নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিক্রী কৰক ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু : মহেশ ভূপতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ এপ্ৰিলঃ তাৰকা খেলুৱৈৰে সমৃদ্ধ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ চলিত আইপিএলত পৰাজয়ৰ ধাৰা অব্যাহত আছে৷ এতিয়ালৈকে ৭খন মেচ খেলি ৬খনতে পৰাস্ত হৈ পইণ্ট তালিকাৰ অন্তিম স্থানত আছে ফাফ ডু প্লেচিছৰ দলটো৷ দলটোৰ ধাৰাবাহিক পৰাজয়ৰ লগতে ব্যর্থতাত ক্ষুণ্ণ হৈ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক বিক্রী কৰাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডলৈ অনুৰোধ জনাইছে ভাৰতৰ প্রাক্তন টেনিছ তাৰকা মহেশ ভূপতিয়ে৷ ২০০৮ চনৰ পৰাই আইপিএলত অংশগ্রহণ কৰা ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে এতিয়ালৈকে এবাৰো চেম্পিয়নৰ সন্মান অর্জন কৰিবলৈ সক্ষম হোৱা নাই৷ চলিত আইপিএলত ৭খন খেলৰ ৬খনতে পৰাস্ত হৈছে৷ বিগত ৫খন মেচত পৰাজয়ৰ সন্মুখীন হোৱা আৰচিবিক লৈ হতাশ হৈ পৰিছে মহেশ ভূপতি৷ ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে তাৎক্ষণিকভাৱে দলটোক বিক্রী কৰিবলৈ ব’ৰ্ডক আবেদন জনাইছে৷ বিৰাট কোহলি হৈছে দলটোৰ মূল অস্ত্র৷ প্রতিখন মেচতে উন্নত প্রদর্শন দাঙি ধৰিছে যদিও দলটো জয়ী হ’বলৈ সক্ষম হোৱা নাই৷ আৰচিবিৰ এই অৱস্থা দেখি মহেশ ভূপতিয়ে বিচিচিআইক যাৱতীয় পদক্ষেপ ল’বলৈ পৰামর্শ আগবঢ়াই ভূপতিয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে মই ভাবোঁ বিচিচিআয়ে ক্রীড়াৰ স্বার্থত, আইপিএলৰ স্বার্থত, অনুৰাগীৰ স্বার্থত, আনকি ক্রিকেটাৰৰ বাবেও আৰচিবি নতুন মালিকক বিক্রী কৰা উচিত৷ বেংগালুৰুৰ এই প্রদর্শনত অনুৰাগীয়েও সুখী নহয়৷ দলৰ ভিতৰতো সমস্যাৰ সৃষ্টি হৈছে৷

You might also like