নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰে কাজিয়া কৰি গৃহত্যাগৰ ৩২ বছৰ পাছত ওভতাই আনিলে ফেচবুকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ছেপ্টেম্বৰঃ পাৰিবাৰিক কাৰণত প্রতিদিনে কাজিয়া এই কাজিয়াই এদিন চৰম পর্যায় পায়গৈ৷ পত্নীৰ সৈতে কাজিয়াৰ বাবে ঘৰৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল’লে স্বামীয়ে৷ খঙৰ ভমকত ঘৰৰ পৰা বহু দূৰলৈ গুচি গ’ল ব্যক্তিজনে৷ তাৰ পিছত তিনিটা দশক উকলি গ’ল৷ ফেচবুকৰ সহায়ত অৱশেষত সেই ব্যক্তিৰ সন্ধান লাভ কৰে আত্মীয়সকলে৷ ৩২ বছৰ পিছত ঘৰলৈ উভতি আহিছে এই ব্যক্তিজন৷ বাংলাদেশৰ কিশোৰগঞ্জৰ পাকুণ্ডিয়া উপ–জিলাৰ দক্ষিণ চৰটেকীৰ গাঁৱৰ মুৰশ্বিদ মিঞাই ৩২ বছৰ পিছত ঘৰলৈ উভতি আহিছে৷ বর্তমান মুৰশ্বিদ মিঞাৰ বয়স ৭০ বছৰ৷ মুৰশ্বিদৰ আত্মীয়–স্বজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৩২ বছৰ পূর্বে পত্নীৰে কাজিয়াৰ বাবে তেওঁ ঘৰৰ পৰা গুছি গৈছিল৷ পৰিয়ালৰ লোকে বহু বিচাৰ–খোচাৰ কৰিও তেওঁৰ সন্ধান পোৱা নাছিল৷ এটা পর্যায়ত মুৰশ্বিদক বিচাৰি পোৱাৰ আশা ত্যাগ কৰিছিল সকলোৱে৷ ইয়াৰ পিছত ঘৰৰ পৰা গুছি যায় মুৰশ্বিদৰ পত্নীয়েও৷ তেওঁলোকৰ কোনো সন্তান নাছিল৷ কিন্তু ফেচবুকৰ জৰিয়তে হঠাতেই আত্মীয়–স্বজনসকলে মুৰশ্বিদৰ সন্ধান পালে৷ জানিব পৰা গৈছে নৰসিংদীৰ বেলাব উপ–জিলাৰ ধুকুন্দি গাঁৱৰ ছাহাজুদ্দিন মাষ্টাৰৰ ঘৰত দীর্ঘদিন ধৰি শ্রমিকৰ কাম কৰিছিল মুৰশ্বিদে৷ কিন্তু কেইমাহমান পূর্বে তেওঁ অসুস্থ হৈ পৰে৷ অসুস্থ হৈ পৰাৰ পিছতে ঘৰলৈ ওভতাৰ ইচ্ছা প্রকাশ কৰে মুৰশ্বিদে৷ কিছুদিন পূর্বে ধুকুন্দি গাঁৱৰ এজন যুৱকে ফেচবুকত মুৰশ্বিদক লৈ এটা পোষ্ট দিয়ে৷ ফেচবুকৰ জৰিয়তে আত্মীয়সকলে মুৰশ্বিদক চিনিবলৈ সক্ষম হয়৷ কালি মুৰশ্বিদৰ ভতিজাক আব্দুল হাকিমসহ কেইবাজনেও সেই গাঁওখনলৈ গৈ মুৰশ্বিদক ঘৰলৈ ওভতাই আনে৷ আব্দুল হাকিমে সদৰী কৰা অনুসৰি দীর্ঘদিন পিছত খুৰাকক ওভতাই পাই তেওঁ তথা তেওঁলোকৰ পৰিয়াল উল্লসিত হৈ পৰিছে৷ মুৰশ্বিদে জীৱনৰ শেষ সময়ছোৱা ঘৰতে কটাব বুলি হাকিমে সংবাদ মাধ্যমক জনাইছে৷

You might also like