সম্পাদকীয় : গোলকীয় গাঁওখনৰ মহাজনী ব্যৱস্থা
সভ্যতাৰ উন্নতিৰ লগে লগে আৰু সাম্প্রতিক বিশ্বায়নৰ প্রভাৱত সমগ্র বিশ্বখনেই এতিয়া এখন গোলকীয় গাঁৱত পৰিণত হৈছে বুলি কোৱা হৈছে৷ এই বিশ্বায়নৰ ফলত এতিয়া বিশ্ববাসীয়ে বিভিন্ন ধৰণৰ সা–সুবিধা ভোগ কৰিবলৈ সক্ষম হৈছে যদিও তাৰ বিপৰীতে যে ততোধিক পৰিমাণৰ অসুবিধাও ভোগ কৰিবলগীয়া হৈ পৰিছে, তাক বিশ্বৰ প্রভুত্বশালী দেশসমূহে কৌশলেৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰিছে৷ এই সমগ্র ব্যৱস্থাটোৰ ফলত যে মুখ্যতঃ প্রভাৱী দেশসমূহহে উপকৃত হৈছে, তাক দোহৰাৰ নিশ্চয় প্রয়োজন নাই৷ সামাজিক–সাংস্কৃতিক আৰু অর্থনৈতিক ডোলেৰে বান্ধ খাই থকা এখন গাঁৱৰ আৱাসীসকলক যিদৰে জমিদাৰ বা মহাজনসকলে ছলে–বলে–কৌশলে শোষণ কৰে তেওঁলোকৰ বিভিন্ন দুর্বলতাৰ সুযোগ লৈ, ঠিক তেনেদৰে আজিৰ এই গোলকীয় গাঁওখনৰ মুখিয়াল শক্তিসমূহেও একেই কৌশলেৰে দুর্বলীসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছে৷ মুখ্যতঃ অর্থনৈতিক আৰু সামৰিক শক্তি প্রয়োগেৰে বিশ্বৰ বিভিন্ন অনুন্নত আৰু উন্নয়নশীল দেশক উন্নত দেশসমূহে পোনপটীয়াকৈ আৰু সাংস্কৃতিক আগ্রাসনৰ জৰিয়তে আওপকীয়াকৈ নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে৷ এই ব্যৱস্থাটো এনে এটা কৌশলেৰে ৰচনা কৰা হৈছে যে যাৰ প্রভাৱত দুর্বল ৰাষ্ট্রসমূহ সবল ৰাষ্ট্রসমূহৰ আঙুলিৰ ঠাৰত ইচ্ছা নাথাকিলেও নাচিবলৈ বাধ্য৷ উদাহৰণস্বৰূপে, শেহতীয়াকৈ পূর্বতকৈ অধিক আগ্রাসী ৰূপত পৃথিৱীৰ বিভিন্ন দেশৰ ওপৰত অর্থনৈতিকভাৱে শুল্ক যুদ্ধৰে আৰু সামৰিকভাৱে গোলা–বাৰুদেৰে একোখন দেশক ব্যতিব্যস্ত কৰি ৰখাৰ কৌশল লৈছে আমেৰিকাই, যাতে তেওঁলোকৰ ওচৰত শিৰনত কৰিবলৈ বাধ্য হয় সংশ্লিষ্ট ৰাষ্ট্রসমূহ৷ সম্প্রতি হৰমুজত তেলবাহী জাহাজৰ ওপৰত চলি থকা আক্রমণৰ ফলত সাগৰৰ পানীত মিহলি হৈ পৰা তৈল সামগ্রীয়ে জলভাগ প্রদূষিত কৰি সাগৰীয় প্রাণীকুললৈ বিপদ মাতি আনিছে৷ এনেবোৰ ক্ষেত্রতেই এসময়ত আদর্শৰ ভিত্তিত পৃথিৱীৰ দেশসমূহৰ মাজত যি মেৰু বিভাজন আছিল তাৰ চিন–মোকাম মাৰি অর্থনৈতিকভাৱে সবল দেশসমূহে অর্থনৈতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্রতেই উঠিৰজা–বহিৰজা হৈ পৰাৰ ফলত অধিক দুর্ভোগ ভুগিবলগীয়া হৈছে দুর্বল দেশসমূহে৷ দুর্বলীৰ ওপৰত সবলীয়ে আধিপত্য বিস্তাৰ কৰা কথাটো চিৰকলীয়া৷ কথাতে আছে জোৰ যাৰ মুলুক তাৰ৷ শেহতীয়াকৈ সমগ্র বিশ্বতে বিশ্বায়নৰ নামত উদাৰীকৰণৰ যি কছৰৎ আৰম্ভ হৈছে, তেনে ক্ষেত্রতো ধনী ৰাষ্ট্রসমূহে দুখীয়া ৰাষ্ট্রসমূহৰ ওপৰত যেন ছলে–বলে–কৌশলে প্রভুত্ব বিস্তাৰ কৰিবলৈ উঠি-পৰি লাগিছে৷ বিশ্বায়নৰ নামাৱলী আঁৰি লৈ কৌশলেৰে মেলি দিছে তেওঁলোকৰ শাসন–শোষণৰ হাঁতোৰা৷ যেন এদেও–দুদেও লোটা নিয়াৰ ছেও৷ উন্নত ৰাষ্ট্রসমূহৰ এনে মানসিকতাৰ বলি হোৱাৰ পৰা ভাৰতবৰ্ষয়ো হাত সাৰি থাকিব পৰা নাই৷ উন্নত ৰাষ্ট্রসমূহে নিজৰ স্বার্থত সংঘটিত কৰা ইৰাক–আফগানিস্তানৰ দৰে যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা এসময়ত জাহাজ বোজাই ধাতৱ আৱর্জনাসমূহ আনি জমা কৰা হৈছিল গুজৰাটৰ বন্দৰত৷ কেৱল এনেকুৱা ধাতৱ আৱর্জনাই নহয় আৰু বিভিন্ন ধৰণৰ ক্ষতিকাৰক, বিষময় পদার্থসমূহ দিনে দিনে জমা হ’ব লাগিছে ভাৰতৰ বিভিন্ন বন্দৰত৷ এই পৰিমাণ প্রতিবছৰে প্রায় এক লাখ টনৰ ওপৰত৷
উন্নত দেশসমূহে প্রতিদিনে প্রস্তুত কৰি আছে হাজাৰ হাজাৰ টন ক্ষতিকাৰক কাৰখানাত সৃষ্টি হোৱা বর্জ্য পদার্থ৷ স্বয়ং আমেৰিকাতেই এনেধৰণৰ ক্ষতিকাৰক বিষম পদার্থ প্রস্তুত কৰা হয় প্রতিবছৰে প্রায় ২৪ কোটি টন৷ ইয়াৰ ভিতৰত আছে বেয়া হৈ যোৱা ইস্পাত, পাৰা, প্লাষ্টিক, ইলেক্ট্রনিক আৱর্জনা, ব্যৱহাৰৰ অযোগ্য হৈ পৰা যন্ত্রপাতি ইত্যাদি৷ ৰি–চাইক্লিঙৰ ব্যৱস্থা থকা সত্ত্বেও এই ক্ষতিকাৰক পদার্থবোৰ তেওঁলোকে ৰপ্তানি কৰে ভাৰত, বাংলাদেশ আদি এছিয়াৰ বিভিন্ন দেশসমূহলৈ৷ অথচ বেছল কনভেনছনত (১৯৮৯) সিদ্ধান্ত লোৱা হৈছিল যে প্রকৃতি তথা পৰিৱেশৰ ক্ষতি নিয়ন্ত্রণ কৰিবলৈ উন্নত দেশসমূহৰ পৰা কোনো ক্ষতিকাৰক দূষিত পদার্থ আন দেশলৈ ৰপ্তানি কৰিব নোৱাৰিব৷ কিন্তু কেৱল নিজৰ স্বার্থতেই বাট বুলা উন্নত দেশসমূহে এনেকুৱা আন্তঃৰাষ্ট্রীয় বাধা–নিষেধ ক’ত মানিব! শেহতীয়াকৈ আমেৰিকাই ৰাষ্ট্রসংঘৰ বিভিন্ন সংস্থাৰ সৈতেও সম্পর্ক ছেদ কৰা নাই জানো? সেইবাবেই ভাৰতবর্ষ আজি হৈ পৰিছে উন্নত দেশসমূহৰ আৱর্জনা পেলোৱা ঠাই, অর্থাৎ ডাম্পিং গ্রাউণ্ড৷ অর্থনৈতিক উদাৰীকৰণৰ লগে লগে ভাৰতত এখন বৃহৎ বজাৰ মুকলি হৈ পৰাত বাতিল কৰা ইলেক্ট্রনিক যন্ত্রপাতি, কম্পিউটাৰ, বেটাৰী, নানা ধৰণৰ চার্কিট গলাই বা ভাঙি পাৰা, কেডমিয়াম, সীহ আদি ধাতু বাহিৰ কৰিবলৈ নতুন নতুন উদ্যোগ গঢ়ি উঠিছে৷ এইবোৰ পোৰা বা গলোৱাৰ ফলত যি বিষাক্ত গেছ নির্গত হয়, সি অকল বর্তমান প্রজন্মকে নহয়, পৰৱর্তী প্রজন্মৰো অনিষ্ট কৰিব৷ সম্প্রতি প্লাষ্টিকৰ পৰা বিভিন্ন সামগ্রী প্রস্তুতৰ বাবে যি তৎপৰতা আৰম্ভ হৈছে, তাৰ লগে লগে অব্যৱহূত হৈ পৰা প্লাষ্টিকৰ ৰি–চাইক্লিং কৰাৰো ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ফলত নির্গত হোৱা বিষাক্ত ধোঁৱাই কৰা অনিষ্টও কম নহয়৷ সেইবাবেই উন্নত দেশসমূহে টনে টনে ব্যৱহূত প্লাষ্টিক পঠিয়াইছে আমাৰ দেশলৈ৷ চেলফোন, কম্পিউটাৰ আদি ইলেক্ট্রনিক পদার্থসমূহৰ পৰা হোৱা প্রদূষণৰ মাত্রাও কম নহয়৷ ডোনেচন বা চেৰিটিৰ নামত আমেৰিকা, ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়াৰ পৰা ইলেক্ট্রনিক বর্জ্য পদার্থৰে ভৰি পৰিছে ভাৰতবর্ষ, তাৰ অধিকাংশই ব্যৱহূত পুৰণি কম্পিউটাৰ৷ ভাৰতৰ উন্নতিৰ আঁৰে আঁৰে যিটো ই–আৱর্জনা গোট খাবলৈ ধৰিছে (বছৰি প্রায় ৭,০০০ টন), তাৰ দ্বাৰা এক একৰ মাটিত এটা ৬৭৪ ফুট ওখ স্তম্ভ সাজিব পাৰি৷ ভাৰতৰ সস্তীয়া শ্রমিকৰ সুযোগ লৈ উন্নতি বা উদ্যোগীকৰণৰ নামত উন্নত ৰাষ্ট্রসমূহে কৌশলেৰে গঢ়ি তুলিছে ৰি–চাইক্লিঙৰ ৰমৰমীয়া ব্যৱসায় আৰু তেওঁলোকৰ পছন্দ মতে গঢি তুলিছে ডাম্পিং গ্রাউণ্ড৷ তেনেদৰে ঔষধৰ বহুৰাষ্ট্রীয় কোম্পানীসমূহেও ভাৰতবর্ষত অনায়াসে মেলি দিছে বিদেশত নিষিদ্ধ কিছুমান মাৰাত্মক ঔষধ, খেতিপথাৰত সিঁচি দিছে বিষধৰ কীটনাশক, যি প্রাণীকুলৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে৷ কেৱল বহিঃৰাষ্ট্রৰ পৰাই যে এনে ভাবুকি আহিছে তেনে নহয়৷ আমাৰ দেশৰ উদ্যোগ খণ্ডই সৃষ্টি কৰা প্রদূষণেও গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে৷ চৰকাৰে এইবোৰ দিশৰ প্রতিও নজৰ দিয়াৰ প্রয়োজন হৈ পৰিছে৷