নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাত ড্ৰাগছবিৰোধী অভিযান আৰক্ষীৰ

নিয়মীয়াবাৰ্তা, ২৭ মেঃ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ এলেকাধীন বটদ্ৰৱাৰ বড়ি বজাৰ আৰক্ষীয়ে আজি পুনৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছসহ  আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আজি সন্ধিয়া ৮  বজাত এক গোপন সূত্ৰৰ পম খেদি  বড়ি বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাহাৰুল ইছলামৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে বটদ্ৰৱাৰ ধনীয়ভেটিৰ পৰা ড্ৰাগছ ক্ৰয় কৰি দলংঘাট অভিমুখে গৈ থকা অৱস্থাত শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা  যুৱকজনক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। যুৱকজনৰ পৰা আৰক্ষীয়ে কাগজত থকা ১.৫৯ গ্ৰাম আৰু প্লাষ্টিকৰ চাদাৰ টেমাত ভৰ্তি ১২.৫৭ গ্ৰাম ড্ৰাগছৰ  লগতে এটা ম’বাইল আৰু নগদ ধন  উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱকজন  মিকিৰভেটা থানাৰ এলেকাধীন দলংঘাট শান্তিপূৰ গাঁৱৰ  কেহাই বৰদলৈৰ পুত্ৰ নৱজ্যোতি বৰদলৈ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে।
প্ৰেৰক  কন্দৰ্প কুমাৰ কলিতা
You might also like