নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ মুক্তি লাভ কৰিব নে দীপিকা পাডুকন অভিনীত ‘ছপাক’ ? আজি হ’ব শুনানি…

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ কাইলৈ মুক্তি লাভ কৰিব এচিদ আক্ৰমণৰ ভুক্তভোগী লক্ষ্মী আগৰৱালৰ কাহিনীৰ আধাৰত নিৰ্মিত আৰু দীপিকা পাডুকন অভিনীত ছবি- ‘ছপাক’ । পিচে মুক্তিৰ প্ৰাকমুহূৰ্তত অনিশ্চয়তাত ভুগিছে পৰিচালকৰ লগতে ছবিখনৰ সকলো কলা-কুশলী । কিয়নো এই ছবিখনক লৈ অসন্তুষ্ট হৈ পৰিছে এগৰাকী অধিবক্তা ।

লক্ষ্মী আগৰৱালাৰ এচিদ আক্ৰমণৰ ঘটনাৰ গোচৰটো অপৰ্ণা ভট্ট নামৰ অধিবক্তাগৰাকীয়ে ওকালতি কৰিছিল । কিন্তু এই ছবিখনত তেওঁৰ নামটো উল্লেখ নথকা আৰু তেওঁক কোনোধৰণৰ কৃতিত্ব নিদিয়াত এতিয়া তেওঁ অসন্তুষ্ট হৈ পৰিছে ।

#Chhapaak

উল্লেখ্য যে অধিবক্তাগৰাকীয়ে বাৰম্বাৰ ছবি পৰিচালকগৰাকীক তেওঁক কৃতিত্ব প্ৰদান কৰিব লাগে বুলি যোগাযোগ কৰি আহিছিল । আৰু পৰিচালকগৰাকীয়েও তেওঁক এইক্ষেত্ৰত সম্পৰ্ণ কৃতিত্ব দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল । কিন্তু ৭ জানুৱাৰীৰ দিনা যেতিয়া ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল, অধিবক্তাগৰাকীক ছবিখনত কৃতিত্ব প্ৰদান নকৰা দেখা পোৱা গ’ল । যাৰ পিছতে এতিয়া ছবিখনক লৈ ক্ষুব্ধ হৈ পৰিছে অপৰ্ণা ভট্ট নামৰ অধিবক্তাগৰাকী ।

যাৰ বাবে এতিয়া তেওঁ পাটিয়ালা হাউচ ন্যায়ালয়ৰ কাষ চাপিছে আৰু ছবিখনৰ মুক্তি বাতিল কৰিবলৈ আবেদন দাখিল কৰিছে । ইপিনে এই আবেদনৰ আজিয়ে শুনানি প্ৰদান কৰিব ন্যায়ালয়ে ।

আনহাতে মঙলবাৰে দেশৰ প্রখ্যাত শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ) চৌহদত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীপিকাই শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় দিছিল । তাৰ পিছতে কিছু বিতৰ্কতো সোমাই পৰিছিল । যাৰ বাবে এই ঘটনাৰ পিছতে দীপিকাক একাংশ লোকে #বয়কট-ছপাক শীৰ্ষক লাইনেৰে ছ’চিয়েল মিডিয়াত টুইট কৰিছিল । আৰু ছবিখন নাচাবলৈ একাংশ লোকে মন্তব্য কৰিছিল ।

You might also like