নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গোন্ধ’ৰে আমোলমোলাইছে হেঙুলৰ মঞ্চঃ উজনিতো হাউছফুল ভ্ৰাম্যমাণৰ প্ৰেক্ষাগৃহ

বিশেষ বাৰ্তা ২ ছেপ্টেম্বৰঃ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল হেঙুল থিয়েটাৰৰ ৩৫সংখ্যক নাট্যবৰ্ষৰ যাত্ৰা বিগত ২২ আগষ্টৰ পৰা আৰম্ভ হৈছে। মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত সাতটাকৈ নিশা নাট প্ৰদৰ্শন কৰাৰ পিছত মৰিয়নিৰ সমীপৰ লাহিঙত নাট প্ৰদৰ্শন কৰিছে নাট্যদলটোৱে। ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে দুটাকৈ বৰ্ষ নাট প্ৰদৰ্শনৰ পৰা বিৰত থকাৰ পিছত এইবাৰ নতুন উদ্যমেৰে দৰ্শকৰ মাজলৈ আহিছে নাট্যদলটো। মৰিয়নি আৰু লাহিঙত ইতিমধ্যেই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে হেঙুল থিয়েটাৰে। এইবাৰ হেঙুল থিয়েটাৰে প্ৰদৰ্শন কৰিছে নাট্যকাৰ- পৰিচালক হিমাংশু প্ৰসাদ দাসৰ ‘ৰঘুনাথ’, ৰাজদ্বীপৰ ‘বুদ্ধদেৱ’ আৰু প্ৰণৱ বৰুৱাৰ ‘গোন্ধ’ নামৰ তিনিখন নাটক। তিনিওখন নাটকেই ভিন্নস্বাদৰ আৰু দৰ্শকে আটাইকেইখনকে আদৰি লৈছে। ইয়াৰ মাজতে মৰিয়নিত পাঁ‌চটা দৰ্শনী হয় ‘বুদ্ধদেৱ’ আৰু চাৰিটা দৰ্শনী হয় ‘গোন্ধ’ নামৰ নাটকদুখন। আটাইকেইটা দৰ্শনীতে দৰ্শকৰ অভাৱনীয় ভীৰ দেখা গৈছিল। একেদৰে লাহিঙতো একাধিক দৰ্শনী প্ৰদৰ্শন হোৱা ‘বুদ্ধদেৱ’ আৰু ‘গোন্ধ’ নাটকে দৰ্শক ৰাইজৰ বিপুল সঁ‌হাৰি লাভ কৰে। প্ৰতিকুল বতৰতো দৰ্শকৰ পাৰ ভঙা উচাহ দেখা গ’ল । প্ৰণৱ বৰুৱাৰ ‘গোন্ধ’ নাটকে সকলো শ্ৰেণীৰ দৰ্শকৰ মন জয় কৰাৰ বিপৰীতে ৰাজদ্বীপৰ ‘বুদ্ধদেৱে’ দৰ্শকক তৃপ্ত কৰা পৰিলক্ষিত হৈছে। দুয়োখন নাটকৰ কাহিনীত পোৱা গৈছে নতুনত্বৰ সোৱাদ। একচন-ৰোমান্স- হাঁহি- কান্দোন আদি দৰ্শকে বিচৰা সকলোবোৰ উপাদানেই আছে নাটক কেইখনত। নিঃসন্দেহে হেঙুল থিয়েটাৰৰ এই দুখন নাট চলিত নাট্যবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ নাট হিচাপে পৰিগণিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। সুদৰ্শন অভিনেতা প্ৰসেনজিত বৰা, মোহময়ী অভিনেত্ৰী নিৰ্মালী বৰা, ভ্ৰাম্যমাণলৈ নতুনকৈ অহা দুই নৱাগত অভিনেতা-অভিনেত্ৰী ক্ৰমে নয়নজ্যোতি শইকীয়া আৰু কৃষ্ণা কল্যাণী, বলিষ্ঠ অভিনেতা মহেশ বৰা, দেৱজিত বৰা, ধ্ৰুৱজ্যোতি ঢেকিয়াল ফুকন, জয়ন্ত বৰ্মন, বৰ্নালী বৰুৱা আদিৰ গুণগত দলীয় অভিনয়ে আটাইকেইখন নাটকেই অধিক উপভোগ্য কৰি তুলিছে। নাটকেইখন পৰিচালনা কৰিছে হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিত হাজৰিকাই।এই সন্দৰ্ভত হেঙুল থিয়েটাৰৰ প্ৰযোজক আৰু পৰিকল্পক ক্ৰমে সংকল্পজিত হাজৰিকা আৰু পংকজ হাজৰিকাই কয়- এইবাৰ সমগ্ৰ টিমটোৱেই যথেষ্ট কষ্ট কৰিছে। নতুনত্বৰ কিছু প্ৰয়াস কৰা হৈছে যদিও সকলো শ্ৰেণীৰ দৰ্শকে ভাল পোৱাকৈ নাটক আগবঢ়াই নিয়া হৈছে। প্ৰযোজক সংকল্পজিত হাজৰিকা আৰু পৰিকল্পক পংকজ হাজৰিকাই চলিত নাট্যবৰ্ষত অসমৰ ৰাইজৰ আশীষ প্ৰাৰ্থনা কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like