নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ৰঙালী বিহুৰ বতৰতে অসমৰ বাবে এটা ভাল খবৰ। একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ, ২০২১ৰ শ্ৰেষ্ঠ চুটি ছবি আৰু শ্ৰেষ্ঠ নেপথ্য সংগীত শিতানত মনোনয়ন লাভ কৰিছে চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’-এ। উদীয়মান পৰিচালক মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ নেপথ্য সংগীত কৰিছে ইবচন লাল বৰুৱাই।

ইতিমধ্যে দৰ্শকৰ মাজত ছবিখনে যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় উৎসৱলৈও নিৰ্বাচিত হৈছে ছবিখন। ১৯ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ কাহিনী মানস চাগ্ৰাৰ আৰু ছবিখনত অভিনয় কৰিছে প্ৰণামী বৰা, আদৱিক গগৈ, আদ্ৰিতি গগৈ, তপন ডেকা আৰু বাদল আৰ্যই।

উল্লেখ্য যে, ইতিমধ্যে ১৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱৰ চুটি ছবি প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘মঙহ দহাৰ গোন্ধ’-এ। লগতে, Lift-off Global Networkৰ লগতে DMOFF(Direct Monthly Online Film Festival) লৈও নিৰ্বাচিত হৈছে মৃণাল ডেকাৰ চুটি ছবিখন।

I am so happy to announce that our short film MONGOH DOHAR GUNDH is officially selected in prestigious 11th DADA SAHEB…

Posted by Mrinal Deka on Friday, 16 April 2021

 

You might also like