নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত আত্মসহায়ক গোটলৈ ঋণ প্ৰদান অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ “মহিলাসকল যাতে আত্মনিৰ্ভৰশীল হব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰিছে৷ আৰু ইয়াৰ বাবেই আজি ৰাজ্যৰ আত্মসহায়ক গোটসমূহে এক গতি লাভ কৰিছে৷” এই মন্তব্য কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালীৰ উদ্যোগত বজালীৰ জালিখাটা শিৱধামত সামূহিক বিনিয়োগ পুঁজি আৰু ঋণ প্ৰদান অনুষ্ঠানত বিভিন্ন আত্মসহায়ক গোটলৈ ঋণ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে এই অনুষ্ঠানৰ জৰিয়তে ২০২২-২৩ বৰ্ষৰ ৫৪০ টা আত্মসহায়ক গোটক ২০ কোটি ৬০ লাখ ৬২ হাজাৰ টকাৰ বেংক ঋণ প্ৰদান কৰা হৈছে৷ আনহাতে, সামূহিক পুঁজিৰ বাবদ ৮৩৮ গোটক ৪ কোটি ১৯ লাখ টকা প্ৰদান কৰা হৈছে৷ অৰ্থাৎ আজি বিতৰণ কৰা এই পৰিমাণৰ সৈতে ২০২২-২৩ বিত্তীয় বৰ্ষত সৰ্বমুঠ ২৪ কোটি ৭৯ লাখ ৬২ হাজাৰ টকা প্ৰদান কৰি আত্মসহায়ক গোটৰ মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ লগতে দেশৰ অৰ্থনীতিত অংশীদাৰিত্ব আগবঢ়াবৰ বাবেও মন্ত্ৰী দাসে আহ্বান জনায়৷ অনুষ্ঠানত বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদী, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, বজালী আঞ্চলিক পঞ্চায়তৰ সভাপতি মনোজ ডেকা, বিজেপিৰ পাটাছাৰকুছি মণ্ডলৰ সভাপতি চন্দ্ৰ কুমাৰ ৰয়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, বজালী জিলাৰ প্ৰৱন্ধক চন্দন তালুকদাৰ সমন্বিতে লোকসকল উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like