নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিটিকেল কেয়াৰ হাস্পতালৰ অদ্ভুত কাণ্ডঃ মুছলমান ৰোগীৰ মৃতদেহ গতালে হিন্দু পৰিয়ালক

নিয়মীয়া বাৰ্তা, ১০ মে: লখৰাৰ ক্রিটিকেল কেয়াৰ হাস্পতালত সংঘটিত হৈছে এক অদ্ভুত কাণ্ড৷ ক’ভিডৰ এই জটিল পৰিস্থিতিৰ সময়ত হাস্পতাল কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীন কর্মকাণ্ডক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ক্রিটিকেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা কুমুদ চন্দ্র ঠাকুৰীয়া নামৰ লোকজনৰ মৃত্যু হোৱা বুলি কালি হাস্পতাল কর্তৃপক্ষই ঠাকুৰীয়াৰ আত্মীয়ক অৱগত কৰায়৷ হাস্পতাল কর্তৃপক্ষই যাৱতীয় কাম–কাজ সম্পন্ন কৰি মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়ে৷ কুমুদ চন্দ্র ঠাকুৰীয়াৰ পৰিয়ালে মৃতদেহটো ভূতনাথ শ্মশানলৈ নিয়াৰ পিছতে মৃতদেহটো কুমুদ চন্দ্র ঠাকুৰীয়াৰ নহয় বুলি জানিব পাৰে৷

ইয়াৰ পিছতে হাস্পতাল কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰি মৃতদেহটো পুনৰ হাস্পতাললৈ আনে৷ হাস্পতাল কর্তৃপক্ষৰ ভুলৰ বাবেই গোৱালপাৰাৰ আব্দুল আবাল নামৰ লোকজনৰ মৃতদেহটো কুমুদ চন্দ্র ঠাকুৰীয়াৰ মৃতদেহ বুলি পৰিয়ালৰ লোকক গতাই দিছিল৷ বেলেগৰ মৃতদেহ বেলেগক চমজাই দিয়াক লৈ কালি নিশা ক্রিটিকেল কেয়াৰ হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

You might also like