নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰত “ৰাঘৱ”ৰ শুভমুক্তি : ঢেকীয়াজুলিত ঘোষণা যতীন বৰাৰ

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি শ্বহীদ নগৰী ঢেকিয়াজুলিৰ মাজমজিয়াত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান তথা শ্ব’পিং ম’ল আচকৰণ বিঞ্জৰাজৰ ৱেডিং ষ্টুডিঅ’ আৰু চুপাৰষ্ট’ৰ মুকলি কৰে৷ আজি অভিনেতাগৰাকী ঢেকিয়াজুলিত উপস্থিত হোৱাৰ পিছতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সন্মুখত গায়ন বায়নেৰে খোল তাল পৰিৱেশন কৰি অভিনেতাগৰাকীক আদৰি আনে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী চন্দন বোথ্ৰা, বিক্ৰম বোথ্ৰা তথা পৰিয়ালবৰ্গৰ লগতে কৰ্মচাৰীসকলে। জনপ্ৰিয় অভিনেতাগৰাকীয়ে পোনপ্ৰথমে গণেশ দেৱতাৰ সেৱা লৈ বন্তি প্ৰজ্বলন কৰি নাৰিকল ভাঙি ঢেকিয়াজুলিৰ বহুল প্ৰচলিত শ্ব’পিং ম’লখনৰ নৱতম সংযোজন মুকলি কৰে ৷ অসমৰ বিভিন্ন ঠাইৰ শ্ব’পিং ম’লতকৈ যেন এইখন কিছু ব্যতিক্ৰম বুলি অনুভৱ ব্যক্ত কৰে অভিনেতা যতিন বৰাই৷তেওঁ লগতে কয় যে, ঢেকিয়াজুলি হেন এখন সুন্দৰ ঠাইত এইখন শ্বপিং ম’ল যেন সোণত সোৱগা চৰাইছে ৷শিশুৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ লোকৰ বাবে বিভিন্ন ধৰণৰ অত্যাধুনিক ফেশ্বনযুক্ত সাজপাৰৰ শ্ব’পিং ম’লখনত উপস্থিত হৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰি খুবেই আনন্দিত বুলি নিজা অনুভৱ ব্যক্ত কৰে ৷ অভিনেতাগৰাকীয়ে লগতে সংবাদমাধ্যমত জনায় যে তেওঁ পৰিচালনা আৰু অভিনয় কৰা নতুন অসমীয়া বোলছবি “ৰাঘৱ”-এ মুক্তি লাভ কৰিব অহা অক্টোবৰ মাহত। ৰাঘৱৰ সংগীত পৰিচালনা কৰিছে অসমবাসীৰ হাৰ্টথ্ৰৱ সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। ৰাঘৱৰ শ্বুটিঙৰ বাবে কেইদিনমান পিছতে প্ৰকৃতিৰ ভূস্বৰ্গ কাশ্মীৰলৈ যাব অভিনেতা যতীন বৰা । ৰাঘৱৰ প’ষ্ট প্ৰডাকচনৰ কাম চলি আছে ৷ পূৰ্বে ৰাম’জি ফিল্ম চিটিত ৰাঘৱৰ শ্বুটিং কৰা হৈছিল ৷ অসমৰ বিভিন্ন প্ৰান্তত ৰাঘৱৰ শ্বুটিং সম্পূৰ্ণ কৰা হ’ল৷ পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰা চিনেমা হ’ব ৰাঘৱ। ভাল লাগিছে এইবাবেই যে মই বিচৰা ধৰণেই ৰাঘৱ নিৰ্মাণ হৈছে এইবুলি ঢেকিয়াজুলিৰ শ্বপিং ম’ল আচকৰণ বিঞ্জৰাজৰ ৱেডিং ষ্টুডিঅ’ আৰু চুপাৰষ্ট’ৰ মুকলি কৰি এনেদৰে অনুভৱ ব্যক্ত কৰে যতীন বৰাই৷ ঢেকিয়াজুলিৰ জনপ্ৰিয় ব্যৱসায়িক প্ৰতিষ্ঠান আচকৰণ বিঞ্জৰাজৰ নৱতম সংযোজন ৱেডিং ষ্টুডিঅ’ আৰু চুপাৰষ্ট’ৰ মুকলি অনুষ্ঠানত ইণ্ডলেণ্ড ৱাটাৰ ৰেগুলেটৰী অথ’ৰিটি গুৱাহাটীৰ মেম্বাৰ চন্দ্ৰকমল ভূঞা আমন্ত্ৰণক্ৰমে অভিনেতা যতীন বৰাৰ পিছতে আন এগৰাকী বন্তি প্ৰজ্বলক হিচাপে উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰে ৷ শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাটাছ ওৰাঙেও বন্তি প্ৰজ্বলন কৰি  প্ৰতিষ্ঠানখনৰ পদক্ষেপৰ শলাগ লয় ৷ইণ্ডলেণ্ড ৱাটাৰ ৰেগুলেটৰী অথ’ৰিটি গুৱাহাটীৰ মেম্বাৰ ঢেকিয়াজুলিৰ সু সন্তান চন্দ্ৰকমল ভূঞাই অনুুুুভৱ ব্যক্ত কৰি কয় যে সৰুৰে পৰাই এইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই সকলোৱে মনপচণ্ডৰ কাপোৰ কিনি আহিছিল৷ আজি এইখন আচকৰণ বিঞ্জৰাজে ইমান সুন্দৰকৈ শ্ব’পিং ম’লখন নিৰ্মাণ কৰি সকলোৰে বাবে প্ৰয়োজনীয় সাজ পাৰ সকলোৰে বাবে প্ৰযোজ্য দামত আগবঢ়াইছে৷ এয়া ঢেকিয়াজুলিবাসীৰ বাবে অতিকৈ ভাল খবৰ বুলি কৈ শ্ব’পিং ম’লখনৰ স্বত্বাধিকাৰীৰ শলাগ লয় ৷ আনহাতে আজি সন্ধিয়া আচকৰণ বিঞ্জৰাজৰ আমন্ত্ৰণ ক্ৰমে শ্ব’পিং ম’লখনত উপস্থিত হয় অসমৰ এগৰাকী জনপ্ৰিয় নৃত্যশিল্পী তথা অভিনেত্ৰী শ্যামন্তিকা শৰ্মা৷ অভিনেত্ৰী শ্যামন্তিকা শৰ্মাক শ্ব’পিং ম’লখনলৈ আদৰি আনে স্বত্বাধিকাৰী সমন্বিতে কৰ্মচাৰীবৃন্দই ৷ সন্ধিয়া ভাগত অনুষ্ঠিত বিহু নৃত্যৰ লগতে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰি শ্ব’পিং ম’লখনত উপস্থিত হৈ খুবেই আনন্দিত বুলি জনায় অভিনেত্ৰীগৰাকীয়ে ৷ আচকৰণ বিঞ্জৰাজ শ্ব’পিং ম’লৰ স্বত্বাধিকাৰী চন্দন বোথ্ৰা আৰু বিক্ৰম বোথ্ৰাৰ লগতে পৰিয়ালবৰ্গই তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু শ্যামন্তিকা শৰ্মা শ্ব’পিং ম’লখনত উপস্থিত হৈ ৱেডিং ষ্টুডিঅ’ আৰু চুপাৰষ্ট’ৰ মুকলি কৰাৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা বাবে অভিনেতাগৰাকীৰ লগতে অভিনেত্ৰীগৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰে ৷
প্ৰেৰক কল্পজ্যোতি নাথ

You might also like