নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীক বিহ খুৱাই হত্যাৰ চেষ্টাঃ ৮০ ছাত্রীক হাস্পতালত ভর্তি

📌 ইৰানৰ পাছত তালিবানশাসিত আফগানিস্তানত শিহৰণকাৰী ঘটনা

বিশেষ বাৰ্তা, ৬ জুনঃ ইৰানৰ দৰে আফগানিস্তানতো স্কুলীয়া ছাত্রীসকলক বিহ খুৱাই হত্যাৰ চেষ্টা চলোৱা হৈছে ৷ তালিবানশাসিত দেশখনত শেহতীয়াকৈ অভিযোগ উত্থাপন হৈছে ৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, গুৰুতৰভাৱে অসুস্থ হোৱা ৮০গৰাকী ছাত্রীক হাস্পতালত ভর্তি কৰোৱা হৈছে ৷ বিগত দুটা দিনত উত্তৰ আফগানিস্তানৰ দুখন বিদ্যালয়ত অসুস্থ হৈ পৰে ছাত্রীসকল ৷ অৱশ্যে বিষয়টোক ব্যক্তিগত আক্রোশ বুলি দাবী কৰিছে স্থানীয় প্রশাসনে ৷ প্রসংগক্রমে উল্লেখনীয় যে চলিত বর্ষৰ ফেব্রুৱাৰী মাহত ইৰানৰ বিদ্যালয়ত একেদৰে ছাত্রীক বিহ খুওৱাৰ অভিযোগ উঠিছিল প্রশাসনৰ বিৰুদ্ধে ৷ যোৱা শনিবাৰ আৰু দেওবাৰে উত্তৰ আফগানিস্তানৰ ছংচাৰক জিলাৰ দুখন প্রাথমিক বিদ্যালয়ৰ ছাত্রীসকল অসুস্থ হৈ পৰে ৷ লগে লগে ছাত্রীসকলক হাস্পতালত ভর্তি কৰোৱা হয় ৷

You might also like