নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নেপালৰ বলেন্দ্র

হিমালয়ৰ পাদদেশৰ এখন ক্ষুদ্র দেশ নেপাল৷ অপৰূপ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ নেপালৰ শোভাই যুগে যুগে আকর্ষণ কৰি আহিছে লক্ষ লক্ষ দেশী–বিদেশী পর্যটকক৷ অপূর্ব পর্বতমালাৰে পৰিৱেষ্টিত শান্ত–শীতল নেপাল যোৱা বছৰ হঠাতে হৈ পৰিছিল প্রচণ্ড উত্তপ্ত৷

চৰকাৰবিৰোধী জেন জে আন্দোলনে শান্ত নেপালক অশান্ত কৰি তোলাই নহয়, বিস্ফোৰক ৰূপ ধাৰণ কৰিছিল৷ তৰুণ প্রজন্মৰ আগ্রাসী আন্দোলনে কেৱল শাসনাধিষ্ঠিত চৰকাৰখনকে ওফৰাই পেলোৱা নাছিল, দেশখনৰ ৰাজনৈতিক ইতিহাসৰ সবাতোকৈ গুৰুত্বপূর্ণ পৰিঘটনা হিচাপে স্থাপন হৈছিল৷

দুর্নীতি আৰু স্বেচ্ছাচাৰী নেপাল চৰকাৰৰ বিৰুদ্ধে তৰুণ প্রজন্মই হিলদল ভাঙি ৰাজপথলৈ ওলাই আহি যি ইতিহাস সলনিৰ আন্দোলনত জঁপিয়াই পৰিছিল, সেই আন্দোলনৰ মূল হোতা আছিল বলেন্দ্র শ্বাহ৷ এই বলেন্দ্র শ্বাহৰে মাত্র এটা আহ্বানত লক্ষ লক্ষ তৰুণ–তৰুণী ৰাজপথৰ আন্দোলনত নামি পৰিছিল৷ আৰু আজি সেই বলেন্দ্র শ্বাহেই নেপালৰ ভাগ্য নিয়ন্ত্রক৷

সদ্যসমাপ্ত সাধাৰণ নির্বাচনত বিপুল ভোটত জয়লাভ কৰা ৰাষ্ট্রীয় স্বতন্ত্র পার্টীৰ নেতা বলেন্দ্র শ্বাহ নেপালৰ পৰৱর্তী প্রধানমন্ত্রী৷ নেপালৰ ২৭৫ আসনবিশিষ্ট সংসদীয় নির্বাচনত বলেন্দ্রৰ ৰাষ্ট্রীয় স্বতন্ত্র পার্টী আৰু সহযোগী দলসমূহে মুঠ ১৮২ আসন দখল কৰি বিপুল বিজয় সাব্যস্ত কৰিলে৷

দ্বিতীয় স্থানত থকা নেপালী কংগ্রেছ পার্টীয়ে মাত্র ৩৮ আসনহে লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, চাৰিবাৰৰ প্রধানমন্ত্রী খর্গপ্রসাদ শর্মা অলিৰ মার্ক্সচিষ্ট পার্টীয়ে কেৱল ২৫খন আসনত জয়লাভ কৰিছে৷ আনকি প্রধানমন্ত্রী অলিক তেওঁৰ নিজা সমষ্টিতে বলেন্দ্র শ্বাহে পৰাভূত কৰিছে৷

এই পৰিসংখ্যাই প্রমাণিত কৰিছে যে হৈ যোৱা সাধাৰণ নির্বাচনত বলেন্দ্র শ্বাহৰ ৰাষ্ট্রীয় স্বতন্ত্র পার্টীৰ ব্যাপক জনপ্রিয়তা৷ লগতে এই কথাও প্রমাণ কৰিছে যে দেশখনৰ সর্বসাধাৰণ মানুহে চিৰাচৰিত ৰাজনৈতিক বাতাৱৰণৰ পৰা মুক্ত হৈ এক নতুন ৰাজনৈতিক পৰিৱেশ গঢ়াৰ সংকল্প৷

৩৫ বছৰীয়া নতুন প্রধানমন্ত্রী বলেন্দ্র শ্বাহনো কোন? যৌৱনৰ আগলি সময়ছোৱাত ৰেপ শিল্পী হিচাপে প্রভূত জনপ্রিয়তা অর্জন কৰা বলেন্দ্র পেছাদাৰী জীৱনত এজন চিভিল ইঞ্জিনীয়াৰ৷ ভাৰতৰ বেংগালুৰুৰ এখন প্রতিষ্ঠানত অভিযান্ত্রিক শিক্ষাগ্রহণ কৰা বলেন্দ্রই কিন্তু তেওঁৰ চমু ৰাজনৈতিক জীৱনত ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছিল৷

জেন জেৰ আন্দোলনত ভাৰতৰ গ্রাসৰ পৰা নেপালক মুক্ত হোৱাৰ আহ্বান জনোৱা বলেন্দ্রই এইবাৰ নিজে স্বয়ং নেপালৰ প্রধানমন্ত্রীৰ আসনত বহাৰ পিছত ভাৰতৰ ভূ–ৰাজনৈতিক প্রেক্ষাপটত এতিয়া বিষয়টো যথেষ্ট দৃষ্টি আকর্ষণীয় হ’ব৷ অৱশ্যেই নেপালৰ উন্নয়নৰ বাবেই ভাৰতৰ সৈতে এক সুদৃঢ় সু–সম্পর্ক গঢ়িবলৈ ইছ্যুক বুলি প্রকাশ কৰিছে বলেন্দ্রই৷

উল্লেখনীয় যে নির্বাচনত বিপুল বিজয় সাব্যস্ত কৰাৰ পিছতে ৰাষ্ট্রীয় স্বতন্ত্র পার্টীৰ নেতাগৰাকীক অভিনন্দন ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ফোন কৰিছিল৷ নেপালৰ গণতান্ত্রিক যাত্রাত এই নির্বাচনৰ ফলাফল এক ‘গর্বিত মুহূর্ত’ বুলি অভিহিত কৰি মোদীয়ে বলেন্দ্রক কৈছিল যে ভাৰতে পৰৱর্তী চৰকাৰখনৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰক্ষা কৰি কাম কৰি যাবলৈ আগ্রহী৷ স্বাভাৱিকতে ভাৰতৰ এই আগ্রহক আদৰণি জনাইছে ভাৰতবিৰোধী বুলি পৰিচিত বলেন্দ্রই৷

নেপালৰ সন্মান আৰু মর্যাদা বজাই ৰাখি বলেন্দ্রই চুবুৰীয়া দেশসমূহৰ সৈতে ঘনিষ্ঠ সম্পর্ক ৰক্ষা কৰি চলিবলৈ আগ্রহী বুলি প্রকাশ কৰিছে৷ এয়া নিতান্তই স্বাভাৱিক যে বিৰোধীৰ স্থানত থকাৰ সময়ত যিমানেই ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি নলওক কিয়, চৰকাৰৰ শাসনত বহাৰ পিছত ভাৰতৰ দৰে শক্তিশালী–বিশাল দেশ এখনক উপেক্ষা কৰাৰ সামর্থ্য এতিয়াও হোৱা নাই নেপালৰ৷

স্বৰাজোত্তৰ পিছৰে পৰা ভাৰতৰ সৈতে নেপালৰ সু–সম্পর্ক বর্তি আছে৷ কিন্তু যোৱা দুটা দশকত নেপালত মাওবাদীৰ উত্থান হোৱাৰ পিছত সেই সম্পর্কৰ কিছু যতি পৰিছে৷ বিশেষকৈ নেপালত পাকিস্তানৰ কুখ্যাত আইএছআইৰ গতিবিধি বৃদ্ধি পোৱা তথা ভাৰত বিৰোধী শক্তিসমূহক আঁৰৰ পৰা সহায় কৰাত দেশখনত ভাৰতৰ বিৰুদ্ধে এক পৰিৱেশ গা কৰি উঠিছে৷

এতিয়া বলেন্দ্রই এই অপশক্তিসমূহক কেনেদৰে নিয়ন্ত্রণ কৰি প্রকৃতার্থতে ভাৰতৰ সৈতে এক ফলপ্রসূ সৌহার্দ্যপূর্ণ সম্পর্ক গঢ়ি তুলিব পাৰে সেয়া লক্ষণীয় হ’ব৷ ভাৰতেও বিচাৰিব এসময়ত ভাৰতৰে ছাত্রজনৰ পৰা বিশ্বাস–আস্থা আৰু পাৰস্পৰিক বন্ধুত্বৰ প্রসাৰিত হাত৷

You might also like