রব্রজনকাৰী শ্রমিকৰ কাম বন্ধ হৈ পৰিছে৷ যোৱা ৬ মে’লৈ গড়ে ১৯ দিন ধৰি এইসকল শ্রমিকে কাম কৰিব পৰা নাই৷ যোৱা মাহত ৬৮ শতাংশ শ্রমিকে সম্পূর্ণ বা আংশিকভাৱে বেতন লাভ কৰিছিল যদিও কাম বন্ধ হোৱাৰ ফলত ৮২ শতাংশই বেতন নোপোৱাকৈ আছে৷ মন কৰিবলগীয়া যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিপূর্বে স্পষ্ট কৰিছে যে কেন্দ্রীয় চৰকাৰে লকডাউনৰ কথা চিন্তা কৰা নাই৷ ইয়াৰ বিপৰীতে তেওঁ সকলোকে সজাগ আৰু সচেতন হ’বলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে৷ এই আহ্বানৰ প্রতি দেশবাসীয়ে গুৰুত্ব দিয়া উচিত৷ ইয়াৰ অন্যথা জীৱনৰ লগতে জীৱিকালৈও নামি আহিব অনিশ্চয়তা৷

You might also like