নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌৱনৰ বা লগাবলৈ ছবিগৃহলৈ নতুন ৰূপত ‘যৌৱনে আমনি কৰে’ৰ দ্বিতীয় খণ্ড

বিশেষ বাৰ্তা, ২৭ মেঃ চলচ্চিত্রপ্রেমী ৰাইজলৈ এক সুখবৰ৷ ছুপাৰহিট অসমীয়া ছবি ‘যৌৱনে আমনি কৰে’ৰ দ্বিতীয় খণ্ড নতুন ৰূপত চলচ্চিত্রপ্রেমীৰ সন্মুখলৈ আহিব৷ লক্ষ্মীনাৰায়ণ ফিল্মছৰ হৈ প্রযোজক অশোক কুমাৰ বিষয়াই এই  কথা জনাইছে৷ ‘যৌৱনে আমনি কৰে’ৰ ২৫সংখ্যক বর্ষপূর্তি উপলক্ষে আয়োজিত হ’বলগা এক অনুষ্ঠান সন্দর্ভত আজি গুৱাহাটী প্রেছ ক্লাবত আয়োজিত সংবাদ মেলত প্রযোজকগৰাকীয়ে কয়– ১৯৯৮ চনত ১১ জুনত নুনমাটিৰ বন্দনা ছবিঘৰত প্রথম প্রিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈছিল যৌৱনে আমনি কৰেৰ৷ একে সময়তে দুখনকৈ বিখ্যাত ছবি গুৱাহাটীৰ ছবিঘৰত চলি থকা সত্ত্বেও অসমীয়া ছবি জগতত এক নতুন ইতিহাস ৰচনা কৰি একেৰাহে ২৫টাকৈ সপ্তাহ প্রদর্শন হৈছিল উক্ত ছবিখন৷ অসমীয়া ছবি যৌৱনে আমনি কৰেৰ প্রিমিয়াৰৰ দিনটো স্মৃতি সুঁৱৰি নষ্টালজিক হৈ পৰে ছবিখনৰ সৈতে জড়িত কলা–কুশলীসকল৷ প্রযোজক বিষয়াই কয়– সেই সময়ত অসমৰ ছবিগৃহত হলীউডৰ সর্বাধিক জনপ্রিয় ছবি জেমছ কেমেৰুণৰ ‘টাইটানিক’ আৰু বলীউডৰ অমিতাভ বচ্চন–গোবিন্দ অভিনীত ‘বড়ে মিঞা ছোটে মিঞা’ ছবি দুখন চলি আছিল৷ গুৱাহাটীৰ ছবিঘৰত অসমীয়া ছবিক কোনোৱে চলাবলৈ স্থান দিয়া নাছিল৷ কিন্তু নুনমাটিৰ বন্দনা ছবিঘৰৰ স্বত্বাধিকাৰীয়ে আমাক ছবিখনৰ প্রিমিয়াৰ আৰু প্রদর্শনীৰ বাবে সন্মতি প্রদান কৰিছিল৷ তাৰ পিছৰ পৰা যি হ’ল সেয়া ইতিহাস৷ ছবিখনৰ ২৫ বর্ষীয় গৌৰৱোজ্জ্বল বর্ষপূর্তি উপলক্ষে ১১ জুনৰ সন্ধিয়া ৬ বজাত পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক মুখ্য অতিথি হিচাপে আৰু সাংস্কৃতিক মন্ত্রী বিমল বৰাক বিশিষ্ট অতিথিৰূপে আমন্ত্রণ জনোৱা হ’ব বুলি বিষয়াই লগতে কয়৷

You might also like