নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰ সন্তানৰ আগমন বিৰুষ্কাৰ সংসাৰলৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ফেব্ৰুৱাৰীঃ অনুষ্কা শৰ্মা আৰু বিৰাট কোহলি দ্বিতীয়বাৰৰ বাবে অভিভাৱক হিচাপে পৰিগণিত হৈছে। এটি পুত্ৰ সন্তান জন্ম দিছে অভিনেত্ৰীগৰাকীয়ে। অনুষ্কাই নিজেই এই তথ্য ইনষ্টাগ্ৰামত পোষ্ট কৰিছে। ১৫ ফেব্ৰুৱাৰীত দ্বিতীয় সন্তানক আদৰণি জনোৱাৰ কথা জানিবলৈ দিছে অভিনেত্ৰীগৰাকীয়ে। আনকি অনুষ্কাই এই পোষ্টটোত পুত্ৰৰ নামো প্ৰকাশ কৰিছে। অনুষ্কা শৰ্মাই পোষ্টটোত লিখিছে- আনন্দ আৰু মৰমেৰে ভৰা হৃদয়েৰে আমি সকলোকে ক’বলৈ পাই সুখী যে ১৫ ফেব্ৰুৱাৰীত আমি এটি পুত্ৰ সন্তানৰ অভিভাৱক হলো। আমাৰ জীৱনৰ এই সুন্দৰ পৰ্যায়ত আপোনালোকৰ প্ৰাৰ্থনা আৰু শুভেচ্ছা বিচাৰিছো। আমি আপোনালোকক অনুৰোধ কৰিছো যে এই সময়ত আমাৰ গোপনীয়তাক সন্মান কৰক। উল্লেখ্য যে পুত্ৰ সন্তানটিৰ নাম ৰাখিছে অকায়।

You might also like