নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্রিপুৰাত নিৰ্বাচনী প্রচাৰ গৃহমন্ত্রী অমিত শ্বাহ-অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

বিশেষ বাৰ্তা, ৬ ফেব্রুৱাৰীঃ আকর্ষণীয় হৈ পৰিছে ত্রিপুৰা বিধানসভাৰ নির্বাচনী প্রচাৰ অভিযান৷ ১৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগা ভোটগ্রহণৰ বাবে শাসক–বিৰোধীয়ে ৰাজ্যখনত জোৰদাৰ কৰি তুলিছে প্রচাৰ৷ এই প্ৰচাৰৰ মাজতে আজি দুখনকৈ নির্বাচনী সভাত অংশ লয় অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পশ্চিম ত্রিপুৰাৰ বামুটিয়াত এখন নির্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্রী ড০ শর্মাৰকয়– চিপিএম আৰু কংগ্রেছে তেওঁলোকৰ শাসনকালত কেৱল ঘৃণা আৰু হিংসাৰ ৰাজনীতিৰ অনুশীলন কৰিছিল৷ বাঁওপন্থী দলটোৱে তেওঁলোকৰ শাসনকালত হত্যাৰ ৰাজনীতি কৰিলে, সন্ত্রাসৰ ৰাজনীতি কৰিলে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে বিকাশৰ ৰাজনীতি কৰিছে৷ দেশত ক’তো এতিয়া চিপিএম নাই, কংগ্রেছো লাহে লাহে নাইকিয়া হ’বলৈ ধৰিছে৷ এখন নতুন ত্রিপুৰা তুলি ধৰাৰ বাবে বিজেপিয়ে সকলোধৰণৰ পদক্ষেপ লৈছে৷ তেওঁ সমৱেত ৰাইজক উদ্দেশ্যি কয়– এতিয়া আৰু আপোনালোকে চান্দা দিব নালাগে৷ ইয়াৰ বিপৰীতে আপোনালোকক ২০ শতাংশ মৰগীয়া বানচ দিয়া হ’ব৷ আনহাতে, জনজাতীয় লোকসকলক কংগ্রেছ আৰু চিপিএমে বঞ্চনা কৰি অহা বুলি মন্তব্য কৰি তেওঁ কয়– অসমৰ চাহ শ্রমিকসকলে সন্মান কৰি অহা বীৰছা মুণ্ডাৰ জন্মদিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়৷ কিন্তু ত্রিপুৰাত জনজাতীয়সকলক গুৰুত্ব নিদিয়াটো দুর্ভাগ্যজনক৷ ক’ভিডৰ সময়ছোৱাত সাধাৰণ লোকসকলৰ মনত এক শংকাৰ সৃষ্টি হৈছিল যে দৈনন্দিন জীৱন কেনেকৈ চলিব৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিনামূলীয় চাউল বিতৰণকে ধৰি সকলোধৰণৰ সাহায্যৰে দুখীয়াসকলক এনে সংকটকালৰ পৰা উদ্ধাৰ কৰিলে৷ উল্লেখ্য যে আজি মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ ৰামনগৰ সমষ্টিতো আন এখন নির্বাচনী সভাত অংশ লয়৷ আনহাতে ত্ৰিপুৰাত নিৰ্বাচনী প্রচাৰ অভিযান চলায় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ৰাজ্যখনৰ খোৱাই আৰু শান্তিৰবজাৰ সমষ্টিত দুখন নির্বাচনী সভাত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে বিৰোধী চিপিএম আৰু কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লয়৷ অমিত শ্বাহৰ স্পষ্ট অভিযোগ– কমিউনিষ্টসকল অপৰাধী আৰু কংগ্রেছ দুর্নীতিগ্রস্ত৷ এই দুয়োটা দলে ত্রিপুৰাৰ জনসাধাৰণৰ সৈতে খেলিছে৷ কমিউনিষ্টসকলৰ শাসনৰ প্রায় ৩০টা বছৰ, কংগ্রেছৰ ১৫টা বছৰ আৰু বিজেপিৰ ৫ বছৰৰ শাসনৰ দিশসমূহ বিশ্লেষণ কৰিলেই কিদৰে ত্রিপুৰা সলনি হৈছে তাৰ উত্তৰ পাব ৰাজ্যবাসীয়ে৷ ইফালে, চিপিএম আৰু কংগ্রেছৰ মিত্রজোঁটক সমালোচনা কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– কংগ্রেছ আৰু বামপন্থীৰ শাসনকালত মুখ্য বিষয় আছিল কেলেংকাৰি৷ আজি দুয়োটা দল একত্রিত হৈছে৷ কিন্তু দুয়োটা দলে বিৰোধী বিজেপি চৰকাৰৰ বিৰুদ্ধে এটাও কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰিব নোৱাৰে৷ বিগত ৫ বছৰত বিজেপিয়ে এখন স্বচ্ছ চৰকাৰ চলাইছে আৰু দৰিদ্রসকলৰ কল্যাণৰ বাবে কাম কৰিছে৷ ত্রিপুৰাত বিজেপি চৰকাৰৰ শাসনকালত অপৰাধৰ সংখ্যা ৩০ শতাংশলৈ হ্রাস পাইছে৷ আমি কেতিয়াও চিপিএমৰ কর্মীক লক্ষ্য কৰা নাছিলোঁ৷ কিন্তু ২০১৬ বর্ষৰ পৰা ২০১৮ বর্ষৰ ভিতৰত ২৫০জনৰো অধিক বিজেপি কর্মী নিহত হ’বলগা হৈছে৷ মই আপোনালোকৰ সন্মুখত থিয় হৈ গৌৰৱেৰে ক’ব পাৰোঁ যে কমিউনিষ্টসকলৰ ২৭ বছৰীয়া অপশাসন বিজেপিয়ে সলনি কৰিবলৈ সক্ষম হৈছে৷ ২৭ বছৰ ধৰি জনজাতীয় লোকসকলৰ বিৰুদ্ধে যি অত্যাচাৰ চলিছিল, সেয়া বিজেপিয়ে সমাপ্ত কৰিবলৈ সক্ষম হৈছে৷ বিগত ৫ বছৰত ত্রিপুৰালৈ যি শান্তি–সমৃদ্ধি আহিছে সেয়া পর্যাপ্ত নহয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত উন্নয়ন আৰু বিকাশৰ ধাৰা বিজেপিয়ে অব্যাহত ৰাখিব৷

You might also like