নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত ১৭ৰ পৰা ১৯ ডিচেম্বৰলৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা “সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা-২০২২”ৰ আজিৰ সামৰণী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই অংশ গ্ৰহণ কৰে । অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমৰ কৃষকসকলৰ উন্নয়নৰ ওপৰত ৰাজ্যখনৰো উন্নয়ন নিৰ্ভৰ কৰে। মন্ত্ৰীগৰাকীয়ে কৃষক তথা কৃষিৰ উন্নয়নৰ জড়িয়তে ৰাজ্যখনক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব দিবলৈ উপস্থিত কৃষক আৰু কৃষি বিভাগৰ বিষয়াসকলক আহ্বান জনায় ।

You might also like