নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইফা–২০২৩ঃ শ্রেষ্ঠ অভিনেতা ঋত্বিক ৰোচন, অভিনেত্রী আলিয়া ভাট

🔷 ভাৰতীয় চিনেমালৈ অনবদ্য অৱদানৰ বাবে কমল হাছানক বঁটা

🔷শ্রেষ্ঠ পুৰুষ কণ্ঠশিল্পী অৰিজিৎ সিং, মহিলা কণ্ঠশিল্পী শ্রেয়া ঘোষাল
বিশেষ বাৰ্তা, ২৮ মেঃ আবুধাবিত আয়োজিত বর্ণাঢ্য কার্যসূচীত ইণ্টাৰনেচনেল ইণ্ডিয়ান একাডেমী এৱার্ড চমুকৈ আইফা–২০২৩ ঘোষণা কৰা হৈছে ৷ বলীউড তাৰকা অভিষেক বচ্চন আৰু বিকি কৌশলে আঁত ধৰা বলীউডৰ শ্রেষ্ঠৰ স্বীকৃতিৰ অনুষ্ঠানটোত আইফা–২০২৩ বঁটাত শ্রেষ্ঠ চলচ্চিত্রৰ সন্মান লাভ কৰিছে ‘দৃশ্যম–২’-এ ৷ ‘ৰ’কেট্রিঃ দ্য নাম্বি এফেক্ট মুম্বাই’ ছবিৰ বাবে শ্রেষ্ঠ নির্দেশকৰ বঁটা লাভ কৰিছে আৰ মাধৱনে ৷ শ্রেষ্ঠ অভিনেতাৰ বঁটা ‘বিক্রম বেধা’ ছবিৰ বাবে লাভ কৰিছে ঋত্বিক ৰোচনে ৷ বহুচর্চিত ‘গংগুবাঈ কঠিৱাৰী’ ছবিৰ বাবে আলিয়া ভাটে লাভ কৰিছে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা ৷ ‘ব্রহ্মাস্ত্র পার্ট ৱান–শিৱা’ ছবিৰ বাবে শ্রেষ্ঠ সহঃ অভিনেত্রীৰ বঁটা মৌনী ৰয় আৰু ‘যুগ যুগ জিঅ’’ ছবিৰ বাবে শ্রেষ্ঠ সহঃ অভিনেতাৰ বঁটা অনিল কাপুৰে লাভ কৰে ৷ ভাৰতীয় চিনেমালৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে কমল হাছানক বিশেষ সন্মান আগবঢ়োৱা হৈছে ৷ তেনেদৰে চিনেমাত ফেশ্বনৰ কাৰণে অনবদ্য অৱদান আগবঢ়োৱা মনীষ মালহোত্রাকো সন্মান আগবঢ়োৱা হৈছে ৷ শ্রেষ্ঠ সংগীত নির্দেশনা ‘ব্রহ্মাস্ত্র পার্ট ৱান–শিৱা’ৰ বাবে প্রীতম, শ্রেষ্ঠ পুৰুষ কণ্ঠশিল্পী ‘ব্রহ্মাস্ত্র পার্ট ৱান– শিৱা’ৰ কেছ’ৰিয়া গীতৰ বাবে অৰিজিৎ সিং, শ্রেষ্ঠ মহিলা কণ্ঠশিল্পী ‘ব্রহ্মাস্ত্র পার্ট ৱান– শিৱা’ৰ ৰাছিয়াৰ বাবে শ্রেয়া ঘোষালে লাভ কৰে বঁটা ৷ শ্রেষ্ঠ মৌলিক কাহিনী ডার্লিংছৰ কাৰণে পাৰভিজ শ্বেখ আৰু যশমীট ৰিন, শ্রেষ্ঠ আধাৰিত কাহিনী ‘দৃশ্যম–২’ৰ বাবে আমিল কিয়ান খান আৰু অভিষেক পাঠক ৷ শ্রেষ্ঠ সংলাপ, শ্রেষ্ঠ চিত্রনাট্য, শ্রেষ্ঠ চিত্রগ্রহণ গংগুবাঈ কঠিয়াবাৰী, শীর্ষ গীতৰ শ্রেষ্ঠ নৃত্য নির্দেশনা, শ্রেষ্ঠ ছাউণ্ড ডিজাইন ভুলভুলেয়া টুলৈ বঁটা আগবঢ়োৱা হৈছে৷

You might also like