নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রেষ্ঠ বেগী বলাৰ হ’ব বুমৰাহ: গিলেস্পী

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ প্রত্যাহ্বানজনক অষ্ট্রেলিয়া ভ্রমণৰ পূর্বে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে অষ্ট্রেলিয়াৰ একালৰ দুর্ধর্ষ বেগী বলাৰ জেছন গিলেস্পীৰ ভূয়সী প্রশংসা আদায় কৰিবলৈ সক্ষম হৈছে৷ অতি কম সময়ৰ ভিতৰতে ক্রিকেটৰ তিনিওটা সংস্কৰণত দুর্দান্ত প্রদর্শন দাঙি ধৰা বুমৰাহৰ প্রশংসাত পঞ্চমুখ হৈ পৰি গিলেস্পীয়ে কয় যে নিঃসন্দেহে বুমৰাহ এদিন ভাৰতৰ সর্বকালৰ শ্রেষ্ঠ বেগী বলাৰ হিচাপে চিহ্ণিত হ’ব৷ ‘ভাৰতীয় বেগী বলিং আক্রমণ সম্প্রতি বিশ্বৰ ভিতৰতে অন্যতম দুর্ধর্ষ হিচাপে চিহ্ণিত হৈছে৷ বিশেষকৈ যশপ্রীত বুমৰাহৰ প্রতিভাই মোক বাৰুকৈয়ে আকৃষ্ট কৰে৷ কেৰিয়াৰ সামৰাৰ সময়ত তেওঁ নিশ্চিতভাৱে বিশ্ব ক্রিকেটৰ এগৰাকী ছুপাৰষ্টাৰ হ’ব৷ ক্রিকেটৰ তিনিওটা সংস্কৰণত তেওঁ ভাৰতৰ সর্বকালৰ শ্রেষ্ঠ বেগী বলাৰ হোৱাৰ সম্ভাৱনা আছে৷’– গিলেস্পীয়ে এইদৰে কয়৷

ইফালে, বুমৰাহ, মহম্মদ ছামি, ঈশান্ত শর্মা, উমেশ যাদৱ আদিৰে গঠিত ভাৰতীয় বেগী বলিং আক্রমণে সমাগত টেষ্ট শৃংখলাত অষ্ট্রেলিয়াক প্রত্যাহ্বান জনোৱাৰ পূর্ণ সম্ভাৱনা আছে বুলিও অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে ভাৰতে এদিনীয়া আৰু টি–২০ শৃংখলাৰ পিছত অহা ১৭ ডিচেম্বৰৰ পৰা চাৰিখন টেষ্ট মেচৰ শৃংখলাত অৱতীর্ণ হ’ব৷

You might also like