নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হনীমুনতে লাগিল পতিৰে দুৰ্বাদল কাজিয়া, ভাগিল সংসাৰঃ চেলিব্ৰিটীৰ বিবাহ পুৰাণ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ বিবাহ- মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু আধুনিক যুগত কেতিয়াবা এই বিবাহো হৈ পৰে বিহৰ দৰে। হয়, বিহ স্বৰূপ এক বিবাহ, যাৰ অন্ত পৰে হনীমুনকালীন অৱস্থাতে। এই বিবাহ আছিল তথাকথিত উচ্চ সাংস্কৃতিক পৰিকাঠামোৰ দ্বাৰা লালিত-পালিত এগৰাকী চেলিব্ৰিটীৰ।

তেওঁ পুনম পাণ্ডে। বান্দ্ৰাস্থিত ঘৰত লকডাউনৰ মাজতে জুলাইত অনুষ্টুপীয়াকৈ বিবাহ কাৰ্য সম্পন্ন হয় ছেম বোম্বে নামৰ অল্পখ্যাত ছবি পৰিচালকৰ সৈতে। এই কথা পুনম পাণ্ডেই ঘোষণা কৰিছিল যোৱা ১০ ছেপ্টেম্বৰত। বিবাহৰ পিছত এই ছেপ্টেম্বৰতে দুয়োৱে হনীমুনৰ বাবে গৈছিল গোৱা।

কিন্তু গোৱাৰ হোটেলতে হনীমুনত যোৱা পতি-পত্নীৰ লাগে দুৰ্বাদল কাজিয়া। পুনমৰ ভাষাত জন্তুৰ দৰে মাৰপিট কৰিছিল দৰা ছেম বোম্বেই। মাৰপিট এনে পৰ্যায়ৰ আছিল যে হোটেলৰ কোঠাৰ পৰা পুনম দৌৰি ওলাই আহিবলৈ বাধ্য হয় আৰু হোটেল কৰ্তৃপক্ষৰ সহযোগত আৰক্ষী প্ৰশাসনৰ সহায় লব লগা হয়।

পুনমে স্বামী ছেম বোম্বেৰ বিৰুদ্ধে আৰক্ষীক শাৰীৰিক নিৰ্যাতনৰ গোচৰ দিয়ে। এইদৰে অৱশেষত আৰক্ষীৰ হাততে সপোনৰ বিবাহখনৰ ইতিৰেখা পৰে।

You might also like