নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুখুঁটিৰ বার্তা

ছিপাঝাৰৰ গৰুখুঁটিৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে নৱগঠিত বিজেপি চৰকাৰখনে শাসনভাৰ গ্রহণ কৰিয়েই উচ্ছেদ অভিযান চলোৱাৰ সময়ত বিভিন্নজনে তথা একাংশ দল–সংগঠনে ইয়াৰ প্রতিবাদ জনাইছিল৷ কিন্তু চৰকাৰে এনে বিৰোধিতাক গুৰুত্ব নিদি গৰুখুঁটি কৃষি প্রকল্প নামেৰে উচ্ছেদিত ভূমিত যি অভিলাষী প্রকল্প গ্রহণ কৰিলে সি এতিয়া সমগ্র ৰাজ্যখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ গৰুখুঁটি কৃষি প্রকল্পই অসমৰ খিলঞ্জীয়া নিবনুৱা যুৱক–যুৱতীসকলৰ্ মাজত যি সপোন ৰচনা কৰিছে সেই সপোনে প্রকৃততে গৰুখুঁটিৰ পৰা অহা ইতিবাচক বার্তা৷ যোৱা বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই প্রকল্পটোৰ বিশাল সৰিয়হতলীত থিয় দি আপ্লুত হৈ পৰে এটা বিকাশমুখী সপোনৰ বাস্তৱ ৰূপ দেখি৷ সিদিনা মুখ্যমন্ত্রীয়ে প্রায় চাৰি মাহতে সম্পূর্ণ হৈ উঠা এই প্রকল্পটোৰ গো–শালা, মৎস্য উৎপাদন কেন্দ্রৰ শুভ উদ্বোধন কৰে৷ ইতিমধ্যে গুজৰাটৰ পৰা অনা ১১১টা গিৰ গাইৰ জৰিয়তে প্রকল্পটোৱে দুগ্ধ উন্নয়নৰ ক্ষেত্রত নতুন বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হ’ব বুলি অনুমান কৰা হৈছে৷ প্রকল্পটোত আৰম্ভ হৈছে বয়ন কেন্দ্রও৷ এই কেন্দ্রত খিলঞ্জীয়া অসমীয়া যুৱতীসকলে তাঁত–মাকোৰ শব্দৰে বিকাশৰ এক নতুন যাত্রা আৰম্ভ কৰিছে৷ দৰাচলতে এই যাত্রাই অসমৰ অর্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্রত এক সুদূৰপ্রসাৰী পৰিৱর্তন আনিব বুলি সকলোৱে আশাবাদী৷ ইতিমধ্যে মুখ্যমন্ত্রীয়ে গৰুখুঁটি কৃষি প্রকল্পটো সপোনৰ প্রকল্প বুলি অভিহিত কৰিছে৷ বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ গঠিত প্রকল্পটোৰ কমিটীখনে দিনে–ৰাতিয়ে চলাই থকা কামে এতিয়া কর্মসংস্কৃতিৰ নতুন জোৱাৰ আনিবলৈ সক্ষম হৈছে৷
অসম এখন কৃষিভিত্তিক ৰাজ্য হোৱা হেতুকে সমন্বিত কৃষি প্রকল্পৰ জৰিয়তেহে অর্থনৈতিক বুনিয়াদ গঢ়ি তোলাটো যে সম্ভৱ সেয়া ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতী আৰু চৰকাৰে যিমান সোনকালে উপলব্ধি কৰে সিমানেই ৰাজ্যখনৰ বাবে মংগল৷ গৰুখুঁটি কৃষি প্রকল্পৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সদিচ্ছা আৰু খিলঞ্জীয়া যুৱক–যুৱতীৰ কৃষিকর্মৰ প্রতি থকা আগ্রহে নতুন দিগন্তৰ সূচনা কৰাটো নিশ্চিত৷ ইতিমধ্যে ৰাজ্যত ব্যক্তিগত প্রচেষ্টাত গঢ়ি উঠা এনে কৃষি প্রকল্পৰ সফলতাই অসমৰ কৃষিখণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ এনে প্রকল্পসমূহৰ ক্ষেত্রত চৰকাৰৰ পৃষ্ঠপোষকতা যদি নিশ্চিত হয়, তেন্তে সেয়া ৰাজ্যৰ অর্থনীতি সলনি কৰাৰ ইতিবাচক বতৰা হৈ পৰাটো নিশ্চিত৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ ক্ষেত্রত এনে সদিচ্ছা প্রথম দিনাৰ পৰা পৰিলক্ষিত হৈ আহিছে৷ ইতিমধ্যে ৰাজ্যৰ একাংশ যুৱক–যুৱতীয়েও চাকৰিমুখী প্রৱণতা ত্যাগ কৰি উৎপাদনমুখী কামত নিয়োজিত হোৱাৰ সদিচ্ছা দেখা পোৱা গৈছে৷ এয়া ৰাজ্যখনৰ বাবে অতিকৈ শুভ সংবাদ৷ ৰাজ্য চৰকাৰে এইক্ষেত্রত বেংক আৰু চৰকাৰী বিভাগসমূহত থকা আমোলাতান্ত্রিক ৰঙাফিটাৰ মেৰপাকৰ যদি অৱসান ঘটাব পাৰে, তেন্তে আৰু অধিক যুৱক–যুৱতী কৃষি প্রকল্পৰ প্রতি আগ্রহী হৈ পৰাটো নিশ্চিত৷ আনহাতে, ৰাজ্যৰ কৃষি বিভাগেও এনে প্রকল্পৰ প্রতি আগ্রহী যুৱক–যুৱতীসকলক্ উৎসাহ আৰু সহায় আগবঢ়োৱাত কৃপণালি নকৰাটো সবাতোকৈ গুৰুত্বপূর্ণ৷ ৰাজ্যখনত থকা কৃষি বিশ্ববিদ্যালয়কে ধৰি পশুপালন তথা মীন মহাবিদ্যালয়ৰ সৈতে জড়িত বিশেষজ্ঞসকলে অসমৰ জলবায়ুৰ সৈতে খাপ খোৱাকৈ কি ধৰণৰ কৃষিকর্ম অথবা মৎস্য, পশুপালন আদি উদ্যোগ গঢ়ি তুলিলে লাভজনক হ’ব পাৰি তাৰ দিক্দর্শন আগবঢ়োৱাৰ প্রয়োজন৷ তেতিয়াহে মুখ্যমন্ত্রীয়ে দেখা কৃষি প্রকল্পৰ জৰিয়তে অর্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ সপোন বাস্তৱত পৰিণত হ’ব৷

You might also like