নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ কাপুৰুষালি

ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতাৰ প্রতি ভাবুকি সৃষ্টিকাৰী ষড়যন্ত্র অব্যাহত ৰাখিছে পাকিস্তানে৷ সীমাৰ সিপাৰৰ সন্ত্রাসবাদক পৃষ্ঠপোষকতা আগবঢ়োৱাৰ সমান্তৰালভাৱে পাক সেনাই জম্মু–কাশ্মীৰ সীমান্তত ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘা কৰি আহিছে৷ সমুখসমৰত লিপ্ত হোৱাৰ সাহস প্রদর্শন কৰিব নোৱাৰা পাক সেনাৰ অপ্রৰোচিত গুলী–মর্টাৰ নিক্ষেপত ইতিমধ্যে বহু ভাৰতীয় জোৱানৰ লগতে সীমান্তবাসী গঞাই প্রাণ বিসর্জন দিবলগীয়া হৈছে৷ পাক বাহিনীৰ এনে কাপুৰুষালিৰ শেহতীয়া উদাহৰণ হৈছে যোৱা ১২ নৱেম্বৰৰ নিশা উৰি ছেক্টৰত সংঘটিত গুলীচালনাৰ ঘটনা৷ এল অ’ চি সংলগ্ণ এলেকাত পাকিস্তানী সেনাই অপ্রৰোচিতভাৱে নিৰাপত্তা বাহিনীৰ নিৰীক্ষণ চকী আৰু নিৰীহ লোকৰ বাসস্থানলৈ গুলীচালনা কৰাৰ ফলত তিনিজনকৈ ভাৰতীয় জোৱান শ্বহীদ হৈছে৷ তদুপৰি পাক সেনাৰ গুলীত নিহত হৈছে আন তিনিজন নিৰীহ লোকো৷ পাকিস্তানী সেনাৰ গুলীত নিহত তিনি ভাৰতীয় জোৱানৰ ভিতৰত এজন অসম সন্তানো আছে৷ চিৰবৈৰী ৰাষ্ট্রখনৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি দেশমাতৃৰ হকে প্রাণ আহুতি দিছে বিলাসীপাৰা মহকুমাৰ ফুটকীবাৰীৰ মেধিপাৰা গাঁৱৰ হৰধন চন্দ্র ৰায়ে৷ ভাৰতীয় সেনাই ইতিমধ্যে পাক বাহিনীক সমুচিত প্রত্যুত্তৰ দিবলৈ সক্ষম হৈছে যদিও এই ঘটনাই সম্প্রতি সীমান্তৰ পৰিস্থিতি অধিক উত্তেজিত কৰি ৰাখিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– জম্মু–কাশ্মীৰৰ এল অ’ চিত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন এতিয়া নিয়মমাফিক কার্যত পৰিণত হৈছে৷ ভাৰতীয় সেনাৰ তথ্যৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত এই সম্পর্কীয় বাতৰি অনুসৰি যোৱা ১৩ নৱেম্বৰ পর্যন্ত চলিত বর্ষত কমেও ৪,০৫২টা যুদ্ধবিৰতি উলংঘা কৰা কার্যত লিপ্ত হৈছে পাকিস্তান সেনা৷ বিগত ২০১৯ চনত সীমান্তত পাক সেনাৰ দ্বাৰা ৩,২৩৩টা যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত হৈছিল৷ বিগত ১৭ বছৰৰ ভিতৰত চলিত বর্ষতে পাক বাহিনীয়ে সর্বাধিকসংখ্যক যুদ্ধবিৰতি উলংঘা কৰিছে৷ যুদ্ধবিৰতি উলংঘাৰ এই তথ্যই ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ আগ্রাসী আৰু ষড়যন্ত্রমূলক মনোভাব স্পষ্ট কৰে৷ সেয়েহে ভাৰত চৰকাৰে সমগ্র বিষয়টোক অতি গুৰুত্ব সহকাৰে লোৱাৰ সময় আহি পৰিছে৷ বিশেষকৈ ৰাষ্ট্রসংঘৰ দৰে আন্তর্জাতিক মঞ্চত কূটনৈতিকভাৱে ভাৰতবিৰোধী ষড়যন্ত্র উত্থাপন কৰি পাকিস্তানক এঘৰীয়া কৰাৰ পদক্ষেপ ল’ব লাগিব৷ ইয়াৰ সমান্তৰালকৈ সামৰিক কৌশলগতভাৱেও চিৰবৈৰী ৰাষ্ট্রখনৰ ক্ষেত্রত ভাৰত অধিক কঠোৰ হোৱা উচিত৷ ইয়াৰ অন্যথা সীমান্তত পাক বাহিনীৰ সন্ত্রাস হয়তো আৰু অধিক বৃদ্ধি পাব৷
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে ভাৰতভূমিক অস্থিৰ কৰি ৰাখিব বিচৰা পাকিস্তানক ইতিমধ্যে কঠোৰ সকীয়নি দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ পাকিস্তান সীমান্ত সংলগ্ণ পঞ্জাবৰ জয়ছালমেৰৰ লংগেৱালা প’ষ্টত বায়ুসেনা বাহিনীৰ জোৱানৰ সৈতে দীপাৱলী উদ্যাপন কৰি প্রধানমন্ত্রী মোদীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যে সীমান্তৰ সুৰক্ষাক লৈ আপোচ কৰা নহ’ব৷ একে সময়তে প্রধানমন্ত্রী মোদীয়ে পাকিস্তানৰ বন্ধু তথা ভাৰতৰ মাটিত ধাৰাবাহিক আগ্রাসন চলাই অহা চীনকো সকীয়নি দিছে৷ প্রধানমন্ত্রী মোদীৰ এনেধৰণৰ বার্তা তথা স্থিতি সময়োচিত ৰূপে চিহ্ণিত হৈছে যদিও অনাগত সময়ত সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক লেকাম লগাবলৈ কূটনৈতিক তথা সামৰিক কৌশলগতভাৱে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like