দৰমহা কর্তন-ক লৈ ক্ষুব্ধ আৰক্ষী বিষয়াৰ গছত উঠি প্রতিবাদ
বিধায়কৰ তৎপৰতাত কথমপি ৰক্ষা পৰিল জীৱন
দৰমহা কর্তন কৰাৰ প্রতিবাদ গছত উঠি আত্মহত্যাৰ ভাবুকি দিলে আৰক্ষী বিষয়াই৷ ইয়াৰ পাছত পাঁচ ঘণ্টা ধৰি চলিল উত্তেজনা৷ অৱশেষত স্থানীয় বিধায়কৰ হস্তক্ষেপত গছৰ পৰা নমাই অনাটো সম্ভৱ হ’ল নাচোৰবান্দা আৰক্ষী বিষয়াক৷
এই অদ্ভুত ঘটনাৰ সাক্ষী হ’ল হিমাচল প্রদেশৰ ডালহৌছি৷ কালি হঠাতে গছৰ ওপৰলৈ উঠি যায় জম্মু–কাশ্মীৰৰ এই আৰক্ষী বিষয়াগৰাকী৷ ৪৮ বছৰ বয়সীয়া আৰক্ষী বিষয়া শ্যামলালে ১৫ মিটাৰ উচ্চতাৰ গছডালৰ ওপৰলৈ উঠি যায়৷ ওপৰৰ পৰাই আৰক্ষী বিষয়াগৰাকীয়ে ভাবুকি দি থাকে যে তেওঁক যদি কোনোবাই গছৰ পৰা নমাবলৈ চেষ্টা কৰে, তেন্তে চিপ লগাই আত্মহত্যা কৰিব৷
কিন্তু কিয় নিজৰ জীৱন শেষ কৰিব বিচাৰে আৰক্ষী বিষয়াজনে? এই বিষয়ে শ্যামে কোৱা শুনিবলৈ পোৱা যায় যে ক’ভিড–১৯ৰ পিছৰে পৰা তেওঁৰ মাহিলি বেতন ১৮,০০০ৰ পৰা কমি ৪,০০০ টকা হৈছে৷ ইয়াৰ ফলত তেওঁ চৰম আর্থিক সংকটৰ সন্মুখীন হৈছে৷
গতিকে, প্রতিবাদৰ অন্য পথ তেওঁ বিচাৰি পোৱা নাই৷ লক্ষণীয়ভাৱে ঘটনাস্থলীত আৰক্ষীৰ দল আৰু অগ্ণিনির্বাপক বাহিনী উপস্থিত হয়৷ স্থানীয় লোকে আহি গছৰ তলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ অৱশেষত বিধায়ক ৰামেশ্বৰ সিঙৰ তৎপৰতাত শ্যামলালক গছৰ পৰা নমাই অনাটো সম্ভৱ হৈ পৰে৷