নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মই আপোনাৰ ব্ৰেণ্ড এম্বেছাডৰ নহয়…ফটোখন আঁতৰাই দিয়ক’ : অনুষ্কাৰ ক্ষোভ

বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰ: বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা ক্ষোভৰ বাবে পুনৰ লাইমলাইটলৈ আহিছে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ‘চাকদা এক্সপ্ৰেছ’ অভিনেত্ৰীগৰাকীয়ে প্ৰচাৰৰ বাবে তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টত নিজৰ ছবি ব্যৱহাৰ কৰাৰ বাবে আগশাৰীৰ ব্ৰেণ্ড পুমাক তীব্ৰ সমালোচনা কৰিছে। এইকেইদিন অনুষ্কা শৰ্মাই ছচিয়েল মিডিয়াত অতি স্পষ্টভাৱে প্ৰতিটো বিষয়তে মাত মাতিছে। যোৱাবাৰ অভিনেত্ৰীগৰাকীয়ে স্বামী বিৰাট কোহলীৰ গোপনীয়তাত হস্তক্ষেপ কৰাৰ অভিযোগত এজন অনুৰাগীক তীব্ৰ সমালোচনা কৰিছিল। এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ ছবিৰ অপব্যৱহাৰৰ বাবে এটা ব্ৰেণ্ডৰ ওপৰত ক্লাছ দিছে। ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে PUMAক নিজৰ ছবি আঁতৰাবলৈ কঠোৰ নিৰ্দেশনা দিছে। অনুষ্কাই সন্মতি অবিহনে নিজৰ ছবি পোষ্ট কৰাৰ বাবে স্প’ৰ্টছ ব্ৰেণ্ড পুমাক লৈ ক্ষোভ প্ৰকাশ কৰিছে। অভিনেত্ৰীগৰাকীয়ে লিখিছে, “হেৰা, পুমা ইণ্ডিয়া? মই নিশ্চিত যে আপুনি জানে যে মোৰ ছবিবোৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰাৰ আগতে অনুমতি ল’ব লাগিব কাৰণ মই আপোনাৰ এম্বেছাদৰ নহয়…অনুগ্ৰহ কৰি আঁতৰাই পেলাওক…”। পুমা ইণ্ডিয়াই শেহতীয়াকৈ তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজত ব্ৰেণ্ডেড কাপোৰ পিন্ধা একাংশ তাৰকাৰ ফটো পোষ্ট কৰিছিল। অনুষ্কা শৰ্মাকো এই ছবিসমূহত অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে অনুষ্কাই বেণ্ডটোক ফটো আঁতৰাবলৈ আহ্বান জনোৱাৰ পিছতো পুমাৰ ইনষ্টাগ্ৰাম একাউণ্টত ফটোসমূহ এতিয়াও দেখা যায়।

You might also like