সম্পাদকীয় : মাতৃভাষাৰ সংকট
মাতৃভাষাৰ সংকট আৰম্ভ হ’লেই একোটা জাতিৰ জাতীয় জীৱনলৈ নামি আহে গভীৰ অন্ধকাৰ৷ সেইবাবে প্রতিটো জাতিয়ে নিজৰ ভাষাটো জীয়াই ৰাখিবলৈ সর্বতোপ্রকাৰে সদিচ্ছা দেখুৱাব লাগে৷ অন্যথা সেই জাতিয়ে মাতৃভাষা হেৰুৱাই ভৱিষ্যৎ প্রজন্মক শিপাহীন বৃক্ষত পৰিণত কৰাব পাৰে৷ শেহতীয়াভাৱে অসমীয়া ভাষালৈ সংকট নামি অহা বুলি ভাষাবিদসকলে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ ইয়াক লৈ সর্বত্র ব্যাপক চর্চাও আৰম্ভ হৈছে৷ ইয়াৰ অন্যতম কাৰণ হিচাপে দেখা দিছে অভিভাৱক তথা পিতৃ–মাতৃৰ অসমীয়া ভাষাৰ প্রতি অনীহা৷ তথাকথিত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ আগ্রাসনে নতুন প্রজন্মৰ মাজতো মাতৃভাষাৰ প্রতি এক বিৰাগ ভাবৰ সৃষ্টি কৰিছে৷ সর্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষাত সফলতা অর্জনৰ লগতে নিজকে অধিক স্মার্ট তথা জ্ঞানী বুলি প্রমাণিত কৰিবলৈ ইংৰাজী ভাষা ভালদৰে ক’ব আৰু পঢ়িব পৰাটো নিতান্তই প্রয়োজন বুলি একাংশই অনুভৱ কৰিছে৷ ইয়াৰ ফলস্বৰূপে নিজৰ ভাষা আৰু স্বাভিমান বিসর্জন দি ইংৰাজী ভাষাৰ প্রতি নতুন প্রজন্ম আকর্ষিত হৈছে৷ ইংৰাজী ভাষা জনাটো দোষৰ কথা নহয়, কিন্তু ইয়াৰ লগতে মাতৃভাষা অসমীয়াৰ গভীৰ জ্ঞান থকাটোও অতিশয় প্রয়োজনীয়৷ ইয়াৰ বাবে সকলো শ্রেণীৰ লোকৰ ভাষিক চেতনাৰ প্রয়োজন অপৰিসীম৷ অৱশ্যে পূর্বৰে পৰা অসমীয়া জাতিৰ মাজত ভাষিক, সাংস্কৃতিক আৰু ৰাজনৈতিক চেতনাৰ অভাৱ পৰিলক্ষিত হৈ আহিছে৷ ঊনবিংশ শতিকাত ইংৰাজসকলে একাংশ বঙালী আমোলাৰ প্রৰোচনাত পৰি অসমীয়া ভাষাটো অসমৰ অফিচ–কাছাৰীৰ পৰা বিতাড়িত কৰিছিল৷ ইংৰাজসকলক পতিয়ন নিয়া হৈছিল যে অসমীয়া ভাষাটো এটা সুকীয়া ভাষা নহয়, বাংলা ভাষাৰেই এটা ঠাল৷ অসমীয়া ভাষা বিতাড়িত হোৱাৰ পিছত অসমীয়া সমাজত যি প্রতিক্রিয়া হ’ব লাগিছিল, সেয়া পৰিলক্ষিত হোৱা নাছিল৷ ইয়াৰ কাৰণ হৈছে জাতিটোৰ মাজত ভাষিক চেতনা আছিল একেবাৰে কম৷ আনন্দৰাম ঢ়েকিয়াল ফুকনে অসমীয়া ভাষা অফিচ–কাছাৰীত পুনৰ প্রৱর্তনৰ বাবে পোনপ্রথমে সংগ্রাম আৰম্ভ কৰাৰ পিছত সেই সময়ত কলিকতাত পঢ়িবলৈ যোৱা একাংশ উচ্চ শিক্ষিত ছাত্রই এই আন্দোলনক সাৰ–পানী দিছিল৷ ইয়াৰ বাহিৰে অসমীয়া সমাজত ইয়াৰ বিশেষ প্রভাৱ পৰিলক্ষিত হোৱা নাছিল৷ হয়তো খ্রীষ্টিয়ান মিছনেৰীসকলে সেই সময়ত অসমত খ্রীষ্টান ধর্ম প্রচাৰ কৰিবলৈ নাহিলে অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে পুনৰ প্রতিষ্ঠা কৰাটো বৰ সহজ নহ’লহেঁতেন৷
বেপ্টিষ্ট মিছনেৰীসকলে একমাত্র ধর্ম প্রচাৰৰ বাবে অসমীয়া ভাষাটো ৰাজ্যভাষা হিচাপে প্রতিষ্ঠা কৰিবলৈ অসমীয়া ভাষাত আলোচনী প্রকাশ কৰাৰ লগতে এই বিষয়ত জাতিটোক সচেতন কৰিবলৈ প্রচেষ্টা হাতত হৈছিল৷ অৱশেষত বহু যুঁজৰ অন্তত অসমীয়া ভাষাই পুনৰ প্রাপ্য মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল৷ এতিয়া ইংৰাজসকলে ভাৰত এৰি যোৱাৰো প্রায় ৭৫ বছৰ হ’ল৷ অসমীয়া ভাষাই পুনৰ প্রতিষ্ঠা লাভৰো প্রায় ১০০ বছৰ হ’বৰ হ’ল৷ এনে অৱস্থাত অসমীয়া ভাষালৈ সংকট নামি অহাটো অতিশয় উদ্বিগ্নতা আৰু বিচার্যৰ বিষয় হৈ পৰিছে৷ ইয়াৰ অন্যতম কাৰণ হিচাপে দেখা দিছে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ আগ্রাসন আৰু অধিকাংশ অসমীয়া লোকৰ ইংৰাজী ভাষাৰ প্রতি থকা দুর্বলতা আৰু অসমীয়া ভাষাৰ প্রতি আৰম্ভ হোৱা বিৰাগ মনোভাব৷ এনে পৰিস্থিতিত মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠানসমূহলৈ গভীৰ সংকট নামি আহিছে৷ নিজ সন্তানক ইংৰাজী ভাষাৰ মাধ্যমেৰে শিক্ষা প্রদান কৰিবলৈ অভিভাৱকসকলৰ মাজত অঘোষিত প্রতিযোগিতা আৰম্ভ হৈছে৷ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিলে নিজৰ ল’ৰা–ছোৱালীয়ে ইংৰাজীৰ জ্ঞান আহৰণ কৰিব নোৱাৰিব আৰু বর্তমানৰ সমাজখনত খোজ দিব নোৱাৰিব বুলি একাংশৰ মাজত বদ্ধমূল ধাৰণাই দেখা দিছে৷ অভিভাৱকসকলৰ এনে মানসিকতাৰ সুযোগ লৈ একাংশ লোকে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰাৰ যুঁজত নামিছে৷ আনকি কোনোমতে দুবেলা দুমুঠি খাই পেট প্রৱর্তাই থকা নিম্ন মধ্যবিত্তৰ লোকসকলেও ল’ৰা–ছোৱালীক ইংৰাজী মাধ্যমৰ ব্যক্তিগত প্রতিষ্ঠানত পঢ়ুৱাই সর্বস্বান্ত হোৱা দেখা গৈছে৷ ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে ছাত্র–ছাত্রীক মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ প্রতি আকর্ষিত কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে৷ চৰকাৰী বিদ্যালয়সমূহত বিনামূলীয়া মাচুলৰ ব্যৱস্থা কৰাৰ উপৰি পোছাক–খাদ্যৰো সুবিধা প্রয়োগ কৰা হৈছে৷ তদুপৰি সুফল দেখুওৱা ছাত্র–ছাত্রীসকলক বিভিন্ন ধৰণে পুৰস্কৃতও কৰা হৈছে৷ ইমানৰ পিছতো জাতীয় আৰু ভাষিক চেতনাৰ অভাৱত বহু অভিভাৱকে অসমীয়া ভাষাক এটা মৃত ভাষাত পৰিণত কৰাৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে৷ এইক্ষেত্রত শিক্ষক সমাজৰো বিশেষ দায়িত্ব আছে৷ তেওঁলোকেও মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত ল’ৰা–ছোৱালীক পঢ়ুৱাব লাগিব৷ জাতিটোৰ স্বাভিমান ৰক্ষাৰ বাবে প্রথমে অসমীয়া ভাষা আৰু তাৰ পিছতহে অন্য ভাষা গ্রহণ কৰা উচিত৷