নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ বিৰুদ্ধে জেহাদ

অসমৰ খিলঞ্জীয়া আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্র নতুন কথা নহয়৷ শতিকাজুৰি খিলঞ্জীয়া লোকসকলে ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে যুঁজ দিব লগা হৈছে৷ অসমীয়া ভাষাৰ বিৰুদ্ধে দশক দশক ধৰি চলি অহা এনে ষড়যন্ত্র মষিমূৰ কৰি অসমীয়াই আজি জগত জিনিছে৷ বাংলাদেশী মূলৰ অনুপ্রৱেশৰ সমস্যাই খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু সম্পত্তিৰ প্রতি গভীৰ ভাবুকি সৃষ্টি কৰাৰ সময়তে এবিএমছুৰ কার্যকৰী সভাপতি মাইনুদ্দিন আলীয়ে অসমীয়া ভাষা আৰু খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে মুকলি জেহাদ ঘোষণা কৰিছে৷ অসমৰ আগন্তুক লোকপিয়লত বাংলাদেশী মূলৰ লোকসকলক মাতৃভাষা সলনিৰে অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰাৰ হুংকাৰ দিছে৷ এবিএমছু সংগঠনটো এটি সম্প্রদায়িক আৰু বিতর্কিত সংগঠন৷ মুছলমান ছাত্রৰ নামত গঠন হোৱা ছাত্র সংগঠনটোৱে বড়োভূমিত সংঘটিত সংঘর্ষৰ অন্তৰালত জড়িত থকাৰ অভিযোগ আছে৷ খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে অস্থিৰতা সৃষ্টিৰ বাবে সংগঠনটোৰ একাংশ নেতাই অহৰহ চক্রান্ত চলোৱাৰ অভিযোগ আছে৷ গোৱালপাৰা জিলাৰ চাপৰত বেদখল উচ্ছেদ অভিযানৰ সময়তে এবিএমছুৰ বিতর্কিত নেতাজনে যিদৰে অসমীয়াৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে সেয়া দশক দশক ধৰি চলি থকা খিলঞ্জীয়াৰ বিৰুদ্ধে চক্রান্তৰ এক অংশ৷ বাংলাদেশী মূলৰ অনুপ্রৱেশকাৰীৰ আধিপত্য বৃদ্ধিৰ লগে লগে অসমৰ কেইবাখনো জিলাৰ জনগাঁথনিৰ ব্যাপক পৰিৱর্তন হৈছে৷ ফলত এই জিলাসমূহত বাস কৰা খিলঞ্জীয়া লোকসকলে জীৱন–মৰণৰ সন্মুখীন হৈছে৷ বিগত চাৰি–পাঁচ দশকত বাংলাদেশী মূলৰ লোকসকলক ন–অসমীয়াৰ চিনাকিৰে বৃহত্তৰ অসমীয়া জাতি গঠনৰ এক প্রক্রিয়া আৰম্ভ হৈছিল৷ বিশেষকৈ চৰ–চাপৰি আৰু মুছলমান অধ্যুষিত অঞ্চলসমূহত ভাষা–সাহিত্য সম্প্রসাৰণৰ বাবে অসম সাহিত্য সভাই পদক্ষেপ গ্রহণ কৰিছিল৷ কিন্তু এনে সকলো প্রচেষ্টা মষিমূৰ কৰি অসমীয়া ভাষা আৰু খিলঞ্জীয়া লোকসকলক দুর্বল কৰাৰ চক্রান্ত অব্যাহত ৰাখিছে বাংলাদেশী মূলৰ প্রভাৱশালী চক্রই৷ জনগাঁথনিৰ পৰিৱর্তন নির্ণায়ক হৈ উঠাৰ লগে লগে বাংলাদেশী মূলৰ লোকসকলে ক্রমাগতভাৱে অসমীয়া ভাষাৰ বিৰুদ্ধে চলোৱা ষড়যন্ত্রৰ ছবিখন বিগত তিনিটা লোকপিয়লৰ তথ্যতে উন্মোচন হৈছে৷ ১৯৯১ৰ লোকপিয়লত বৰপেটা জিলাত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৮,৮৬,১৯৯গৰাকী৷ ২০০১ৰ লোকপিয়লত জিলাখনত অসমীয়াভাষী লোকৰ সংখ্যা ৭,৭৪,২২৯গৰাকী আৰু ২০১১ৰ লোকপিয়লত ৬,১২,২৪৮গৰাকীলৈ হ্রাস হৈছে৷ ইয়াৰ বিপৰীতে ১৯৯১ৰ লোকপিয়লত বৰপেটা জিলাত বাংলাভাষী লোকৰ সংখ্যা ৩,৯৫,০৬৩গৰাকীৰ পৰা ২০০১ৰ লোকপিয়লত ৭,৩৫,৮৪৫গৰাকী আৰু ২০১১ৰ লোকপিয়লত ১০,৪৫,৬৯৮গৰাকীলৈ বৃদ্ধি হৈছে৷ একেদৰে দৰং জিলাত ১৯৯১ চনত অসমীয়া ভাষীৰ সংখ্যা আছিল ৮,৬৯,৪৭৭গৰাকী৷ ২০০১ৰ লোকপিয়লত ৫,৮৯,০০৬গৰাকী আৰু ২০১১ত ৪,৫৭,৬৯৬গৰাকীলৈ হ্রাস হৈছে অসমীয়াভাষী৷ ইয়াৰ বিপৰীতে ১৯৯১ৰ লোকপিয়লত দৰং জিলাত বাংলাভাষীৰ সংখ্যা ১,৮২,০০৭গৰাকীৰ পৰা ২০১১ৰ লোকপিয়লত ৪,৫০,২৩৩গৰাকীলৈ বৃদ্ধি হৈছে৷ বঙাইগাঁও জিলাত ১৯৯১ত লোকপিয়লত অসমীয়াভাষীৰ সংখ্যা আছিল ৩,৯৪,০৫৯গৰাকী৷ ২০১১ৰ লোকপিয়লত জিলাখনত অসমীয়াভাষীৰ সংখ্যা বৃদ্ধি হওক দূৰৰ কথা ৩,৬২,০০৬গৰাকীলৈ হ্রাস হৈছে৷ ইয়াৰ বিপৰীতে বঙাইগাঁও জিলাত ১৯৯১ৰ লোকপিয়লত বাংলাভাষী লোকৰ সংখ্যা ২,২৪,১৬৭গৰাকীৰ পৰা ২০১১ৰ লোকপিয়লত ৩,২১,২৮৭গৰাকীলৈ বৃদ্ধি হৈছে৷ নগাঁও জিলাত ১৯৯১ৰ লোকপিয়লত বাংলাভাষী লোকৰ সংখ্যা ৪,৭০,০৫১গৰাকীৰ পৰা ২০১১ত ৮,০৮,০৭১গৰাকীলৈ বৃদ্ধি হৈছে৷ মৰিগাঁও জিলাত ১৯৯১ত ৬৭,০০১গৰাকীৰ পৰা দুটা দশকৰ ভিতৰতে বাংলাভাষীৰ সংখ্যা ২,১২,৪৯২গৰাকীলৈ বৃদ্ধি হৈছে৷
এবি এমছুৰ বিতর্কিত নেতাজনে জেহাদ ঘোষণাৰ পূর্বেই বাংলাদেশী মূলৰ লোকসকলে লোকপিয়লত ইতিমধ্যে অসমীয়া ভাষা ত্যাগ কৰিছে৷ বাংলাদেশী মূলৰ লোকসকলৰ এনে স্থিতিৰ বাবেই অসমত অসমীয়াভাষী লোকৰ সংখ্যা হ্রাস পোৱাৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি হৈছে৷ অসমীয়া ভাষাত সৃষ্টি হোৱা এনে প্রভাৱ ৰাজ্যখনৰ ধর্মভিত্তিক জনগাঁথনিতো স্পষ্ট হৈছে৷ ১৯০১ত অসমত হিন্দু জনসংখ্যা আছিল ৯০.০২ শতাংশ আৰু মুছলমান আছিল ৯.৫০ শতাংশ৷ ১৯৫১ৰ লোকপিয়লত অসমৰ হিন্দু জনসংখ্যা ৭২.০১ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা ২৪.৬৮ শতাংশলৈ বৃদ্ধি হয়৷ ১৯৬১, ১৯৭১, ১৯৯১, ২০০১ আৰু ২০১১ৰ লোকপিয়লত অসমত হিন্দু জনসংখ্যা ক্রমে ৭১.৩৭ শতাংশ, ৭২.৫১ শতাংশ, ৬৭.১৩ শতাংশ, ৬৪.৮৯ শতাংশ আৰু ৬১.৪৬ শতাংশলৈ হ্রাসৰ বিপৰীতে মুছলমান জনসংখ্যা ২৫.৬৫ শতাংশ, ২৪.৫৬ শতাংশ, ২৮.৪৩ শতাংশ, ৩০.৯২ শতাংশ, ৩৪.২২ শতাংশলৈ বৃদ্ধি হৈছে৷ বাংলাদেশী মূলৰ লোকসকলে ৰাজ্যখনৰ সংৰক্ষিত ভূমিত পৰিকল্পিতভাৱে বেদখল চলাই আধিপত্য বিস্তাৰৰ কৌশল লৈছে৷ ৰাজ্য চৰকাৰৰ প্রায় আঠ লাখ বিঘা ভূমিত এই বেদখল চলি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদৰী কৰিছে৷ শেহতীয়াকৈ গোৱালপাৰা আৰু লখিমপুৰত চলোৱা উচ্ছেদ অভিযানত এই কথাও পোহৰলৈ আহিছে যে বেদখলকাৰীসকলৰ অধিকাংশই সংখ্যালঘু অধ্যুষিত জিলাৰ পৰা আহি এনে বেআইনী ঘাটি স্থাপন কৰিছে৷ দৰং জিলাৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ সময়তো একেই ছবি দেখা গৈছিল৷ বাংলাদেশী মূলৰ লোকসকলৰ আগ্রাসনৰ বাবেই অসমীয়াকে ধৰি ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে যদিও অসমীয়া ভাষাই দুর্যোগৰ সন্মুখীন হোৱাৰ কোনো আশংকা নাই৷ অসমীয়া ভাষা আজি বিশ্বৰ অন্যতম চহকী ভাষা৷ বিশ্বমানৰ সাহিত্য সৃষ্টিৰ লগতে আমাৰ ভাষাৰ ঐতিহ্যৰ বাবেই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৯০০ চনত প্রথম অসমীয়া অভিধানখন প্রকাশৰ সময়ত অসমীয়া শব্দ ভাণ্ডাৰ আছিল প্রায় ২৪ হাজাৰটা৷ ২০২৪ৰ অসমীয়া অভিধানৰ শেহতীয়া সংস্কৰণত ১.২৫ লাখৰো অধিক শব্দ অন্তর্ভুক্ত হৈছে৷ অসমীয়া ভাষা এতিয়া অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ একমাত্র সংযোগী ভাষা৷ দেশ–বিদেশত অসমীয়া ভাষাত প্রচাৰ আৰু প্রসাৰ দিনকদিনে বৃদ্ধি হৈছে৷ এবি এমছুৰ যিজন বিতর্কিত নেতাই অসমীয়া ভাষা আৰু খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে তেওঁ অসমীয়া ভাষাতে ক’বলগীয়া হৈছে৷ প্রকৃততে বাংলাদেশী মূলৰ একাংশ ৰাজনৈতিক নেতা আৰু সংগঠনে অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে এনে চক্রান্তৰ নেতৃত্ব লৈ আহিছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰিত অসম চুক্তিৰ পাছত এই চক্রটোৱে ৰাজনৈতিক স্বার্থতে বিভাজন প্রক্রিয়া মুকলি কৰিছিল৷ নিশাৰ ভিতৰতে গঠন হোৱা সংযুক্ত সংখ্যালঘু মর্চা (ইউএমএফ) দলটো গঠনৰ জৰিয়তে অসমৰ জাতীয়তাবাদী ধাৰাক কুঠাৰাঘাত কৰি বাংলা ভাষা প্রসাৰৰ চক্রান্তও নতুন ৰূপত গঢ় দিয়া হৈছিল৷ অসমত বিভিন্ন ভাষীৰ লোকে বাস কৰে৷ অসমত বাস কৰা ৰাজস্থান, বিহাৰ, পঞ্জাব, পশ্চিমবংগৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ লোকৰ মাতৃভাষা অসমীয়া নহয়৷ লোকপিয়লত ইয়াৰে অধিকাংশই মাতৃভাষা অসমীয়া বুলি নিলিখে৷ কিন্তু হিন্দু–মুছলমানৰ নামত অসমীয়া ভাষাৰ বিৰুদ্ধে যিদৰে মুকলি জেহাদ আৰম্ভ হৈছে সেয়া ৰাজ্যখনৰ বাবে এক ভয়াৱহ বিপদৰ আগজাননী৷ দুর্ভাগ্যৰ কথা এয়ে যে অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ এনে ভাবুকিৰ সময়তো ৰাজ্যখনৰ প্রধান বিৰোধী দল কংগ্রেছকে ধৰি অধিকাংশ দল–সংগঠন নির্বিকাৰ হৈ আছে৷ সন্মুখত থকা বিধানসভা নির্বাচনত ভোটৰ অংকতে বিৰোধী ৰাজনৈতিক দল আৰু সংগঠনসমূহে গ্রহণ কৰা এনে স্থিতিক খিলঞ্জীয়া লোকসকলে গুৰুত্বসহকাৰে গ্রহণ কৰা উচিত৷

You might also like