নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শিক্ষানীতিক লৈ প্রত্যাশা

নতুন ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত অসমৰ শৈক্ষিক ক্ষেত্রখনক আমূল পৰিৱর্তন ঘটোৱাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰে৷ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত ২০২৩–২৪ শৈক্ষিক বর্ষৰ পৰা নতুন ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম আৰম্ভ হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তিনি জুনত গুৱাহাটী বিশ্ববিদ্যালয়ত বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আনুষ্ঠানিকভাৱে ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ৰ শুভাৰম্ভ কৰাৰ লগে লগে শৈক্ষিক ক্ষেত্রখনৰ ব্যাপক পৰিৱর্তন পৰিলক্ষিত হ’ব৷ একবিংশ শতিকাত প্রতিযোগিতামূলক বিশ্বৰ স’তে ফেৰ মৰাৰ লক্ষ্যৰে ছাত্র–ছাত্রীসকলক বহুমুখী জ্ঞানৰ অধিকাৰী আৰু দক্ষতাসম্পন্নকৈ গঢ়ি তোলাৰ বাবে নতুন শিক্ষানীতি সহায়ক হ’ব বুলি উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই আশা কৰিছে৷ ৰাষ্ট্রীয় শিক্ষানীতি ২০২০খনক আমাৰ ৰাষ্ট্রই উদ্ভাৱন কৰা প্রথমখন শিক্ষানীতি বুলি ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বৰ শিক্ষানীতিসমূহত প্রশাসনীয় দিশসমূহৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছিল৷ মাচুল গাঁথনি, ছেলফ ফাইনেন্সিং পাঠ্যক্রম, বিশ্ববিদ্যালয়ৰ সম্পদ আহৰণ – এক কথাত ক’বলৈ গ’লে পূর্বৰ শিক্ষানীতিসমূহৰ দৃষ্টিভংগী শিক্ষানুষ্ঠানসমূহৰ মাজত প্রশাসনিক সংস্কাৰ কেন্দ্রীয় বিষয় আছিল৷ আজি আমাৰ ভাৰতবর্ষই যিখন শিক্ষানীতি ২০২০ গ্রহণ কৰিলে সেই শিক্ষানীতি পৃথক বুলি ক’ব লাগিব, কাৰণ ই আমাৰ ছাত্র সমাজৰ বহুমুখী বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যখনত প্রাথমিক শিক্ষাৰ পৰা স্নাতকোত্তৰ শ্রেণীৰ শিক্ষা ব্যৱস্থাৰ ব্যাপক পৰিৱর্তন হ’ব৷ এতিয়া দশম শ্রেণীৰ হাইস্কুল শিক্ষান্ত অথবা মেট্রিক পৰীক্ষা শিক্ষানুষ্ঠানসমূহত বছৰেকীয়া পৰীক্ষাৰ লেখীয়া হ’ব৷ দ্বাদশ শ্রেণীৰ পৰীক্ষাহে মেট্রিকৰ লেখীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা হ’ব আৰু এই পৰীক্ষাত ১০ শীর্ষস্থানৰ ব্যৱস্থা থাকিব৷ নতুন শিক্ষানীতি অনুসৰি উচ্চ শিক্ষা ক্ষেত্রখনৰো ব্যাপক পৰিৱর্তন হ’ব৷ তিনি বছৰীয়া স্নাতক পাঠ্যক্রম এতিয়াৰ পৰা চাৰি বছৰীয়া হ’ব৷ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্রম এবছৰীয়া হ’ব৷ স্নাতক শ্রেণীত এবছৰ পঢ়িয়ে ছাত্র–ছাত্রীসকলে লাভ কৰিব প্রমাণ পত্র৷ দুবছৰ পঢ়ি ছাত্র–ছাত্রীসকলে ডিপ্ল’মা লাভ কৰাৰ লগতে তিনি বছৰত স্নাতক আৰু চতুর্থ বছৰত অনার্ছসহ ডিগ্রী লাভ কৰিব৷ পঞ্চম বছৰত ছাত্র–ছাত্রীসকলে লাভ কৰিব স্নাতকোত্তৰ ডিগ্রী৷ নতুন ৰাষ্ট্রীয় নীতিৰ আধাৰত বহুমুখী শিক্ষাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এতিয়া এজন বিজ্ঞান শাখাৰ শিক্ষার্থীয়ে কলা বিষয়ৰ আৰু কলা পাঠ্যক্রমৰ ছাত্র–ছাত্রীয়ে বিজ্ঞান শাখাৰ বিষয় পঢ়াৰ সুযোগ লাভ কৰিব৷ এনে ব্যৱস্থাৰ সুফল অসমৰ ছাত্র–ছাত্রীসকলে লাভ কৰিবলৈ হ’লে ৰাজ্যখনৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ প্রয়োজনীয় আন্তঃগাঁথনি শীঘ্রে গঢ়ি তুলিব লাগিব৷ কিয়নো অসমৰ অধিকাংশ মহাবিদ্যালয়সমূহত্ এতিয়াও কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পাঠ্যক্রম উপলব্ধ নহয়৷ বিশেষকৈ সৰু চহৰ আৰু গ্রামাঞ্চলৰ মহাবিদ্যালয়সমূহত্ একক শাখা চলি আছে৷ নতুন শিক্ষানীতিৰ আধাৰত বহুমুখী শিক্ষাৰ ব্যৱস্থা প্রৱর্তন কৰিবলৈ হ’লে অসমৰ সকলো মহাবিদ্যালয়ত কলা, বিজ্ঞান আৰু বাণিজ্য শাখা মুকলি কৰিব লাগিব৷ ইয়াৰ বাবে প্রয়োজনীয় শ্রেণীকোঠা আৰু শিক্ষক নিযুক্তিৰ লেখীয়া পদক্ষেপ ল’ব লাগিব ৰাজ্য চৰকাৰে৷ এনে পদক্ষেপৰ ফলত ৰাজ্যখনৰ বিশেষকৈ গ্রামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি সুদৃঢ় হোৱাৰ সম্ভাৱনা আছে৷
জ্ঞান আহৰণ আৰু মানৱ সম্পদ গঢ়াই হ’ল শিক্ষাৰ মূল লক্ষ্য৷ বিগত সময়ছোৱাত আমাৰ শিক্ষা ব্যৱস্থা এনে এটা পর্যায়লৈ ধাৱিত হৈছিল যে আমি যেন নিবনুৱা সৃষ্টিৰ কাৰখানাহে স্থাপন কৰিছোঁ৷ নতুন ৰাষ্ট্রীয় শিক্ষানীতিক বহনক্ষম উন্নয়নৰ ২০৩০ চনৰ কার্যসূচীৰ স’তে সংগতি ৰাখি প্রস্তুত কৰা হৈছে৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত নতুন শিক্ষানীতিৰ আধাৰত পাঠ্যক্রম আৰম্ভ হৈছে৷ ভাৰতীয় শিক্ষা ব্যৱস্থাক সংস্কাৰমুখী আৰু বৃত্তিমুখী কৰিবলৈ গ্রহণ কৰা পদক্ষেপৰ ফলত ছাত্র–ছাত্রীসকলৰ মাজত সৃষ্টিশীল আৰু উদ্ভাৱনী চিন্তা–চর্চাৰ প্রসাৰ ঘটিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰ আৰু শিক্ষাগুৰুসকলৰ ভূমিকা নিশ্চিতভাৱে গুৰুত্বপূর্ণ হ’ব৷ ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্রখনৰ পূর্বৰ তুলনাত বহু পৰিৱর্তন হৈছে৷ কিন্তু এই পৰিৱর্তন চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত অধিক প্রকট হৈছে৷ ইয়াৰ মূলতেই হ’ল অধিকাংশ চৰকাৰী শিক্ষানুষ্ঠানত প্রয়োজনীয় আন্তঃগাঁথনিৰ লগতে একনিষ্ঠ আৰু অভিজ্ঞ শিক্ষাগুৰুৰ অভাৱ৷ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহৰ অধিকাংশই দুপৰীয়া দুই বজাৰ ভিতৰত বন্ধ হৈ যায়৷ শিক্ষানুষ্ঠানসমূহৰ কর্তৃপক্ষই ইচ্ছা কৰাহেঁতেন নতুন নতুন পাঠ্যক্রমেৰে ছাত্র–ছাত্রীসকলক আকর্ষিত কৰাৰ সুযোগ আছে৷ এনে বহু পাঠ্যক্রম আছে যিসমূহ পাঠ্যক্রমত পঢ়াশুনা কৰিলে শিক্ষার্থীসকলে নিয়োগ তথা কর্মসংস্থাপনৰ ক্ষেত্রত সহায়ক হয়৷ এনে পাঠ্যক্রম নথকাৰ বাবে অসমৰ বহুসংখ্যক ছাত্র–ছাত্রীয়ে বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানলৈ ঢ়াপলি মেলে৷ নতুন শিক্ষানীতিৰ আধাৰত ৰাজ্যখনৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহে এনে সুযোগ সুবিধা গ্রহণ কৰি ছাত্র–ছাত্রীসকলক আকর্ষিত কৰিব পাৰে৷ নতুন শিক্ষানীতি মুকলি অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই কেইবাটাও গুৰুত্বপূর্ণ তথ্য সদৰী কৰিছে৷ নামভর্তিৰ ক্ষেত্রত ৰাষ্ট্রীয় হাৰৰ তুলনাত অসমৰ অনুপাত এতিয়াও নিম্ন হৈয়ে আছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে আক্ষেপ কৰিছে৷ ৰাজ্যখনৰ প্রায় তিনিশ মহাবিদ্যালয়ৰ ভিতৰত ৯০খন মহাবিদ্যালয়ে এতিয়ালৈকে ৰাষ্ট্রীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (নাক)ৰ স্বীকৃতি লাভ কৰা নাই৷ নাকৰ স্বীকৃতি অবিহনে এখন মহাবিদ্যালয়ে শিক্ষাৰ মান আৰু আন্তঃগাঁথনি নিৰূপণ কৰাটো সম্ভৱ নহয়৷ ‘নাক’ৰ স্বীকৃতি লাভ কৰিবলৈ হ’লে মহাবিদ্যালয়খনৰ শিক্ষা আৰু সামগ্রিক আন্তঃগাঁথনিত অধ্যক্ষ তথা শিক্ষাগুৰুসকলে গুৰুত্ব দিব লাগিব৷ নতুন শিক্ষানীতিৰ আধাৰত সৃষ্টিশীল গৱেষণাৰ পৰিৱেশ গঢ়ি তোলাৰ পদক্ষেপ লোৱা হৈছে৷ বিগত প্রায় তিনিটা দশকত ৰাজ্যখনত গৱেষণাৰ নামত আমাৰ সমাজখনক নতুনত্ব সৃষ্টি কৰিব পৰা বিশেষ উল্লেখযোগ্য সফলতা লাভ কৰা পৰিলক্ষিত হোৱা নাই৷ অধিকাংশ গৱেষণা হৈছে মাথোঁ ডিগ্রীকেন্দ্রিক৷ নির্ধাৰিত কিছুমান পদত নিযুক্তি তথা দৰমহাৰ হাৰ বৃদ্ধিৰ স্বার্থতে বিশ্ববিদ্যালয়সমূহ অধিকাংশ গৱেষণা চলি আছে৷ এইক্ষেত্রত একাংশ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে পূর্ণগতিত বেহা চলাই গৈছে৷ এনে পৰিস্থিতিত নতুন শিক্ষানীতিৰ সঠিক প্রৱর্তন এক প্রত্যাহ্বান হৈ উঠাৰ আশংকা আছে৷ কি ৰাজ্য চৰকাৰ আৰু উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে একাগ্রতাৰে আগবাঢ়িলে নতুন শিক্ষানীতিৰ জৰিয়তে অসমৰ ছাত্র–ছাত্রীসকলেও সংস্কাৰমুখী শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ লগে লগে উপযুক্ত মানৱ সম্পদ সৃষ্টিৰ জৰিয়তে অসমখন দেশৰ শৈক্ষিক মানচিত্রত শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হ’ব৷

You might also like