নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি ফলে বঢ়াই ৰোগ প্ৰতিৰোধ ক্ষমতা, শিল্পাই দিলে পৰামৰ্শ

বলীউডৰ ফিটনেছ কুইন শিল্পা ছেট্টিৰ স্বাস্থ্য সচেতনতা কিমান সেয়া আৰু কোৱাৰ প্ৰয়োজন নাই। তেওঁৰ ইনষ্টাগ্রাম প্রফাইলত যোগাভ্যাস তথা সুষম খাদ্য সম্পর্কে অনুপ্রেৰণামূলক হাজাৰ ভিডিঅ’ আৰু পোষ্ট আছে। শেহতীয়াকৈ, অভিনেত্রীগৰাকীয়ে নিজৰ বাগানৰ পৰা ফল বুটলা এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে। কেপছনত লিখিছে- সকলোৱে জানে ফল তোলাৰ প্রতি মোৰ কিমান আগ্রহ। মই আৰু নিজেকে বান্ধি ৰাখিব নোৱাৰিলো। নিজৰ বাগানৰ পৰা কিছু ফল গোটাই আনিলো।


শিল্পাই ফল তোলাৰ সৰল আনন্দৰ কথা কোৱাৰ লগতে এই ফল খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় সেই কথাও কৈ গ’ল। তেওঁ কৰ্দৈ টেঙাৰ কথা ক’লে। কৰ্দৈ ভিটামিন চিৰ এটি দুর্দান্ত উৎস তথা শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। অৱশ্যে, কিডনী সম্পর্কীয় অসুস্থতা থাকিলে এই ফল এৰাই চলিবলৈও সতর্ক কৰিছে অভিনেত্রীগৰাকীয়ে।

জানো আহক কৰ্দৈৰ গুণাগুণ-

ডায়বেটিছ, কোলেষ্টৰেল, হাইপাৰটেনছন ইত্যাদি নিয়ন্ত্ৰণত কৰ্দৈৰ ৰস যথেষ্ট উপকাৰী।

কৰ্দৈ ভিটামিন বি৯ অর্থাৎ ফলিক এচিডৰ ভঁড়াল। হার্ট এটেকৰ আশংকা কমায়।

কোলেষ্টৰেলৰ সমস্যা থাকিলে খাদ্য তালিকাত অৱশ্যেই ৰাখিব লাগে এইবিধ ফল।

কৰ্দৈত এলাজিক এচিড প্ৰচুৰ থাকে, এই উপাদানে খাদ্যনলীৰ কেন্সাৰ প্রতিৰোধতো সহায় কৰে।

শীতৰ বতৰত চর্দি-কাহ দূৰ কৰিবলৈও খুবেই উপকাৰী কৰ্দৈ। কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলেও এই ফল খাব পাৰে।

কৰ্দৈ চুলি আৰু ছালৰ উজ্জ্বলতা ওভোতাই অনাতো সহায়ক।

ব্রণৰ সমস্যা দূৰ কৰিবলৈ কৰ্দৈ বৰ উপকাৰী।

মনত ৰাখিব
খালী পেটত কেতিয়াও কৰ্দৈ নাখাব।
ডায়েৰিয়া হ’লে কৰ্দৈ নাখাব।

You might also like