নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ এপ্রিল, ব’হাগ মাহৰ ৪ তাৰিখ
বুধবাৰ : তিথি– শুক্লা নৱমী, নক্ষত্র : উজ্জায়ন, যাত্রা : নাই

মেষঃ এই ৰাশিৰ জাতক–জাতিকাৰ উচ্চ শিক্ষা আৰু গৱেষণা কর্মৰ কাৰণে বিদেশ গমন হ’ব পাৰে৷ যৌথ ব্যৱসায়ত সতর্ক থকা ভাল৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

বৃষঃ আপোনাৰ দিনটো খং–ৰাগ নিয়ন্ত্রণ কৰিলে ভাল ফল পাব৷ ঘৰুৱা দিশত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনাৰ সৈতে পৰামর্শ কৰা ভাল হ’ব৷ শুভ ৰং গেৰুৱা৷

মিথুনঃ পুৰণি বেমাৰে শাৰীৰিক কষ্ট বৃদ্ধি কৰিব পাৰে৷ ঘৰৰ কোনো মাংগলিক অনুষ্ঠান হোৱাৰ যোগ৷ সন্তানৰ ভাল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

কর্কটঃ নিবনুৱাৰ ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব৷ শৰীৰ মধ্যম, উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰক৷ দাম্পত্য আৰু প্রেমত মজলীয়া৷ শুভ ৰং ইটা৷ শুভ সংখ্যা সংখ্যা ৭৷

সিংহঃ আপোনাৰ আর্থিকত বেয়া নহ’ব৷ বিদ্যাত শুভ৷ উচ্চ শিক্ষাত যত্নৰ প্রয়োজন আছে৷ ভ্রমণৰ যোগ আছে৷ ঘৰত মজলীয়া৷ শুভ ৰং সেউজীয়া৷

কন্যাঃ মনৰ কোনো পুৰণি আশা পূৰণ হ’ব৷ ভাই–ভনীৰ মাজত সদ্ভাব বজাই ৰাখিব৷ ভ্রমণত শুভ৷ প্রেমত বাধা৷ শুভ ৰং ৰূপালী৷

তুলাঃ দিনটো ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব৷ ৰাজনীতিবিদসকলৰ কাৰণে পৰিস্থিতি জটিল হ’ব পাৰে৷ প্রয়োজনত বন্ধুৰ সহায় পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷

বৃশ্চিকঃ দিনটোত কর্মব্যস্ততা দেখা যায়৷ সৰু–সুৰা ভ্রমণৰ যোগ৷ কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব৷ বন্ধুৰ সহায় পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

ধনুঃ আর্থিক লেনদেনত সতর্ক থাকিব৷ সন্তানৰ সাফল্যত আনন্দিত হ’ব৷ কন্যা সন্তানৰ বিবাহৰ কথা আগবাঢ়িব৷ শুভ ৰং গুলপীয়া৷

মকৰঃ কর্মক্ষেত্রত খেলিমেলি হোৱাৰ আশংকা আছে৷ সহকর্মীৰ লগতো মতভেদ হ’ব পাৰে৷ প্রেমত ভাল৷ দূৰ ভ্রমণ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ২৷

কুম্ভঃ সামাজিক পৰিসৰ বৃদ্ধি পাব৷ মাটি–বাৰী ক্রয় কৰাৰ কথা নভবাই ভাল হ’ব৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷ উচ্চ শিক্ষাত যত্নৰ প্রয়োজন আছে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

মীনঃ বিদ্যার্থীৰ কাৰণে দিনটো ভাল৷ প্রেমত ভাল হ’লেও দিনটোৰ শেষৰ ভাগত ভুল বুজাবুজিৰ কাৰণে সাময়িক দূৰত্ব বৃদ্ধি হ’ব পাৰে৷ সন্তানৰ স্বাস্থ্যত নজৰ ৰাখক৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ২৷

You might also like