নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক ব্যাপক ভূমি–সংস্কাৰৰ প্রয়োজন

ভূমি–সংস্কাৰেই হওক কিম্বা সমাজ–সংস্কাৰ– প্রতিটো বিষয়ৰ সংস্কাৰেই একো একোটা ধাৰাবাহিক প্রক্রিয়া৷ অর্থাৎ সংস্কাৰ প্রক্রিয়া পর্যায়ক্রমে আগবঢ়াই নিয়াটো অপৰিহার্য৷ অসমৰ ভূমি–সংস্কাৰৰ ইতিহাসত যদি আমি আলোকপাত কৰোঁ, তেনেহ’লে দেখিম যে আহোম ৰাজত্বকালৰ এজনা বিচক্ষণ ৰাজপুৰুষ মোমাইতামুলী বৰবৰুৱাৰ উদ্যোগতে প্রথমটো উল্লেখযোগ্য ভূমি–সংস্কাৰ সম্পন্ন হৈছিল৷ মন কৰিবলগীয়া কথা হৈছে আহোম যুগৰ অসমৰ কোনো ৰজা ভূমিৰ অধিকাৰী নাছিল৷ ৰাজ্যৰ সমস্ত ভূ–সম্পত্তিৰ গৰাকী আছিল প্রজা৷ প্রজাসাধাৰণৰ সামগ্রিক চৰিত্র ভূমিদাতাতকৈ একো প্রকাৰে পৃথক নাছিল৷ সাধাৰণতে চাৰিজন পাইকেৰে একোটা গোট গঠন কৰা হৈছিল আৰু সাধাৰণ অৱস্থাত তেনে একোটা গোটৰ একোজন পাইকে বিভিন্ন ৰজাঘৰীয়া কার্যত শ্রমদান কৰিব লাগিছিল৷ তাৰ বিনিময়ত গোটৰ বাকী তিনিজন পাইকে তেওঁৰ খেতিপথাৰ আৰু গৃহস্থালিৰ অন্যান্য কাম–কাজ চম্ভালি দিছিল৷ যুদ্ধ–বিগ্রহ অথবা আন জৰুৰী অৱস্থাত দোৱাল তোলা প্রথা আছিল৷ তেনে অৱস্থাত চাৰিজনীয়া পাইকৰ গোট একোটাৰ দুজনে ৰজাঘৰীয়া কর্মত আত্মনিয়োগ কৰিব লগা হৈছিল৷ আকৌ কেতিয়াবা চাৰিজন পাইকৰ তিনিজনেই ৰজা নাইবা ৰাজ্যৰ হকে শ্রমদান কৰিব লগাত পৰিছিল৷ ইয়াকে তেৱাল তোলা বুলিছিল৷ তেৱাল তোলাৰ সময়খিনিত গোটৰ চতুর্থজন পাইকৰ দশা অবর্ণনীয় হৈ উঠিছিল৷
কালক্রমত আহোম ৰাজত্বৰ অৱসান ঘটাৰ পাছত ঔপনিৱেশিক শাসনৰ কালছোৱাত অসমৰ ৰাজহ ব্যৱস্থাত আমূল পৰিৱর্তন ঘটে৷ ব্রিটিছসকলে পূর্বৰ শ্রমৰ বিনিময়ত মাটিখোৱাৰ প্রথা বিলুপ্ত কৰি খাজানা অর্থাৎ ভূমি–ৰাজহ সংগ্রহৰ নিয়ম প্রৱর্তন কৰে৷ এই নিয়মৰ অধীনত সমগ্র দেশৰ লগতে অসমতো এক ৰায়ত শ্রেণীৰ উদ্ভৱ হয় আৰু চৰকাৰী মাটি কৃষিকর্মত ব্যৱহাৰ কৰিবৰ নিমিত্তে পটা দিয়াৰ ব্যৱস্থা প্রৱর্তিত হয়৷ পটাদাৰ ৰায়তসকলে ভোগ দখল কৰা মাটিৰ শ্রেণী অনুযায়ী চৰকাৰক নগদ ধনেৰে ৰাজহ শোধোৱাৰ নিয়ম হয়৷ এই ভূমি–ৰাজহ সংগ্রহৰ অর্থে উপনিৱেশিক চৰকাৰে সমস্ত ৰাজম্ব ব্যৱস্থাটো সু–সংগঠিত কৰি তোলে আৰু অধিকাংশ স্থানতে ভূমি–জৰীপ সম্পন্ন কৰে৷ এই ব্যৱস্থা প্রৱর্তনৰ ফলত মণ্ডল, কাননগো আদি এচাম চৰকাৰী বেতনভোগী কর্মচাৰীৰ সৃষ্টি হোৱাৰ উপৰি খাজনা সংগ্রহৰ অর্থে মৌজাদাৰ নামৰ এক শ্রেণীৰ স্থানীয় ৰাজপ্রতিনিধিৰ উদ্ভৱ হয়৷ ক’বলৈ গ’লে এই মৌজাদাৰ শ্রেণীটোৱেই ঔপনিৱেশিক শাসনৰ যুগটোত চৰকাৰ আৰু ৰায়তৰ মাজত প্রধান যোগসূত্র হৈ উঠিছিল৷ চৰকাৰক ভূমি ৰাজহ সংগ্রহ কৰি দিয়াৰ উপৰি সীমিত ক্ষেত্রত মৌজাদাৰসকলক কিছুমান উন্নয়নমূলক কার্যতো জড়িত কৰোৱাৰ বিষয়ে জনায় যায়৷ সেয়ে হ’লেও ঔপনিৱেশিক শাসনকালৰ অসমত গৰিষ্ঠসংখ্যক মৌজাদাৰেই ৰাজহ সংগ্রহৰ নামত প্রজাসাধাৰণৰ ওপৰত তীব্র নিপীড়ন চলোৱাৰ নিমিত্তে কুখ্যাত হৈ উঠিছিল৷ অৱশ্যে তাৰ বাবে তেওঁলোকক পোনপটীয়াকৈ জগৰীয়া কৰাৰ একো কাৰণ বিচাৰি নাপাওঁ৷প্রকৃতপক্ষে উচ্চ হাৰত ভূমি–ৰাজহ নির্ধাৰণৰ হেতু দায়ী আছিল ইংৰাজ শাসকবর্গহে৷ নির্ধাৰিত নিৰিখত ৰায়তৰ পৰা ৰাজহ সংগ্রহত ব্যর্থত হ’লে মৌজাদাৰ একোজন ৰাজৰোষৰ সন্মুখীন হৈছিল৷ সেয়ে তেওঁলোকে জোৰ–জুলুম কৰি হ’লেও খাজনা সংগ্রহ কৰিবলৈ বাধ্য হৈছিল৷ এটা সময়ত ইংৰাজ চৰকাৰৰ খাজানাৰ নিৰিখ ইমানেই চৰিছিল যে নিষ্পেত্তিত কৃষকসকলে বর্ধিত খাজনাৰ বিৰুদ্ধে প্রবল বিদ্রোহ সংগঠিত কৰিছিল৷ অসমত সংঘটিত এনে কৃষক বিদ্রোহৰ প্রশস্ততম নিদর্শন হৈছে দৰং জিলাৰ পথৰুঘাটৰ ৰণ (১৮৯৪ চনৰ জানুৱাৰী)৷
১৯৪৭ চনত আমাৰ দেশখন ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হোৱাৰ পাছত ভাৰতীয় ৰায়তসকল স্বাভাৱিকতে এখন স্বাধীন দেশৰ নাগৰিকলৈ উন্নীত হয়৷ তাৰ লগে লগে ভূমি–ৰাজহক কেন্দ্র কৰি উদ্ভৱ হোৱা পূর্বৰ সকলো তিক্ততাৰো অৱসান ঘটা বুলিব পাৰি৷ স্বাধীন ভাৰতৰ নাগৰিকসকলে ব্রিটিছ শাসনকালত আবণ্টিত ভূমিৰ অধিকাৰকে উত্তৰাধিকাৰ সূত্রে লাভ কৰিলে যদিও সকলো শ্রেণীৰ ভূমি–ৰাজহ নিদর্শনমূলক হৈ পৰিল৷ তাৰ লগতে মৌজাদাৰ শ্রেণীটোৱেও পূর্বৰ গুৰুত্ব তথা প্রতিপত্তি হেৰুৱাই পেলালে৷ ইমানখিনি ইতিবাচক পৰিৱর্তন সত্ত্বেও ভূমি–জৰীপৰ বিষয়টোত বিশেষ সালসলনি নঘটিল৷ ব্রিটিছ আমোলত ৰাজহ বিভাগৰ বিষয়া–কর্মচাৰীসক যিটো গাঁথনি আছিল, সেইটোও প্রায় অপৰিৱর্তিত হৈ ৰ’ল৷ ব্রিটিছ চৰকাৰৰ দিনত মাটিৰ হাকিমসকলে যি যথেচ্ছাচাৰ চলাইছিল, স্বাধীন অসমত তাৰ প্রকোপ কমক ছাৰি বাঢ়িলহে৷ দুই বা ততোধিক পক্ষৰ মাজত ভূমিকেন্দ্রিক বিবাদৰ উদ্ভৱ হ’লে ৰাজহ বিভাগৰ ক্ষেত্র প্রাধিকাৰীসকলে Field officers) যি দুর্নীতিৰ পোহাৰ মেলে, তাৰ হ’লে অৱসান নঘটিল৷ মুঠৰ ওপৰত ভূমিৰ দায়িত্ব আৰু উত্তৰাধিকাৰক কেন্দ্র কৰি আমাৰ দেশ তথা ৰাজ্যত সীমাহীন দুর্নীতিৰ ঘটনা আজিও সংঘটিত হৈ আছে৷ বিশেষকৈ চৰকাৰী মাটি ব্যক্তি বিশেষ অথবা প্রতিষ্ঠান বিশেষৰ নামলৈ হস্তান্তৰিত কৰাৰ বেলিকা ঘটি থকা দুর্নীতিৰ পয়োভৰ মুঠেও হ্রাস হোৱা নাই৷ আনহাতে ৰাস্তা–ঘাট আদি নির্মাণৰ দৰে উন্নয়নমূলক কাম–কাজৰ বাবে ব্যক্তিগত পট্টাৰ মাটি চৰকাৰে অধিগ্রহণ কৰোঁতে তাৰ ক্ষতিপূৰণ নির্ধাৰণৰ সময়তো ঘটি আছে অনেক অনিয়ম৷ সন্দেহজনক বিদেশী নাগৰিকহঁতক সামান্য উপঢ়ৌকনৰ বিনিময়ত মাটিৰ পট্টা দান কৰি আহিছে আমাৰ নিজৰেই ৰাজহ বিষয়া তথা অধস্তন কর্মচাৰী চক্রই৷ এনেদৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সকলোৰে অলক্ষিতে অনুপ্রৱেশকাৰী পক্ষলৈ হস্তান্তৰিত হৈ থকাটো একো নতুন কথা নহয়৷ আনকি পূর্বৰ দুখনমান চৰকাৰৰ দিনত বনাঞ্চলৰ অন্তর্গত ভূমিতো সংকীর্ণ ৰাজনৈতিক স্বার্থত খিলঞ্জীয়া লোকক ভূমি পট্টন দিয়া হৈছিল৷ পূর্বোক্ত আটাইবিলাক অশুভ প্রপঞ্চৰ সন্মিলিত প্রভাৱত আজি অসমৰ খিলঞ্জীয়া পক্ষটোৰ মাটি–ভেটি উছন হ’বৰ উপক্রম কৰিছে৷ যি সময়ত বিভিন্ন গোষ্ঠীৰ অন্তর্গত বহিৰাগত লোকসকলে নিতান্ত অসাধু পন্থাৰে আমাৰ ৰাজ্যখনৰ লক্ষ লক্ষ বিঘা (বা হেক্টৰ) মাটি হস্তগত কৰি লৈছে, সেই একে সময়তে শত–সহস্র খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ অসহায় অৱস্থাটোৰ প্রতি সংশ্লিষ্ট কর্তৃপক্ষসমূহে যথোপযুক্ত তৎপৰতা প্রদর্শন কৰা বুলি আমি এই পর্যন্ত নিশ্চিত হ’ব পৰা নাই৷ মই জনাত বেছি দূৰলৈ যাবই নালাগে, গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰ ৰাজহ চক্রৰ অন্তর্গত বহুসংখ্যক গাঁৱত অদ্যপৰিমিত কেডেণ্ড্রেল জৰীপেই সম্পন্ন হোৱা নাই৷ ফলত বর্তমানৰ স্থানত পুৰুষাণুক্রমে বসবাস কৰি অহা কেইবাহাজাৰো জনজাতীয় পৰিয়াল মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ ৰৈছে৷ গোটেই ৰাজ্যখনত বসবাস কৰি থকা এনে পট্টাবিহীন (অর্থাৎ ভূমিহীন) পৰিয়ালৰ সংখ্যা নিযুতাধিক হ’ব বুলি সহজে অনুমান কৰিব পাৰি৷
এইখিনিতে এটা বিশেষ কথালৈ আঙুলিয়াব খুজিছোঁ৷ কথাটো হৈছে, অসমৰ মুঠ ভূ–সম্পদৰ পৰিমাণ আৰু খিলঞ্জীয়া ভূমিহীন লোক সম্পর্কীয় নির্ভৰযোগ্য পৰিসংখ্যা কাৰো হাতত নাই৷ এই দুয়োটা বিষয়েই বহুলাংশে অনুমানভিত্তিক হৈ ৰৈছে৷ কিন্তু এনে হোৱাৰ একো অপৰিহার্য কাৰণ দেখা নাযায়৷ ৰাজ্যখনৰ যিবিলাক অঞ্চল অথবা গাঁৱত এতিয়াও কেডেষ্ট্রেল জৰীপ সম্পন্ন হোৱা নাই, তাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ শিৰোধার্য৷ এই কার্য স্বাধীনতা লাভৰ ৭৩ বছৰ পাছতো কিয় হৈ উঠা নাই, সেইটো নিশ্চয়কৈ এটা অস্বস্তিকৰ প্রশ্ণ৷ এটা কথা আমি আটায়ে জানো যে অসমৰ দৰে ৰাজ্যত মাটিৰ কেইবাটাও শ্রেণী বিভাগ আছে৷ সেইবিলাকৰ ভিতৰত ম্যাদী মাটি, চাহ ম্যাদী মাটি, বনাঞ্চলৰ মাটি, চৰকাৰী মাটি ইত্যাদি শ্রেণীসমূহৰ নাম উল্লেখযোগ্য৷ পিছে ওপৰত বর্ণোৱা কোনটো শ্রেণীৰ ভিতৰুৱা মাটিৰ প্রকৃত পৰিমাণ কি, সেই বিষয়ত নির্ভুল তথ্য নাথাকিলে সামগ্রিক পৰিকল্পনাৰ প্রক্রিয়াটোক আগুৱাই নিয়াটো জানো সম্ভৱপৰ?
আজি বহু বছৰ ধৰি একেটা পৰিসংখ্যা শুনি আহিছোঁ আৰু সেইটো হৈছে– অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰ৷ পিছে এই তথ্য কিমান বিশ্বাসযোগ্য? আমাৰ প্রতিৱেশী ৰাজ্য চাৰিখনে বেদখল কৰি থকা বুজন পৰিমাণৰ মাটি উক্ত সংখ্যাটোত অন্তর্ভুক্ত হৈ থকা বুলি সহজে অনুমান কৰিব পাৰি৷ তদুপৰি ৰাজ্যখনৰ মুঠ মাটিকালিৰ সংকোচনত ব্রহ্মপুত্র, বৰাক আৰু অন্যান্য নৈবিলাকৰ গৰাখহনীয়াই ইন্ধন যোগাই আহিছে৷ আজিও অপ্রতিৰোধ্য হৈ থকা এই প্রলয়ংকৰী পৰিঘটনাটোৰ ফলত বছৰি কিমান পৰিয়াল ভূমিহীনৰ তালিকাভুক্ত হৈছে তাৰ সঠিক তথ্য আমাৰ হাতত নাই৷ যিসকল খিলঞ্জীয়া লোকে বান আৰু খহনীয়াৰ ফলত অত বছৰে মাটি–ভেটি হেৰুৱাই আহিছে, সেইসকলক পুনর্সংস্থাপিত কৰিবলৈ ৰাজ্য চৰকাৰ নীতিগতভাৱে দায়বদ্ধ৷ কিন্তু প্রশ্ণ হৈছে, তেওঁলোকক পুনঃসংস্থাপন দিবলৈ উপযুক্ত মাটি ক’ত? এনেবোৰ সমস্যাৰ পৰা পৰিত্রাণ বিচাৰিয়েই ২০১৬ চনৰ ৰাজ্য বিধানসভাৰ নির্বাচনৰ প্রাকক্ষণত ‘লেণ্ড বেংক’ৰ ধাৰণাটো দাঙি ধৰা হৈছিল৷ কিন্তু বিগত পাঁচটা বছৰত এই দিশত বিশেষ অগ্রগতি পৰিলক্ষিত হোৱা নাই৷ অসমত এটা বহু বাঞ্ছিত ব্যাপক ভূমি–সংস্কাৰ সম্পন্ন কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰে গঠন কৰি দিছিল হৰিশংকৰ ব্রহ্মৰ নেতৃত্বাধীন উচ্চ পর্যায়ৰ কমিটীখন৷ ব্রহ্ম কমিটীৰ ১৯০ পৃষ্ঠাজোৰা বিস্তৃত প্রতিবেদন ২০১৮ চনৰ মে’ মাহতে দাখিল কৰা হৈছিল৷ এই সন্দর্ভত আজিৰ পৰা ঠিক এবছৰ পূর্বে অসম চৰকাৰৰ ৰাজহ বিভাগৰ তদানীন্তন অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কর্তৃত্বশীলভাৱে কৈছিল– সেই সময়লৈকে ৰাজ্য চৰকাৰে ব্রহ্ম কমিটীৰ সর্বমুঠ ৭৫টা পৰামর্শৰ ভিতৰত ৪০টা কার্যকৰী কৰাৰ দিশত অগ্রসৰ হৈছে৷ ইপিনে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ২০১৯ চনৰ ফেব্রুৱাৰী মাহত এক আলোচনা প্রসংগত আমাৰ আগত ব্যক্ত কৰিছিল যে সেই বছৰটোৰ ভিতৰত ৰাজ্যখনৰ এক লাখ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদান কৰা হ’ব৷ পিছে ৰাজ্যখনত থকা সর্বমুঠ খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ সংখ্যা সম্বন্ধে সেইদিনাৰ আলোচনাত তেওঁ একো উল্লেখ কৰা নাছিল৷ সেয়ে উক্ত পৰিসংখ্যা সন্দর্ভত আমিও নিশ্চিত হ’ব পৰা নাছিলোঁ৷ এতিয়া কথা হৈছে, ৰাজ্যখনৰ সর্বশেষ খিলঞ্জীয়া ভূমিহীন পৰিয়ালটোকো যদি ভূমি প্রদান কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰে গ্রহণ কৰিছে, তেনেহ’লে তাৰ প্রধান পূর্বচর্ত হ’ব এই নির্ভৰযোগ্য database) নির্মাণ কৰি লোৱাটো৷ এই গুৰুত্বপূর্ণ বিষয়টোৰ প্রতি সংশ্লিষ্ট সকলো পক্ষৰে দৃষ্টি আকর্ষণ কৰা হ’ল৷

You might also like