নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোপত ক’ভিডৰ সংক্রমণৰ পঞ্চম জোৱাৰ

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০ লাখ অতিক্রম কৰিছে৷ আমেৰিকাৰ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে ক’ভিড–১৯ত সমগ্র পৃথিৱীত প্রাণ হেৰুৱাইছে ৩০,০৮,০৪৩গৰাকী লোকে৷ এতিয়ালৈকে পৃথিৱীত এই মহামাৰীত আক্রান্ত হৈছে ১৪ কোটি ৪লক্ষাধিক লোক৷

উল্লেখনীয় যে আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশত ক’ভিড মহামাৰীৰ পঞ্চমটো জোৱাৰ চলি আছে৷ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি আমেৰিকা আছে ক’ভিড মহামাৰী আক্রান্ত দেশৰ তালিকাৰ শীর্ষত৷ দেশখনত ৩ কোটি ১৬ লক্ষাধিক লোক আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ৫,৬৬,৮৯৩গৰাকী লোকে৷

লক্ষণীয়ভাৱে সমগ্র বিশ্বত ক’ভিড মহামাৰীৰ কেইবাটাও পৰিৱর্তিত প্রকৰণৰ উপস্থিতি ধৰা পৰিছে৷ ব্রিটেইন আৰু আফ্রিকাত ক’ভিডৰ এই নতুন প্রকৰণৰ সংক্রমণৰ উপস্থিতি ধৰা পৰাৰ পিছত ভাৰততো কেইবাটাও ভিন্ন প্রকৰণৰ ক’ভিড ভাইৰাছৰ সংক্রমণ নিশ্চিত কৰিবলৈ সক্ষম হৈছে চিকিৎসকসকল৷

শেহতীয়া তথ্য অনুসৰি ক’ভিড মহামাৰীত আমেৰিকাৰ তলতে গৰিষ্ঠসংখ্যক লোকে প্রাণ হেৰুৱাইছে ব্রাজিলত৷ ইয়াৰ পিছতো সংক্রমণৰ তালিকাত ভাৰত আছে দ্বিতীয় স্থানত৷ ভাৰতত ১,৭৫,০০০তকৈ অধিক লোকে ইতিমধ্যে প্রাণ হেৰুৱাইছে এই মহামাৰীত৷ লক্ষণীয়ভাৱে জার্মানী, ইটালী, ৰাছিয়া, ফ্রান্স, ব্রিটেইন, মেক্সিকো, স্পেইন, কলম্বিয়া, ইৰান, পোলেণ্ড, আর্জেণ্টিনা, পেৰু, স্পেইন, দক্ষিণ আফ্রিকা আদি দেশত ক’ভিড মহামাৰীয়ে ইতিমধ্যে সংক্রমণৰ সংহাৰ সৃষ্টি কৰিছে৷ বিশ্বজুৰি ক’ভিড প্রতিৰোধী কেইবাটাও ভেকচিন ওলাইছে যদিও মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগোৱাটো সম্ভৱ হোৱা নাই৷ সেইবাবে বিশ্ব স্বাস্থ্য সংস্থাই ভেকচিনেই ক’ভিড নির্মূলৰ একমাত্র অস্ত্র নহয় বুলি ঘোষণা কৰিছে৷ ইয়াৰ বাবে দীর্ঘদিনীয়া সতর্কতাৰ প্রয়োজন বুলিও সংস্থাটোৱে উল্লেখ কৰিছে৷

You might also like