গণতন্ত্রত প্রতিটো নির্বাচন অকল এটা ৰাজনৈতিক প্রক্রিয়া নহয়, ই এটা নতুন সম্ভাৱনাৰ দুৱাৰ৷ যোৱা নির্বাচনত অসমৰ জনসাধাৰণে নিজৰ পছন্দৰ চৰকাৰ এখন গঠনৰ দায়িত্ব সম্পূর্ণ কৰিছে৷ এখন নতুন চৰকাৰে ৰাইজৰ আশা–আকাংক্ষা পূৰণৰ বাবে সাজু হৈছে৷
এই চৰকাৰৰ হাতত এতিয়া আছে ৰাইজৰ বিশ্বাস, পাঁচটা মূল্যৱান বছৰ– অসমক অধিক সুন্দৰ আৰু সবল ৰূপত গঢ়াৰ, অসমৰ মানুহৰ সপোন পূৰণ কৰাৰ আৰু এক উন্নত অসমৰ ভেটি শক্তিশালী কৰাৰ৷
এই পাঁচটা বছৰ অসমৰ ৰাইজে ৰাজ্য শাসনৰ বাবে দিয়া নাই, দিছে নতুন ইতিহাস ৰচনা কৰিবলৈ৷ সকলো চৰকাৰ এনেকুৱা বিশ্বাস পোৱাৰ বাবে ভাগ্যৱান নহয়৷ এই বিশ্বাসদাতা অসমৰ জনসাধাৰণ আশাবাদী৷
তেওঁলোক ভাগ্যৰ ওপৰত নির্ভৰশীল নহয়, কামৰ ওপৰত নির্ভৰশীল৷ তেওঁলোক পৰিশ্রমী, সংগ্রামী আৰু নিজৰ ভূমিখণ্ডৰ প্রতি গভীৰভাৱে অনুৰাগী৷ এই মানুহখিনিয়ে ভোটকেন্দ্রলৈ গৈ কেৱল এখন চৰকাৰ বাছি লোৱা নাছিল, তেওঁলোকে বাছি লৈছিল নিজৰ ভৱিষ্যৎ৷
সেই ভৱিষ্যতৰ প্রতি দায়িত্ববোধ অনুভৱ কৰাটোৱেই নতুন চৰকাৰৰ প্রথম কর্তব্য৷ দশক দশক ধৰি কেন্দ্রীয় চৰকাৰৰ অৱহেলাৰ পাত্র হৈ থকা অসম এতিয়া সেই পৰিৱেশৰ ঊর্ধ্বত৷ বিগত এটা দশকৰো অধিককাল অসমে কেন্দ্রীয় চৰকাৰৰ চকুত পৰা সহায় লাভ কৰি আহিছে৷
এই পৰিৱর্তনে অসমৰ ৰাইজক অধিক আশাবাদী আৰু চৰকাৰৰ প্রতি অধিক বিশ্বাসী কৰি তুলিছে৷ এই বিশ্বাসৰ বাবেই চৰকাৰখনৰ পৰা ৰাইজে আগতে ভাবিবলৈকো সাহস নকৰা বস্তুৰ দাবী কৰিব পৰা হৈছে৷
এই মুহূর্তত এই চৰকাৰখনৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল কর্মসংস্থাপনৰ সমস্যা৷ প্রতিবছৰে হাজাৰ হাজাৰ যুৱক–যুৱতীয়ে উচ্চ শিক্ষা সম্পন্ন কৰে, কিন্তু তেওঁলোকৰ বাবে উপযুক্ত কামৰ সুযোগ–সুবিধা নাথাকে৷ তেওঁলোকৰ বহুজন ৰাজ্যৰ বাহিৰলৈ যাবলৈ বাধ্য হৈ পৰে, পৰিয়ালৰ পৰা আঁতৰি যায় আৰু লাহে লাহে নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হয়৷
এই যুৱশক্তিক অসমতেই ধৰি ৰাখিব পৰাটো এক জাতীয় প্রয়োজন৷ ইয়াৰ বাবে নতুন চৰকাৰখনে কৃষি, ডদ্যোগ, পর্যটন আৰু প্রযুক্তি ক্ষেত্রত নতুন কর্মসংস্থাপনৰ পথ মুকলি কৰিব লাগিব৷
অসমৰ যুৱপ্রজন্ম কেৱল চৰকাৰী চাকৰিৰ আশা কৰি বহি থকা প্রজন্ম নহয়, তেওঁলোক উদ্যমী, সৃজনশীল আৰু সুযোগ পালে অসমকে নিজৰ কর্মভূমি কৰি ল’বলৈও সক্ষম৷ সেই সুযোগ সৃষ্টি কৰাটো নতুন চৰকাৰৰ সন্মুুখত এটা ডাঙৰ প্রত্যাহ্বান৷
শিক্ষা আৰু স্বাস্থ্য সেৱাখণ্ডত অসমে এতিয়াও আকাংক্ষিত মানত উপনীত হ’ব পৰা নাই৷ বহু চৰকাৰী বিদ্যালয় দুর্বল হৈ গৈছে, বহু চৰকাৰী চিকিৎসালয়ে প্রয়োজনীয় চিকিৎসা দিব পৰা নাই৷ বিত্তৱান লোক ৰাজ্যৰ বা বাহিৰৰ ব্যক্তিগত প্রতিষ্ঠানৰ স্বাস্থ্যকেন্দ্রলৈ যোৱাটো এটা নিয়মিত কথা৷
কিন্তু দুখীয়া লোকে ইয়াতে অপেক্ষা কৰাৰ বিকল্প নাথাকে৷ এই বৈষম্য কমোৱাটো কেৱল নীতিৰ প্রশ্ন নহয়– ই নৈতিক দায়িত্বৰো প্রশ্ন৷ নতুন চৰকাৰে যদি অহা পাঁচ বছৰৰ ভিতৰত চৰকাৰী বিদ্যালয়বোৰৰ মান উল্লেখযোগ্যভাৱে উন্নত কৰিব পাৰে আৰু যদি প্রতিখন জিলাতেই একোখন ভাল চৰকাৰী চিকিৎসালয় নিশ্চিত কৰিব পাৰে, তেন্তে এইটোৱেই হ’ব অসমৰ ৰাইজলৈ এই কালছোৱাৰ সর্বশ্রেষ্ঠ অৰিহণা৷
বানপানী আৰু গৰাখহনীয়া অসমৰ দেহৰ এক পুৰণি ঘা৷ বানপানীয়ে প্রতিবছৰে লাখ লাখ মানুহৰ জীৱন বিপর্যস্ত কৰে৷ ঘৰ–পথাৰ–সম্পদ সামৰি লৈ যায়, শিশুৰ স্বাস্থ্য আৰু শিক্ষা ব্যাহত হয়৷ বান সাহায্য বিতৰণ এই সমস্যাৰ সমাধান নহয়– ই এটা সাময়িক প্রলেপহে মাথোঁ৷
নতুন চৰকাৰে দীর্ঘম্যাদী বান নিয়ন্ত্রণ পৰিকল্পনা, নদী পৰিচালনা আৰু গৰাখহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ এই কামটো কঠিন, ব্যয়বহুল আৰু সময়সাপেক্ষ– কিন্তু কেন্দ্রীয় চৰকাৰেও এই সমস্যা সমাধানত সহায় কৰাৰ প্রতিশ্রুতি দিছে৷
অসমৰ মানুহে এই সমস্যাৰ ওৰ পৰা চাবলৈ বহু দশক ধৰি অপেক্ষা কৰি আহিছে৷ অকল সমস্যাই নহয়, অসমৰ সম্পদো আছে৷ অসমৰ সাংস্কৃতিক আৰু প্রাকৃতিক সম্পদ অতুলনীয়৷ বিহু, সত্রীয়া নৃত্য, বিভিন্ন জনজাতিৰ পৰম্পৰা– এইবোৰ কেৱল উৎসৱৰ উপকৰণ নহয়, এইবোৰ অসমৰ আত্মা৷
কাজিৰঙা, মানাহ, মাজুলী– এইবোৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰিব পৰা সম্পদ৷ পর্যটন শিল্পৰ সঠিক বিকাশে হাজাৰ হাজাৰ মানুহৰ জীৱিকা নিশ্চিত কৰিব পাৰে, বহু অঞ্চলৰ অর্থনীতিৰ বিকাশৰ কাৰণ হ’ব পাৰে৷
নতুন চৰকাৰে এই সম্পদবোৰক সঠিকভাৱে ব্যৱহাৰ কৰাৰ নীতি গ্রহণ কৰি অসমখনক ভাৰতৰ এক গুৰুত্বপূর্ণ সাংস্কৃতিক আৰু পর্যটন গন্তব্য হিচাপে গঢ়ি তোলাৰ কাম কৰিব পাৰে৷ নতুন চৰকাৰৰ প্রধান শক্তি হ’ল–জনসাধাৰণৰ বিশ্বাস৷
এই বিশ্বাস সহজলভ্য নহয়৷ দশকৰ পিছত দশক ধৰি ভগ্ন প্রতিশ্রুতি দেখাৰ অভিজ্ঞতা থকাৰ পিছতো অসমৰ মানুহে প্রতিটো নির্বাচনতেই নতুন আশাৰ কল্পনা কৰে৷ এইবাৰ কল্পনা নহয়, বিশ্বাস কৰিছে৷
এই বিশ্বাস যেন ব্যর্থ নহয়– এইটোৱেই নতুন চৰকাৰৰ প্রতি জনসাধাৰণৰ একমাত্র অনুৰোধ৷ বিশ্বাসক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰিলেই এই পাঁচটা বছৰ হ’ব অসমৰ ইতিহাসৰ এক উজ্জ্বলতম অধ্যায়৷