নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত স্কুল বাছৰ খুন্দাত নিহত স্কুলীয়া ছাত্ৰী

বিশেষ বাৰ্তা, ৮ জুনঃ পুৱাই পুৱাই মহানগৰীত হৃদয়বিদাৰক ঘটনা। স্কুলবাছৰ খুন্দাত প্ৰাণ গল স্কুলীয়া ছাত্ৰীৰ। ৰাজধানী মছজিদৰ সন্মুখত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাটোত নিহত ছাত্ৰীগৰাকী হেঙেৰাবাৰী প্ৰিয়া কুমাৰী। স্কুটী চলাই গৈ থাকোঁতে বাছৰ খুন্দাত প্ৰাণ গল প্ৰিয়াৰ। ইফালে প্ৰত্যক্ষদৰ্শৰী মতে ৰাজপথত জধে মধে খন্দা গাঁতৰ বাবেই প্ৰাণ গল স্কুলীয়া ছাত্ৰীগৰাকীৰ। আনহাতে মৃত প্ৰিয়াৰ ঘৰত এক অবৰ্ণনীয় পৰিস্থিতি। পিতৃ-মাতৃৰ হিয়া ভগা কান্দোনে কন্দুৱাইছে সকলোকে। মৃত প্ৰিয়া কুমাৰী লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। ইফালে খুন্দা মৰা বাছখন ৰয়েল গ্লবেল স্কুলৰ বুলি জনা গৈছে। লগতে বাছসহ চালকে মহানগৰীৰ বশিষ্ঠ থানাত আত্মসমৰ্পণ কৰিছে।

You might also like