নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ মিনিটত ১৮৪ ছেলফি : ছেলফিৰে গিনিজ ৱৰ্ল্ড ৰেকর্ড অক্ষয় কুমাৰৰ

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰীঃ ছেলফি উঠি গিনিজ ৱর্ল্ড ৰেকর্ড গঢ়িলে অক্ষয় কুমাৰে৷ এই ৰেকৰ্ডত তিনি মিনিটৰ ভিতৰতে বলীউডৰ তাৰকা কুমাৰে ১৮৪ ছেলফি উঠে৷ ‘ছেলফি’ ছৱিৰ প্রচাৰ অভিযান চলাই থকা তাৰকা অক্ষয় কুমাৰে কালি ছেলফি উঠি গিনিজ ৱর্ল্ড ৰেকর্ড গঢ়ে৷ মুম্বাইত ছেলফি ছৱিৰ প্রচাৰ অভিযানত তিনি মিনিটৰ ভিতৰতে অভিনেতাগৰাকীয়ে উপস্থিত অনুৰাগীৰ সৈতে ১৮৪ ছেলফি উঠে৷ এই ছেলফি উঠি গিনিজ ৰেকর্ড গঢ়াৰ সময়ত অনুৰাগীৰ সৈতে গিনিজ ৱর্ল্ড ৰেকর্ডৰ বিষয়াও উপস্থিত আছে৷ ছেলফি আলোকচিত্র আৰু ছেলফি ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অভিনেতা কুমাৰে উষ্ম আদৰণি জনায় নমস্তেৰ জৰিয়তে৷ অক্ষয় কুমাৰ অভিনীত ছেলফি শীর্ষক ছৱিখন পৰিচালনা কৰিছে ৰাজমেহতাই৷ ছৱিখনত কুমাৰৰ উপৰি ইমৰান হাছমি, নুছৰৎ ভাৰুচা, ডায়েনা পেণ্টি গুৰুত্বপূর্ণ ভূমিকাত আছে৷ ২০১৯ চনত মুক্তি পোৱা মালায়ালম কমেডি ড্রামা ড্রাইভিং লাইছেঞ্চৰ ৰিমেক হৈছে ছেলফি৷ কাইলৈ ছৱিখনে চিত্রগৃহত মুক্তি পোৱাৰ পূর্বে অভিনেতা কুমাৰে ছেলফি উঠি গিনিজ ৰেকর্ড গঢ়ি অনুৰাগী–চিত্রপ্রেমীক আকর্ষন কৰিছে৷

You might also like