নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লম্পট গাঁওপ্ৰধানৰ ধৰ্ষণৰ বলি বাইহাটাৰ মহিলা

নিয়মীয়া বাৰ্তা,  ২৩ ফেব্ৰুৱাৰীঃ বাইহাটা  চাৰিআলিৰ  নিকটৱৰ্তী  টুলামাটিত  এক  ধৰ্ষণ  কাণ্ডৰ ঘটনা সম্প্ৰতি পোহৰলৈ  আহিছে। এগৰাকী গাঁওপ্ৰধানৰ বিৰুদ্ধে ধৰ্ষণত জড়িত হোৱাৰ অভিযোগ এগৰাকী মহিলাৰ। জানিব পৰা মতে গাঁওপ্ৰধান ৰুবুল আলীয়ে একে গাঁৱৰে এগৰাকী মহিলাক মৃত্যুৰ ভাবুকিৰে ধৰ্ষণ কৰাৰ অভিযোগ মহিলাগৰাকীৰ। ৰন্ধন গেছ সংযোগৰ কাৰনে প্ৰয়োজনীয় গাঁওপ্ৰধানৰ প্ৰমাণপত্ৰ আনিবলৈ যাওঁতে এই অপকৰ্ম সংঘটিত হোৱাৰ অভিযোগ। লগতে ৰুবুল আলীয়ে এই অপকৰ্মৰ কথা বাহিৰত প্ৰকাশ কৰিলে ভুক্তভোগী মহিলাগৰাকীৰ সন্তান দুটাৰ লগতে স্বামীকো প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মহিলাগৰাকীয়ে। উল্লেখ্যে যে সমগ্ৰ ঘটনাটো পুত্ৰৰ আগত প্ৰকাশ কৰাৰ পিছতে  চৌদিশে পোহৰলৈ আহে। ঘটনা সম্পৰ্কে বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰে  ভুক্তভোগী মহিলাগৰাকীয়ে।
প্ৰেৰক লক্ষী ডেকা
You might also like