নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্রান্ত অ’এনজিচিৰ মহাপ্রবন্ধকৰ মৃত্যু

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি ক’ৰোনাৰ প্রকোপ

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ তেল আৰু প্রাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কার্যালয়ৰ বৈদ্যুতিক শাখাৰ মহাপ্রবন্ধক ৰাজীৱ হাজৰিকাৰ (৫২) আজি ডিব্রুগডৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু ঘটে৷ নাজিৰাস্থিত অ’ এন জি চিৰ আৱাসিক এলেকাত থাকি কার্যনিবাহ কৰা শীর্ষ বিষয়াজনে যোৱা মার্চ মাহৰ শেষভাগত মুম্বাইত থকা পৰিয়ালক লৈ নাজিৰালৈ উভতি আহিছিল৷ ইয়াৰ কিছুদিন পিছতেই তেওঁ জ্বৰ আৰু কাহত আক্রান্ত হোৱাত যোৱা ৪ এপ্রিলত ডিব্রুগডৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ কিন্তু ৭ এপ্রিলত কৰা স্বাস্থ্য পৰীক্ষাত তেওঁৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাত অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়৷ যোৱা সময়ছোৱাত তেওঁৰ স্বাস্থ্য ক্রমাৎ অৱনতি ঘটিবলৈ ধৰে আৰু আজি পুৱাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ শোণিতপুৰ জিলাৰ চতিয়াৰ মূল বাসিন্দা ৰাজীৱ হাজৰিকা তৈল প্রতিষ্ঠানটোৰ এজন সুদক্ষ বিষয়া ৰূপে সুনাম আছিল৷

১৯৮৯ চনত যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা ইলেক্টিকেল শাখাত ডিগ্রী অর্জন কৰাৰ পিছত অসমৰ বাহিৰত উচ্চ শিক্ষা গ্রহণ কৰি পৰৱর্তী কালত অ’ এন জি চিত যোগদান কৰে৷ অ’ এন জি চিৰ মুম্বাইস্থিত কার্যালয়তো দীর্ঘদিন ধৰি কার্যনির্বাহ কৰা বিষয়াজনে মুম্বাই অসম এছ’চিয়েচনৰ সৈতে ওতপ্রোতভাৱে জডিত থকাৰ লগতে সংগঠনটোৰ যুটীয়া সম্পাদকৰ দায়িত্বভাৰ বহন কৰিছিল৷ অসমৰ পৰা মুম্বাইলৈ চিকিৎসা আৰু উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্র–ছাত্রী তথা জনসাধাৰণক পার্যমানে সহায় কৰিছিল হাজৰিকাই৷ সাহিত্য চর্চাৰ প্রতি বিশেষ ৰাপ থকা বিষয়াজনে বিগত ক’ৰোনা কালৰ ওপৰত আধাৰিত এটি কবিতা পাঠকৰ মাজত বিশেষভাৱে সমাদৃত হৈছিল৷ সুদক্ষ বিষয়াজনৰ মৃত্যুত অ’ এন জি চিৰ অসম সম্পদৰ কার্যবাহী সঞ্চালক ঔম বীৰ সিং, অ’ এন জি চিৰ সর্বভাৰতীয় বিষয়া–কর্মচাৰী সন্থাৰ সভাপতি তথা প্রতিষ্ঠানটোৰ জ্যেষ্ঠ মহাপ্রবন্ধক জয়ন্ত পাটৰৰ লগতে সমূহ বিষয়া–কর্মচাৰীয়ে গভীৰ শোক প্রকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্র–কন্যাক ইহসংসাৰত এৰি গৈছে৷
শিলচৰত ক’ভিড আক্রান্ত দুগৰাকী লোকৰ মৃত্যু
শিলচৰত ক’ভিড আক্রান্ত দুগৰাকী লোকৰ মৃত্যুৰ ঘটনাই তীব্র আতংক সৃষ্টি কৰিছে বৰাক উপত্যকাত৷ আজি ক’ভিডত আক্রান্ত হৈ শিলচৰ চহৰৰ মাজমজিয়াৰ প্রেমতলাৰ সত্যেন্দ্র মোহন ৰয় (৭৩) আৰু তাৰাপুৰৰ হেমেন্দ্র কুমাৰ চন্দাৰ (৭০) মৃত্যু হয়৷ জানিব পৰা মতে, সত্যেন্দ্র মোহন ৰয় হঠাৎ হূদৰোগত আক্রান্ত হৈ অসুস্থ হৈ পৰে৷ তেওঁ যোৱা ১০ এপ্রিলত গ্রীন হিলছ হাস্পতালত ভর্তি হৈছিল৷ পাছত তেওঁৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ তেওঁৰ কালি নিশা ২মান বজাত মৃত্যু হয়৷ আজি আবেলি ৪.১৫ বজাত হেমেন্দ্র কুমাৰ চন্দাৰ মৃত্যু হয়৷ ইপিনে এই পর্যন্ত কাছাৰ জিলাত ১৭৩গৰাকী ক’ভিড আক্রান্ত ৰোগী চিকিৎসালয়ত ভর্তি হৈ আছে৷
ক’ভিডঃ দেওবাৰে ৬গৰাকীৰ মৃত্যু, আক্রান্ত ৬৩৯ঃ কামৰূপ (মেট্র’)ত ৩৫৪ পজিটিভ
ৰাজ্যখনত ক’ভিডৰ ভয়াৱহ সংক্রমণ আৰম্ভ হৈছে৷ আজি ক’ভিডত আক্রান্ত হৈ ৬গৰাকী লোক মৃত্যুমুখত পৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি আজিৰ দিনটোত বৰপেটা, কাছাৰ, ধেমাজি, কামৰূপ (মেট্র’), নগাঁও আৰু তিনিচুকীয়া জিলাত এগৰাকীকৈ লোকৰ মৃত্যু হয়৷ সেইদৰে আজিৰ দিনটোত নতুনকৈ ৬৩৯গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ দিনটোত ২৩,৩০০গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ২.৭৪ শতাংশ৷ আজি নতুনকৈ ক’ভিড ধৰা পৰা ৬৩৯গৰাকী লোকৰ ভিতৰত কামৰূপ (মেট্র’)ত ৩৫৪গৰাকী লোক আছে৷ সেইদৰে কামৰূপ জিলাৰ ৩৫গৰাকী, নগাঁও জিলাৰ ২৮গৰাকী আৰু ডিব্রুগড় জিলাৰ ২৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ আজিৰ দিনটোত ১৫৯গৰাকী লোকক সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ৫,২৬৮গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷

You might also like