নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি অসমৰ বাবে সুখবৰঃ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা-পাঠশালা-শিমলুগুৰি-বঙাইগাঁৱত শীঘ্ৰেই উৰণ সেতু

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ দীৰ্ঘদিন ধৰি নামনি অসমৰ ৰাইজে কৰি অহা আবেদন নিবেদনক সন্মান জনাই অৱশেষত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ একান্ত ইচ্ছাত নামনি অসমৰ মাজেৰে পাৰ হৈ যোৱা ব্যস্ততম ৰাষ্টীয় ঘাই পথ হিচাপে পৰিগণিত ২৭ নং (পূৰ্বৰ ৩১ নং) ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চাৰিখনকৈ উৰণ সেতুৰ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হব৷ আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালী জিলাৰ উদ্যোগত “সখী এক্সপ্ৰেছ” ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত বজালী উন্নয়ন খণ্ডৰ সামূহিক কৰ্মীসকলৰ মাজত ২৪ খন স্কুটি আনুষ্ঠানিক ভাৱে বিতৰণ কৰে ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্বয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ এই ২৪ খন স্কুটীৰ ভিতৰত পাঁচ গৰাকী কৃষি সখীক, পাঁচগৰাকী পশু সখীক, আঠ গৰাকী বেংক সখীক, দুইগৰাকী বীমা সখীক, এগৰাকী জীৱিকা সখীক আৰু তিনি গৰাকী Internal Mentorক স্কুটিসমূহ প্ৰদান কৰা হয়৷ পাঠশালাস্থিত বজালী জিলা পৰিষদৰ বাকৰিত অনুষ্ঠিত এই সভাত মন্ত্ৰী গৰাকীয়ে সখী সকলক স্কুটী প্ৰদান কৰি মন্ত্ৰী দাসে কয় যে গ্ৰামোন্নয়ন আৰু মহিলাসকলক আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লোৱা এই অভিলাষী পদক্ষেপে আগন্তুক দিনত অসমখনক এক নতুন গতিশীলতা প্ৰদান কৰিব৷ বজালী জিলাৰ জিলা প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰে আঁত ধৰা আৰু বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই উদ্বোধন কৰা স্কুটী বিতৰণী সভাত কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক দাসে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰত মালা আচনিৰ অধীনত নামনি অসমৰ বাইহাটা চাৰিআলি, পাঠশালাৰ ভাৰত-ভূটান সংযোগী চাৰিআলি, বৰপেটা জিলাৰ বাণিজ্যিক নগৰী বৰপেটা ৰোডৰ সমীপৰ শিমলাগুৰি আৰু বঙাইগাঁওৰ চাপাগুৰিত এই চাৰিখন উৰন সেতু নিৰ্মাণ কৰা হব বুলি সদৰি কৰে। ইয়াৰ বাবে ইতিমধ্যে যিহেতু নিবিদাৰ কাম সম্পূৰ্ণ হৈছে গতিকে অহা সপ্তাহৰ ভিতৰতে নিৰ্মাণৰ কাম আৰম্ভ হব বুলিও মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তাৰোপৰি দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত ৰাইজে নৰক যন্ত্ৰণা ভূগি অহা পাঠশালাৰ পৰা চুবৰীয়া ৰাষ্ট্ৰ ভূটানলৈ যোৱা ১২৭ (এ) নং ৰাষ্টীয় ঘাই পথটোৰ পুনৰ নিৰ্মাণৰ অনুমোদন লাভ কৰাৰ ক্ষেত্ৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গ্ৰহণ কৰা তৎপৰতাত ৰাইজ সন্তোষিত হৈছে। পথটো শীঘ্ৰেই মেৰামতি হলে বাকসা আৰু বজালী জিলাৰ ৰাইজৰ এটি ভয়াবহ সমস্যা সমাধান হব বুলি যাতায়াতকাৰীসকলে আশা ব্যক্ত কৰিছে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like