নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পৃথিৱীৰ খোলা খনন

জীৱশ্রেষ্ঠ মানৱে বাস্তৱ জগতখনৰ অর্থাৎ চাক্ষুষ জগতখনৰ সকলো বস্তু নিজৰ দখললৈ অনাৰ চেষ্টা কৰাটো স্বভাৱজাত কথা৷ ইয়াৰ উপৰি মানৱে কল্পনাৰ জগতখনো নিজৰ কৰি ল’ব খোজে৷ মানৱ জাতিৰ এই অনুসন্ধিৎসু মনৰ বাবে বিশ্বৰ দেশসমূহৰ মাজতো এক ধৰণৰ প্রতিযোগিতা আৰম্ভ হয়৷ কোনখন দেশে কোনখন দেশক পিছ পেলাই নিজে আগবাঢ়ি যাব পাৰে তাৰ প্রতিযোগিতাত অৱতীর্ণ হয়৷ ইও এক মানৱ জাতিৰ স্বভাৱজাত ধাৰণা৷ পৃথিৱীৰ খোলা খনন প্রক্রিয়া মানৱ জাতিৰ মাজত আৰম্ভ হোৱাৰ পূর্বে মহাকাশত কোনে কিমান নিজৰ অস্তিত্ব বর্তাব পাৰে তাক লৈ প্রতিযোগিতা আৰম্ভ হৈছে৷ পৃথিৱীৰ বাহিৰত সৌৰজগতৰ আন গ্রহৰ ৰহস্য উদ্ঘাটন কৰাৰ সমান্তৰালকৈ অন্য গ্রহত জীৱ আছে নেকি তাৰ বাবে ১৯৬০ চনতে পৃথিৱীবাসীয়ে মহাকাশ অভিযান আৰম্ভ কৰিছিল৷ ধর্মীয় দৃষ্টিত দেৱতা হিচাপে স্বীকৃত চন্দ্র তথা জোনবাইৰ বুকুত আমেৰিকা যুক্তৰাষ্ট্রই নিজৰ আধিপত্য বিস্তাৰ কৰি প্রথমবাৰৰ বাবে মানৱক অৱতৰণ কৰাইছিল৷ ১৯৬০ চনতে মহাকাশ দৌৰত আমেৰিকা যুক্তৰাষ্ট্র আৰু ছোভিয়েট গণৰাজ্যৰ মাজত প্রতিযোগিতা আৰম্ভ হৈছিল৷ মহাকাশ অন্বেষণৰ ওপৰত আমেৰিকা আৰু ছোভিয়েট গণৰাজ্যই গুৰুত্ব আৰোপ কৰাৰ সমান্তৰাকৈ পৃথিৱীৰ কেন্দ্রলৈ কোনে কিমান আগবাঢ়ি যাব পাৰে তাৰো প্রতিযোগিতাত অৱতীর্ণ হৈছিল৷ ১৯৫৮ চনত আমেৰিকা যুক্তৰাষ্ট্রই মেক্সিকোৰ গুৱাডালুপ দ্বীপৰ ওচৰত সাগৰৰ তললৈ খনন কৰি পৃথিৱীৰ মেণ্টেলৰ পৰা নমুনা উদ্ধাৰ কৰাৰ পৰিকল্পনা আৰম্ভ কৰে৷ নেচনেল ছায়েঞ্চ ফাউণ্ডেচনৰ পুঁজিৰে আমেৰিকাই এই খনন প্রক্রিয়া আৰম্ভ কৰে যদিও পিছলৈ পুঁজিৰ অভাৱত বন্ধ ৰাখিবলগীয়া হয়৷ আনপিনে, আমেৰিকাক প্রত্যাহ্বান জনাবলৈ ছোভিয়েট ৰাছিয়ায়ো মুর্মানস্কৰ বেৰেণ্টছ সাগৰৰ ওচৰত নৰৱেৰ সীমান্তত পৃথিৱীৰ খোলা খনন আৰম্ভ কৰে৷ ইয়াক কোলা ছুপাৰদ্বীপ ব’ৰহ’ল বুলি জনা যায়৷ এই খনন প্রক্রিয়া পৃথিৱীৰ বহু গভীৰলৈ সোমাই গৈছিল আৰু বিভিন্ন নমুনা সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ যিয়ে বিজ্ঞানীসকলক আশ্চর্যচকিত কৰি তুলিছিল৷ এই কোলা ছুপাৰদ্বীপ ব’ৰহ’ল কেতিয়াও পৃথিৱীৰ খোলাৰ বাহিৰলৈ যোৱা নাছিল যদিও ই বিশ্বৰ আটাইতকৈ গভীৰ মানৱসৃষ্ট গাঁত হিচাপে স্বীকৃতি পাইছে৷ পৃথিৱীৰ অধিক গভীৰলৈ কিয় খন্দা হয় সেই সন্দর্ভত বিজ্ঞানী ড০ উলৰিছ হার্মছে প্রকাশ কৰিছে যে পৃথিৱীৰ খোলালৈ খনন কৰিলে বিজ্ঞানৰ কিছুমান ডাঙৰ ৰহস্যৰ উত্তৰ দিব পাৰে৷ ১৯৭০ৰ পৰা ১৯৯২লৈ খনন কৰা কোলা ছুপাৰদ্বীপ ব’ৰহ’লে পৃথিৱীৰ ১২,২৬২ মিটাৰ গভীৰতালৈ সোমাই গৈছিল৷ ই বিশ্বৰ সবাতোকৈ গভীৰ মানৱসৃষ্ট গাঁত হিচাপে এতিয়াও স্বীকৃতি পাই আছে৷

আমেৰিকা আৰু ৰাছিয়াৰ সৈতে মহাকাশ অভিযানত ফেৰ মাৰিবলৈ সক্ষম হোৱা চীনে যোৱা ৩০ মে’ত আৰম্ভ কৰিলে পৃথিৱীৰ খোলা খনন অভিযান৷ পৃথিৱীৰ অভ্যন্তৰৰ ৰহস্য উদ্ঘাটনৰ লক্ষ্যৰে চীনে আৰম্ভ কৰা পৃথিৱীৰ খোলা খনন অভিযানৰ লক্ষ্য ১০ কিলোমিটাৰ গভীৰতালৈ খনন কৰাটো৷ চীনৰ জীনজিয়াং প্রদেশৰ উত্তৰ–পশ্চিমৰ টাৰিম বেছিনত ১০ কিলোমিটাৰ গভীৰতাৰ ব’ৰৱেল খন্দাৰ অভিযান আৰম্ভ হৈছে৷ চীন বিজ্ঞানী–গৱেষকৰ দলে পৃথিৱীৰ গভীৰতালৈ খনন প্রক্রিয়া আৰম্ভ কৰিছে আৰু দলটোৰ লক্ষ্য পৃথিৱীৰ ১০টাতকৈ অধিক মহাদেশীয় স্তৰ ভেদ কৰিব৷ ইয়াৰ জৰিয়তে ভূ–প্রকৃতিৰ বিৱর্তন, জলবায়ু পৰিৱর্তন, জীৱনৰ ৰহস্যকে ধৰি পৃথিৱীৰ মহাদেশসমূহৰ ইতিহাস পুনৰ নির্মাণৰ ক্ষেত্রত সুযোগ লাভ কৰিব৷ মহাদেশীয় স্তৰ হৈছে শিলৰ স্তৰ৷ যি পৃথিৱীৰ ইতিহাস বুজাৰ ক্ষেত্রত গুৰুত্বপূর্ণ উৎস হিচাপে পৰিগণিত হয়৷ এই খননৰ জৰিয়তে সংগ্রহ কৰা নমুনাৰ দ্বাৰা অতীতৰ পৰিঘটনাসমূহৰো ইতিহাস উদ্ধাৰ কৰিব পাৰি৷ বিশেষকৈ আগ্ণেয়গিৰিৰ বিস্ফোৰণ, ভূমিকম্প, জলবায়ু পৰিৱর্তন আদিৰ চিনাক্তকৰণৰ লগতে ইয়াৰ তাৰিখ নির্ণয় কৰিব পাৰি৷ প্রাচীন জীৱৰ চিনাক্তকৰণ আৰু অধ্যয়নো কৰিব পৰা যায়৷ একপ্রকাৰ পৃথিৱীৰ খোলা খননে এক ৰহস্যৰ উদ্ঘাটনত সহায় কৰিব পাৰে৷ ই হ’ব পাৰে ভূ–বিজ্ঞানৰ বাবে নতুন সমল৷

You might also like