নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সফলতাৰে ৫টা বছৰ অতিক্ৰম কৰিলে জনপ্ৰিয় আলোচনী আইনা জীৱনৰে

বিশেষ বাৰ্তা, ৬ ফেব্রুৱাৰীঃ উত্তৰ–পূর্বাঞ্চলৰ অভিজাত সংবাদ গোষ্ঠী প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মাহেকীয়া জীৱনশৈলীগত আলোচনী ‘আইনা জীৱনৰ’–এ সম্পূর্ণ কৰিলে পাঁচটা সফল বছৰ৷ আগশাৰীৰ জনপ্ৰিয় আলোচনী আইন জীৱনৰ–এ সামাজিক, সাংস্কৃতিক, ফেশ্বন, ধাৰাবাহিক উপন্যাস, খেল জগতৰ ভিন্ন খবৰ, জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা পুৰোধা ব্যক্তিৰ জীৱন পৰিক্রমাৰ সাক্ষাৎকাৰ, খাদ্য, ভ্রমণ, পর্যটন আদিকে ধৰি বিভিন্ন লেখা পাঠক সমাজলৈ আগবঢ়াই আহিছে৷ তদুপৰি আলোচনীখনৰ পাতত কেইবাগৰাকীও আগশাৰীৰ লেখক, সাহিত্যিকৰ সৃষ্টি প্রকাশ পাইছে৷ একেদৰে বহুসংখ্যক নৱাগত লেখক–লেখিকাৰ বাবে বার্তালোচনীখনে সুযোগ আৰু সম্ভাৱনা কঢ়িয়াই আনিছে৷ ‘আইনা জীৱনৰ’ৰ পঞ্চম বর্ষপূর্তিত সকলো পাঠকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ আলোচনীখনে পাঁচটা বছৰ সম্পূর্ণ কৰাৰ শুভমুহূর্তত আলোচনীখনৰ সকলো সদস্যলৈ শুভেচ্ছা জ্ঞাপন কৰি শর্মাই কয়– ‘ভৱিষ্যতেও পাঠকসকলে আমাক যাতে মৰমেৰে এনেদৰে আঁকোৱালি লয়৷ সুন্দৰ মনোৰঞ্জনৰ বাবে বিশেষ লেখা যাতে আমি পাঠকৰ ওচৰলৈ আগবঢ়াই লৈ যাব পাৰোঁ৷’ ইফালে, আইনা জীৱনৰৰ গৌৰৱোজ্জ্বল পঞ্চম বর্ষপূর্তি উপলক্ষে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত ‘নিউজ লাইভ’ৰ পৰিচালক সম্পাদক চৈয়দ জাৰিৰ হুছেইন আৰু আইনা জীৱনৰৰ অবৈতনিক সম্পাদক তথা মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্তৰ উপস্থিতিত এটা কেক কাটি বর্ষপূর্তি পালন কৰা হয়৷ বর্ষপূর্তিৰ এই সুন্দৰ ক্ষণত উপস্থিত থাকি চৈয়দ জাৰিৰ হুছেইনে আইনা পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ শলাগ লোৱাৰ লগতে আলোচনীখনৰ সফল ভৱিষ্যৎ কামনা কৰে৷ লগতে পার্থসাৰথি মহন্তয়ো আইনাৰ এই সফল পঞ্চম বর্ষপূর্তিত পাঠক সমাজৰ লগতে আলোচনীখনলৈ উৎকৃষ্টমানৰ লেখা আগবঢ়াই এখন সর্বাংগসুন্দৰ আলোচনী প্রকাশ কৰাত সহায় কৰাৰ বাবে লেখক সমাজক ধন্যবাদ জ্ঞাপন কৰে৷ লগতে ক’ভিডৰ পিছত সংকটৰ সন্মুখীন হোৱা ছপা মাধ্যমক উজ্জীৱিত কৰি ৰাখি আলোচনীখন ধাৰাবাহিকভাৱে প্রকাশ কৰাৰ বাবে প্রাইড ইষ্ট কর্তৃপক্ষ তথা ৰিণিকি ভূঞা শর্মাৰ শলাগ লয়৷

You might also like