নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউটিউবত গ্রাহকৰ সংখ্যাৰ সৰ্বকালৰ অভিলেখ CR7ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ আগষ্টঃ ফুটবলৰ খেলপথাৰৰ সলনি ইউটিউবৰ একছত্রী সম্রাটত পৰিণত হৈছে ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ এইগৰাকী ফুটবলাৰে অভিলেখৰ পিছত দৌৰিবলগীয়া নহয়, বৰং অভিলেখেহে তেওঁক খেদি ফুৰে৷ কিংবদন্তি ফুটবলাৰগৰাকীৰ ক্ষেত্রতো এই কথা শুদ্ধ প্রমাণিত হৈছিল৷ যোৱা সপ্তাহত চেনেলটো মুকলি কৰা ৰ’নাল্ডোৱে এটাৰ পিছত এটাকৈ বহুতো অভিলেখ ভংগ কৰি যথেষ্ট সফলতা অর্জন কৰা দেখা গৈছে৷ ৰ’নাল্ডোৱে নিজৰ ইউটিউব চেনেল মুকলি কৰাৰ প্রায় এসপ্তাহ পূর্ণ হৈছে৷ এই এসপ্তাহত চেনেলটোৱে অতিক্রম কৰিছে ৫০ নিযুত গ্রাহকৰ সীমা৷ যাৰ ফলত ফুটবলাৰগৰাকীৰ চেনেলটো দ্রুততম গ্রাহক অর্জনকাৰী চেনেলত পৰিণত হৈছে৷ ইয়াৰ পূর্বে কোনেও এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাছিল৷ যোৱাটো সপ্তাহত ৰ’নাল্ডোৰ চেনেলটো ২৮২,৪৮০,১১১বাৰতকৈও অধিক উপভোগ কৰিছে গ্রাহকে৷ যাৰ ফলত এই সংখ্যা দ্রুতগতিত বৃদ্ধি হৈছে৷ ইয়াৰ পূর্বে ৰ’নাল্ডোৰ চেনেলটোৱে মাত্র ডেৰ ঘণ্টাত লাভ কৰিছিল এক নিযুত গ্রাহক৷ চেনেলটো মুকলি হোৱাৰ পিছৰে পৰা সামাজিক মাধ্যমত যথেষ্ট চর্চা চলিছিল এই চেনেলটোৰ বিষয়ত৷ সম্প্রতি ৫০ নিযুত গ্রাহক লাভ কৰাৰ পিছত এই চর্চা অধিক বৃদ্ধি পাইছে৷ ৰ’নাল্ডো হৈছে বিশ্বৰ সর্বাধিক উপার্জন কৰা এথলীট৷ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে এতিয়ালৈকে শ্বেয়াৰ কৰা সকলো ভিডিঅ’ লক্ষাধিক গ্রাহকে উপভোগ কৰিছে৷ সংবাদ মাধ্যমৰ এক প্রতিবেদন অনুসৰি, তেওঁৰ চেনেলে বিজ্ঞাপনৰ ধনৰ পৰা ১.২–৬ নিযুত ডলাৰ উপার্জন কৰিছে৷ বর্তমান সময়ত ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ সামাজিক মাধ্যমত ৯৬৪ নিযুতৰো অধিক ফ’ল’ৱার্ছ আছে৷ ফুটবলাৰগৰাকীৰ এক্সত আছে ১১২.৬ নিযুত ফ’ল’ৱার্ছ, ফেচবুকত আছে ১৭০ নিযুত আৰু ইনষ্টাগ্রামত আছে ৬৩৭ নিযুত ফ’ল’ৱার্ছ৷ যি সংখ্যা যিকোনো খেলুৱৈৰ ক্ষেত্রতে অবিশ্বাস্য৷ ৰ’নাল্ডোৱে ২১ আগষ্টত নিজৰ ইউটিউব চেনেলটো মুকলি কৰে৷ ২৮ আগষ্টলৈকে চেনেলৰ জৰিয়তে ফুটবলাৰগৰাকীয়ে ৫০ নিযুতৰো অধিক গ্রাহক অর্জন কৰিছে৷

You might also like