নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ প্রাসংগিকতা

একেৰাহে তিনিটাকৈ কার্যকালৰ বাবে মুখ্যমন্ত্রী পদত অধিষ্ঠিত হ’ব পৰাটো যিকোনো ৰাজনৈতিক নেতাৰ বাবে এটা সপোন বুলি দ্বিধাহীনভাৱে ক’ব পাৰি৷ গণতান্ত্রিক শাসন ব্যৱস্থাত কম মানুহৰ জীৱনত সাফল্যৰ এনে বিৰল গাথা ৰচিত হৈছে৷ সদ্যপ্রয়াত তৰুণ গগৈও সেই ব্যক্তিসকলৰ মাজৰ এজন৷ অসমৰ জনসাধাৰণে এইটো কাৰণতো তেওঁক সুদীর্ঘকালৰ বাবে মনত ৰাখিব৷ কিন্তু এইটোৱেই মূল বা অন্তিম কথা নহয়৷ প্রাক্তন মুখ্যমন্ত্রী গগৈ আন কেইবাটাও কাৰণৰ বাবে অসমৰ ৰাজনৈতিক তথা সামাজিক জীৱনত স্মৰণীয় হৈ থাকিব৷ প্রথম কথাটো হৈছে তেওঁৰ ব্যক্তিত্ব৷ ৰাজনৈতিক জীৱনত দীর্ঘকালৰ বাবে সফলতা লাভ কৰিবলৈ এইটো অপৰিহার্য৷ তৰুণ গগৈ প্রকৃতার্থত এজন সৰলমনা আৰু দৃঢ়চেতা ব্যক্তি আছিল৷ লগতে আছিল সিদ্ধান্ত ল’ব পৰা অদমনীয় শক্তি৷ যিটোৱে সাম্প্রতিক সময়ৰ ৰাজ্যখনৰ অন্যান্য ৰাজনৈতিক নেতাৰ পৰা তেওঁক পৃথক কৰি ৰাখিছিল৷ তেওঁ ২০০১ চনত যেতিয়া প্রথমবাৰ মুখ্যমন্ত্রীৰ আসনখনত অধিষ্ঠিত হৈছিল, সেই সময়ৰ অসম আছিল এখন ভিন্ন প্রদেশ৷ পূর্বৰ চৰকাৰখনে দেউলীয়া কৰি থৈ যোৱা এখন ৰাজ্য তেওঁ উত্তৰাধিকাৰ সূত্রে লাভ কৰিছিল৷ বিত্তীয় অৱস্থা ইমানেই শোচনীয় আছিল যে মাহৰ পাছত মাহ ধৰি চৰকাৰী কর্মচাৰীয়ে বেতন লাভ কৰা নাছিল৷ ৰাজকোষ উদং হৈ থকাত স্থৱিৰপ্রায় হৈছিল অসমৰ উন্নয়ন৷ ঠিকাদাৰক বিল আদায় দিবলৈ ৰাজকোষত ধন নাছিল৷ গুপ্তহত্যাৰ আতংকই ৰাজ্যবাসীক ত্রস্তমান কৰি তুলিছিল৷ দুপৰ নিশাতো দূৰৈৰ কথা, ৰাজ্যখনৰ জনসাধাৰণে ফুটগধূলিতে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল৷ এক কথাত অসমখন চৰম নৈৰাজ্যৰ গ্রাসত পৰিছিল৷ এনে অৱস্থাত ৰাজ্যখনৰ জনসাধাৰণৰ মাজত কেনেধৰণৰ দুশ্চিন্তাই বাহ ল’ব পাৰে, সেয়া সহজে অনুমেয়৷ সেই সময়ছোৱাত অসমক এজন দূৰদর্শী, কর্মপটু, দৃঢ়চেতা লোকৰ প্রয়োজন আছিল৷ এই প্রয়োজনীয় গুণখিনি লৈয়েই তৰুণ গগৈয়ে ২০০১ চনত অসমৰ শাসনভাৰ হাতত লৈছিল৷ তেওঁৰ বাবে প্রথম অৱস্থাত প্রয়োজন আছিল বিত্তীয় শৃংখলতা পুনৰ প্রতিষ্ঠা কৰা, ৰাজকোষ টনকিয়াল কৰা, গুপ্তঘাতকৰ অতপালিৰ পৰা অসমখন উদ্ধাৰ কৰা৷ সদ্যপ্রয়াত তৰুণ গগৈয়ে সেই কামখিনি দঢ়তাৰে কৰি ৰাজ্যখনক এটা নতুন দিশলৈ লৈ গৈছিল৷ অসমৰ জনসাধাৰণে এইটো কাৰণত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক অনন্তকাললৈ মনত ৰাখিব৷ তেওঁ সকলোধৰণৰ প্রতিকূলতাক হাঁহিমুখে নেওচা দি অসমবাসীয়ে বিচৰা ধৰণে ৰাজ্যখনক আগলৈ লৈ যোৱাত সফল হৈছিল৷ ইয়াৰ উপহাৰ স্বৰূপে তৰুণ গগৈৰ হাতলৈ আহিছিল দ্বিতীয়টো কার্যকাল৷ এই কার্যকালটো তেওঁৰ বাবে আছিল অতি গুৰুত্বপূর্ণ৷ প্রথম কার্যকালৰ সফলতাৰ পাছত তৰুণ গগৈৰ পৰা অসমবাসীৰ প্রত্যাশা বহু গুণে বৃদ্ধি পাইছিল৷ তেওঁৰ বাবে এই প্রত্যাশা পূৰণ সিমান সহজ নাছিল৷ কিয়নো ২০০৬ চনলৈ অসমৰ পৰিৱেশ যথেষ্ট উন্নত হৈছিল৷ জনসাধাৰণে শ্বাসৰুদ্ধকৰ পৰিৱেশৰ পৰা এটা মুকলি পৰিৱেশ লাভ কৰিছিল৷ এই অৱস্থাত এখন বিকশিত অসমৰ সপোন দেখাটো জনসাধাৰণৰ কাৰণে অৱসম্ভ হৈ পৰিছিল৷ কথাটো অনুধাৱন কৰিবলৈ তৰুণ গগৈয়ে বেছি সময় নল’লে৷ শিক্ষা–দীক্ষা, বেহা–বাণিজ্য, সাংস্কৃতিককে ধৰি তেওঁ প্রায় সকলো দিশতে ৰাজ্যখনক আগুৱাই নিবলৈ নিষ্ঠা সহকাৰে কাম কৰিবলৈ ধৰিলে৷ অসমৰ ইতিহাসত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনৰ দ্বিতীয়টো কার্যকাল সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷ এই সময়ছোৱাত অসমে শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান, নিযুক্তি আদি ক্ষেত্রত যথেষ্ট সফলতা অর্জন কৰে৷ অৱশ্যে তেওঁৰ তৃতীয়টো কার্যকাল আশাব্যঞ্জক নহ’ল৷ জনসাধাৰণে বিচৰা ধৰণে তেওঁ অসমখনক নেতৃত্ব দিয়াত সফল হ’ব নোৱাৰিলে৷ কিন্তু ইয়াৰ বাবে সদ্যপ্রয়াত তৰুণ গগৈক অকলে জগৰীয়া কৰিব নোৱাৰি৷
তৰুণ গগৈ এতিয়া পার্থিৱভাৱে এই জগতত নাই৷ কিন্তু তেওঁ অসমবাসীৰ বাবে বিগত সময়ছোৱাত যি কৰি থৈ গ’ল, সেয়া বহু দিনলৈ ৰৈ যাব৷ অসমক উগ্রপন্থী সমস্যাৰ পৰা মুক্ত কৰাত তৰুণ গগৈৰ অৰিহণা আন যিকোনো মুখ্যমন্ত্রীৰ তুলনাত অধিক৷ তাৰ বাবে তেওঁ প্রতিহিংসামূলক ৰাজনীতিৰ আশ্রয় লোৱা নাছিল৷ তেওঁ অসমত গুপ্তঘাতক মেলি দি উগ্রপন্থী সমস্যাটো মোকাবিলা কৰিব বিচৰা নাছিল৷ এইটো আছিল তৰুণ গগৈৰ শাসন কালৰ এটা উল্লেখযোগ্য দিশ৷ এনে বহু অতুলনীয় কার্যৰ বাবে কংগ্রেছৰ নেতা হোৱা সত্ত্বেও তেওঁৰ মৃত্যুত সকলো ৰাজনৈতিক দলৰ নেতা–কর্মীয়ে শোক প্রকাশ কৰিছে৷ অসমৰ বাবে এয়া অভূতপূর্ব৷ অসমৰ কমসংখ্যক ৰাজনৈতিক নেতাৰ ক্ষেত্রতহে দল–মত নির্বিশেষে দিল্লীৰ পৰা দিছপুৰলৈ এনেধৰণৰ শোকৰ পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে৷ ইয়াৰ পৰাই বুজিব পাৰি যে তৰুণ গগৈ সাধাৰণ মানৰ ৰাজনৈতিক নেতা নাছিল৷ এখন সৰু প্রদেশৰ মুখ্যমন্ত্রী পদত থাকি তেওঁ কামৰ দ্বাৰা এই খ্যাতি আৰু সকলোৰে আগ্রহ জিনিব পাৰিছিল৷ ইয়াক লৈ অসমৰ জনসাধাৰণেও গৌৰৱ কৰিব পাৰে৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ ৰাজনৈতিক পৰিক্রমা বিশেষকৈ অসমৰ মুখ্যমন্ত্রী হিচাপে তেওঁৰ ৰাজনৈতিক জীৱনটো গৱেষণাৰ বিষয় হ’ব পাৰে৷

You might also like