সম্পাদকীয় : নির্বাচন আৰু সংবাদ মাধ্যম
ক’ভিডৰ পিছৰ পৰাই অসমত ছপা সংবাদ মাধ্যমে নতুন প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ বৈদ্যুতিন মাধ্যমৰ জনপ্রিয়তা সেই সময়ছোৱাত বাঢ়ি গৈছিল যদিও তাৰ ক’ভিড কাল অতিক্রম কৰাৰ পিছত এই বর্ধিত জনপ্রিয়তা একেই ঠাইত ৰৈ নাথাকিল৷ এইবোৰৰো বহু কাৰণ আছে, যিসকলে এই মাধ্যমবোৰত টকা বিনিয়োগ কৰে, তেওঁলোকে এই বিষয়বোৰৰ কথা ভালদৰে চিন্তা কৰিছে আৰু কৰিব৷ সাধাৰণ ৰাইজে এই বিষয়ে চিন্তা–ভাবনা কৰি পাৰাপাৰ পাব নোৱাৰে৷ কিন্তু কথা হ’ল, সংবাদ–পত্রৰ প্রচলন সংখ্যা যিমানেই নহওক কিয়, বৈদ্যুতিন মাধ্যমৰ টেলিভিছনৰ দর্শক সংখ্যা যিমানেই নহওক কিয়, একো একোটা সময়ত এই মাধ্যমবোৰৰ প্রতি সাধাৰণ ৰাইজৰ আগ্রহ বৃদ্ধি পায় আৰু প্রতিটি সংবাদ মাধ্যমইে কম–বেছি পৰিমাণে জনমত গঠন কৰিব পৰাকৈ বা জনমতক প্রভাৱিত কৰিব পৰাকৈ শক্তিশালী হৈ উঠে৷ এই সময়খিনিৰ সদ্ব্যৱহাৰেৰে সংবাদ মাধ্যমে নিজৰ দর্শক বা পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰিব পাৰে আৰু তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বর্ধিত পঢ়ুৱৈৰসংখ্যাৰ কিছু অংশক ধৰি ৰাখিবও পাৰে৷ নির্বাচন এনে এটা পৰিৱেশ৷ বর্তমানৰ গণতান্ত্রিক পৰিৱেশত জনসাধাৰণক সকলোধৰণৰ তথ্য পৰিৱেশন কৰাত সংবাদ মাধ্যমৰ ভূমিকা সর্বোচ্চ৷ নির্বাচনৰ সময়ত সংবাদ মাধ্যমে প্রাথমিক তথ্য প্রকাশক হিচাপে কাম কৰে, যাৰ জৰিয়তে ভোটাৰসকলে বিভিন্ন ৰাজনৈতিক দল আৰু দলহীন প্রার্থীৰ নীতি আৰু অৱস্থিতিৰ কথা জানিব পাৰে৷ নির্বাচনত একোগৰাকী প্রার্থীয়ে নিজৰ সমষ্টিত প্রচাৰ কৰে, তেওঁ ৰাজ্য বা দেশ ভিত্তিত প্রচাৰ কৰিবলৈ নাযায় বা নোৱাৰে৷ কেৱল সংবাদ–পত্রইহে সকলো ঠাইৰ তথ্য–সংবাদ পৰিৱেশন কৰি নির্বাচনৰ দৰে এটি গুৰুত্বপূর্ণ সামাজিক ঘটনাক এটা বহল ৰূপ প্রদান কৰে৷ বিধান সভাৰ নির্বাচনত ৰাজ্যখনৰ আৰু লোকসভাৰ নির্বাচনত দেশখনৰ এখন ছবি দিয়াটো কেৱল সংবাদ মাধ্যমৰ বাবেহে সম্ভৱ৷ সংবাদ মাধ্যমৰ এই সহযোগ আৰু অংশগ্রহণ অবিহনে গণতন্ত্রৰ এই উৎসৱে প্রয়োজনীয় আকৃতি আৰু চৰিত্র লাভ নকৰিলেহেঁতেন৷
অকল তথ্য আৰু সংবাদ প্রচাৰেই নহয়, বৈদ্যুতিন সংবাদ মাধ্যমবোৰে বিভিন্ন প্রার্থীৰ মাজত বিতর্ক আয়োজন আৰু সম্প্রচাৰ কৰিনির্বাচনী বতাহৰ উষ্ণতা আৰু গতিবেগ বৃদ্ধি কৰি দিয়ে৷ ঠিক তেনেদৰে ছপা সংবাদ মাধ্যমেও বিভিন্ন সমষ্টিৰ বিষয়ে প্রতিবেদন প্রস্তুত কৰে৷ এনে প্রতিবেদন বা বিতর্ক সভাই সকলো ৰাজনৈতিক দলক সন্তুষ্ট কৰিব নোৱাৰে৷ সকলো দলৰে সফল বক্তা নাথাকে বা সাংবাদিকে সকলো সময়তে ৰাজনৈতিক দলৰ সঠিক বক্তাগৰাকীক বিচাৰি নাপাবও পাৰে, নির্বাচনৰ ব্যস্ততাৰ সময়ত এইটো সম্ভৱ নহয়৷ গতিকে কোনোবা ৰাজনৈতিক দলৰ বক্তাই প্রতিবেদন বা বিতর্কত প্রভাবী ভূমিকা ল’লে সেই সংবাদ মাধ্যমটিক সেই ৰাজনৈতিক দলৰ অনুগামী বুলি কোৱা উচিত নহয়৷ ৰাজনৈতিক নেতাই সংবাদ মাধ্যমৰ অধিকাৰী হোৱা এটা স্বাভাৱিক ঘটনা৷ কিন্তু সেই বুলিয়েই সেই সংবাদ মাধ্যমে অইন ৰাজনৈতিক দলৰ কথা নক’ব বা প্রচাৰ নকৰিব তেনে কথা হ’ব নোৱাৰে৷ সংবাদ মাধ্যমৰ কিছুমান নীতি–নিয়ম আছে যিবোৰ সাধাৰণ সকলো সংবাদ মাধ্যমইে মানি চলে৷ বিশেষকৈ নির্বাচনৰ দৰে অতি সজীৱ আৰু সংবেদনশীল সময়ত সংবাদ মাধ্যমে দর্শক বা পাঠকক সকলো ধৰণে বান্ধি ৰখাৰ চেষ্টাকেই কৰে৷ এইটো ঠিক যে কিছুমান সাংবাদিকে বিশেষ ৰাজনৈতিক দলৰ সমর্থক আৰু কর্মীৰ কামো সমানেই কৰি থাকে৷ অকল নির্বাচনৰ সময়তেই নহয়, তেওঁলোকে সকলো সময়তে নিজৰ দলৰ কামত অহাকৈ বাকধাৰা নির্মাণৰ চেষ্টা কৰি থাকে৷ এইটো বিশেষকৈ বামপন্থী আদর্শৰ প্রচাৰত ব্যস্ত থকা সাংবাদিকৰ ক্ষেত্রত অধিক দেখা যায়৷ নির্বাচনৰ সময়ত এটা দলৰ বাতৰিক দিবলগীয়া গুৰুত্ব নিদিয়া বুলি ভাবি দলটোৱে এটি টেলিভিছন চেনেল আৰু এটা ৱেবপ’র্টেলৰ পৰা দূৰৈত অৱস্থান গ্রহণ কৰিছে৷ এই কামটো ৰাজনৈতিক দলটোৰ কাৰণে সুবিধাজনক কাম নহ’ল৷ দলটোৱে যি অবিচাৰ পোৱা বুলি দুখ কৰিছে সেই কথাৰ প্রতিহে জনমত সৃষ্টি কৰাৰ চেষ্টা কৰিব লাগিছিল৷ সেই কামটো ৰাজনৈতিক দল আৰু সংবাদ মাধ্যম, দুয়োপক্ষৰ বাবেই মংগলদায়ক হ’লহেঁতেন৷ সংবাদ মাধ্যম আৰু ৰাজনৈতিক দল– এটাই আনটোক এৰি থকাটো অসম্ভৱ৷ এই অৱস্থান দুয়োপক্ষৰ বাবে সন্মানজনক হ’লেহে পঢ়ুৱৈ–দর্শকে কাকো অৱহেলা কৰাৰ কথা নাভাবিব৷