নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত অৰ্ধনমিত নহ’ল ৰাষ্ট্রীয় পতাকা

প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ ধাৰাবাহিকভাৱে তিনিবাৰকৈ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱা অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুত সম্প্রতি ৰাজ্যজুৰি শোকৰ বন্যা বৈ আছে৷ যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোকপ্রাপ্তি ঘটা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুক কেন্দ্র কৰি সমগ্র ৰাজ্যখনৰ বিভিন্ন স্থানত উদ্যাপন হ’বলগীয়া যথেষ্টসংখ্যক চৰকাৰী–বেচৰকাৰী কার্যসূচীকে ধৰি মনোৰঞ্জনমূলক কার্যসূচীও ইতিমধ্যে বাতিল কৰা হৈছে৷ উল্লেখ্য যে মুখ্যমন্ত্রী তৰুণ গগৈৰ প্রতি অন্তিম শ্রদ্ধাঞ্জলি তথা সন্মান জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগৰ পিছতে শোক ব্যক্ত কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইতিমধ্যে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে৷ সেই অনুসৰি গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত থকা ৰাষ্ট্রীয় পতাকা অর্ধনমিত কৰি ৰখাৰ সমান্তৰালকৈ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানত্ থকা ৰাষ্ট্রীয় পতাকা অর্ধনমিত কৰি ৰখা হৈছে৷ কিন্তু অতি দুর্ভাগ্যজনক যে গুৱাহাটী মহানগৰীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ চৌহদত উৰি থকা ৰাষ্ট্রীয় পতাকাখন অর্ধনমিত কৰি নৰখা বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷ এই সন্দর্ভত একাংশ সচেতন মহলে গুৰুতৰ অভিযোগ তুলি কয় যে বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষৰ দায়িত্বহীন মনোভাবৰ বাবেই ৰাষ্ট্রীয় পতাকাখন প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুৰ পিছতো এইদৰে বিমানবন্দৰ চৌহদত উৰি আছে৷

You might also like