নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনষ্টাগ্ৰাম ৰীলৰ ভিউ আনক এই সাধাৰণ তথা প্ৰয়োজনীয় টিপছেৰে…

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ সময়ৰ সোঁতত নতুন প্ৰজন্মৰ মাজত ফেচবুকৰ চাহিদা কমিছে। এতিয়া সেয়ে আজৰি সময়খিনিৰ বেছিভাগ সময় ইনষ্টাগ্ৰামত কটায়। লাগিলে সেয়া ভিৰৰ মেট্ৰ’ স্থানেই হওক বা কলেজৰ শ্ৰেণীকোঠা হওক, যুৱক-যুৱতীসকলৰ মবাইল ফোনলৈ এবাৰ চকু ফুৰালেই জানিব পৰা যায় যে তেওঁলোক ইনষ্টাগ্ৰামৰ ৰীল চোৱাত মগ্ন। কেতিয়াবা ঘৰৰ ছাঁদত বা ৰেষ্টুৰেণ্টত, কেতিয়াবা সাগৰৰ পাৰত আৰু কেতিয়াবা শোৱা কোঠাত যুৱক-যুৱতীসকলে ৰীল বনায়। কোনোবাই চখ হিচাপে বনাইছে। কোনোবাই স্বীকৃতি লাভৰ আশাত নিয়মিতভাৱে ৰীল বনাই ছ’চিয়েল মিডিয়া পেজত পোষ্ট কৰি আছে। কিন্তু একাধিক ৰীল বনোৱাৰ পিছতো একাংশ লোক হতাশ হয়। এই ৰীলটো কেতিয়াও ১০০জনতকৈ অধিক লোকৰ ওচৰলৈ নাযায়। এনে লাগিব পাৰে যে ইনষ্টাগ্ৰাম ডাঙৰ ডাঙৰ ক্ৰিয়েটৰৰ ৰীল অধিক বুষ্ট কৰে। কিন্তু সেয়া একেবাৰেই নহয়। ৫০জন অনুৰাগী হওক বা ৫০ লাখ — ইনষ্টাগ্ৰামৰ এলগৰিডম সকলোৰে বাবে একেই। গতিকে আপোনাৰ ৰীলটো অধিক মানুহৰ ওচৰলৈ যাবলৈ আপুনি কি কৰিব পাৰে, সেয়া জানো আহক।

ট্ৰেণ্ডিং গীত ব্যৱহাৰ কৰক : কেৱল আপোনাৰ প্ৰিয় গীতত নহয়, এই মুহূৰ্তত ট্ৰেণ্ডিং হৈ থকা গীতত ইনষ্টাগ্ৰাম ৰীল বনাওক। কিন্তু সেই গীতটোত যদি আপুনি আন কোনো ধাৰণা উলিয়াব পাৰে, তেতিয়াহে আপোনাৰ পোষ্টটোৰ ভিউ বাঢ়িব।

ভিডিঅ’ত কেপচনৰ ব্যৱহাৰ : তথ্যসমৃদ্ধ ভিডিঅ’ শ্বুট কৰাৰ সময়ত ভিডিঅ’ত কেপচন ব্যৱহাৰ কৰক। যদি ভিডিঅ’টোত পইণ্টৰ কেপচন দিয়া হয় তেন্তে দৰ্শকে বেছি ভাল পায়।
সকলো বৈশিষ্ট্যৰ ব্যৱহাৰ: ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামৰ সকলো বৈশিষ্ট্য ব্যৱহাৰ কৰা অধিক ভিডিঅ’ বুষ্ট কৰে। ফলত ভিডিঅ’টোত অধিক প’ল, এছএফএক্স, ফিল্টাৰ, গীত, কেপচন, ষ্টীকাৰ ব্যৱহাৰ কৰক। আপোনাৰ ৰিলেও অধিক ভিউ পাব। কেৱল ইনষ্টাগ্ৰামতে নহয়, ফেচবুকতো ৰীল শ্বেয়াৰ কৰক।

ভাষাত সাৱধানতাঃ স্থানীয় ভাষা বুলিয়েই নহয়, হিন্দী, ইংৰাজী গীতত ৰীল বনালেও আপোনাৰ ৰীল বেছি মানুহৰ মাজলৈ যাব। ফলত আপোনাৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাব। যিবোৰ সুৰ অতি ট্ৰেণ্ডিং হয় সেইবোৰত আপুনি ৰীল বনাব পাৰে। ৰীলটো তথ্যসমৃদ্ধ বা মনোৰঞ্জনমূলক হ’ব পাৰে।

ৰিলৰ সংখ্যা বৃদ্ধি কৰা: বহুতে ভাবে যে ভিডিঅ’টোৰ মান যিমানেই ভাল হ’ব সিমানেই ভিউ বেছি হ’ব। আৰু সেই ভিডিঅ’টো অধিক ভাইৰেল হ’ব। কিন্তু অলপ বুদ্ধিমত্তা খৰচ কৰিলে বুজিব যে ভাল ভিডিঅ’তকৈ বেছি ভিডিঅ’ দিয়াত গুৰুত্ব দিলে আপোনাৰ ভিউ বাঢ়িব। দৈনিক এটা ৰীল দিব লাগে। যিমানেই বেছি ভিডিঅ’ পোষ্ট কৰিব সিমানেই আপোনাৰ ইনষ্টাগ্ৰাম প্ৰফাইলত ভিউ পাব।

You might also like