নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাৰ ধন লোৱাৰ তথ্য ফাদিলৰ হুংকাৰ আজমলৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ ১৮ দিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ধন লোৱাৰ তথ্য ফাদিল কৰিব ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে। আজি সন্ধিয়া ধুবুৰী আৱৰ্ত ভৱনত আয়োজিত এক সংবাদ মেলত এই বিস্ফোৰণ ঘটায় স্থানীয় সাংসদগৰাকীয়ে। অৱশ্যে কিমান ধন ভূপেন বৰাক দিয়া হৈছিল অথৱা বিষয়টো লৈ অইন এশাৰি বাক্য ক’বলৈ অস্বীকাৰ কৰি “সেয়া গুপ্ত কথা” বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্যও কৰে তেওঁ। সংবাদমেলখনত ভূপেন বৰাৰ ৰাজনৈতিক চেঞ্চ নাই বুলিও উল্লেখ কৰি “ভূপেন বৰা পগলা হোৱা” বুলিও অভিহিত কৰে সাংসদ আজমলে। ল’গতে ভূপেন বৰাৰ সুমতিৰ বাবে দোৱাও কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীৰ কটাক্ষ কৰা পোৱা যায় তেওঁ। আনহাতে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা হোৱা-নোহোৱাৰ বিষয়ে একো স্পষ্ট কৈ একো নকলেও “দিল্লীৰ পৰা বিজেপিকে বিদায় দিব লাগিলে সকলো বিৰোধী একত্ৰিত হ’ব লাগিব আৰু আমিও বিৰোধী দল” বুলি এক ইংগিতবাহী মন্তব্য কৰে তেওঁ। সংবাদমেলখনত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেখেতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত ভাল মানুহ নাই বুলি মন্তব্য আগবঢ়ায়। অৱশ্যে সংবাদমেলখনত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ প্ৰশংসিত পঞ্চমুখ হৈ পৰা দেখা যায় তেওঁ। সংবাদমেলখনত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত অখিল গগৈ এগৰাকী ফালটু মানুহ বুলি শিৱসাগৰৰ বিধায়ক গৰাকীক কটাক্ষ কৰে সাংসদ গৰাকীয়ে। আনহাতে আগত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়াৰ পৰাই দিনে-নিশাই সাংগঠনিক তৎপৰতা আৰম্ভ হোৱা বুলিও দাবী কৰাৰ সমান্তৰালকৈ আগত পঞ্চায়ত নিৰ্বাচনক ভাল ফলাফল লাভ কৰিব বুলিও কয় এআইইউডিএফ চুপ্ৰিমোগৰাকীয়ে। উল্লেখ্য যে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত জিলা উন্নয়ণ সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’য় স্থানীয় সাংসদ গৰাকীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like